অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বকুল দেৱী

বকুল দেৱী (তেলুগু: వకుళా దేవి, ৰোমানীকৃত: Vakuḷā dēvi, সংস্কৃত: वकुलदेवी, ৰোমানীকৃত: Vakuladevī) বিষ্ণুৰ এটা অৱতাৰ হিন্দু দেৱতা ভেংকটেশ্বৰৰ পোষক-মাতৃ। তিৰুমালাৰ কিংবদন্তি অনুসৰি বকুলা দেৱীৰ আখ্যান দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছে।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বকুল দেৱী (তেলুগু: వకుళా దేవి, ৰোমানীকৃত: Vakuḷā dēvi, সংস্কৃত ভাষা: वकुलदेवी, ৰোমানীকৃত: Vakuladevī) বিষ্ণুৰ এটা অৱতাৰ হিন্দু দেৱতা ভেংকটেশ্বৰৰ পোষক-মাতৃ। তিৰুমালাৰ কিংবদন্তি অনুসৰি বকুলা দেৱীৰ আখ্যান দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছে। কিংবদন্তি অনুসৰি বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ সৈতে লক্ষ্মীৰ অৱতাৰ ৰুক্মিণীৰ বিবাহ দেখাৰ সৌভাগ্য লাভ নকৰিব বাবে পোষক মাতৃ যশোদাই তেওঁক অভিযোগ কৰিছিল। এই কথাত কৃষ্ণই মাতৃক আশ্বাস দিয়ে যে কলিযুগত লক্ষ্মীৰ এটা অৱতাৰৰ সৈতে তেওঁৰ বিবাহ চাবলৈ যশোদাই সুযোগ লাভ কৰিব।

কলিযুগত বিষ্ণুৱে ভেংকটেশ্বৰৰ ৰূপত অৱতাৰ গ্ৰহণ কৰে১ আৰু কৃষ্ণৰ পোষক মাতৃ যশোদায়ো ভেংকটেশ্বৰৰ পোষক মাতৃ বকুল দেৱী হিচাপে পুনৰ জনম লাভ কৰে। কৃষ্ণই দিয়া প্ৰতিশ্ৰুতি অনুসৰি আকাশ ৰজা আৰু ৰাণী ধৰণীৰ কন্যা লক্ষ্মীৰ অৱতাৰ পদ্মাৱতীৰ২ সৈতে ভেংকটেশ্বৰৰ বিয়াৰ ব্যৱস্থা কৰা হয়।৩

বকুল দেৱী মন্দিৰ, তিৰুপতি

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চহৰত বকুল দেৱীৰ মন্দিৰ আছে। ৩০০০ খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠা হোৱাৰ তিৰুপতি চহৰত ৫০০০ বছৰ আগতে এই মন্দৰটো নিৰ্মাণ কৰা হৈছিল আৰু ৩০০ বছৰ আগতে ১৭ শতিকাত ইয়াক ধ্বংস কৰা হৈছিল৪ আৰু ২০১১ খ্ৰীষ্টাব্দৰ পৰা ২০২২ খ্ৰীষ্টাব্দৰ ভিতৰত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। তিৰুমালাৰ পৰা ১০ কিলোমিটাৰ আৰু তিৰুচানুৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰটোৰ বাবে ৫০ একৰ মাটি উচৰ্গা কৰা হৈছে। এই মন্দিৰটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যে বকুল দেৱীৰ মুখখন সাতটা পাহাৰৰ ফালে মুখ কৰি থাকে, য’ত তেওঁৰ পোষক পুত্ৰ ভেংকটেশ্বৰ বাস কৰে।

তিৰুমালাত ভেংকটেশ্বৰৰ আগতে প্ৰথমে বকুলা দেৱীক নৈবদ্য অৰ্পণ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃ. 291. ISBN 978-0-14-341421-6
  2. ↑ South India handbook: the travel guide by Robert Bradnock, Roma Bradnock
  3. ↑ Bhaduri, Ayushi. (2021-12-29). 21 Unique Stories of Hindu Mythology. StoryMirror Infotech Pvt Ltd. পৃ. 39. ISBN 978-93-92661-20-4
  4. ↑ Vakula matha temple - Tirupathi

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকুল দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৬৭৫৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।