শ্বেখ বা মেলিক ফাক্ৰেদিন (ইংৰাজী ভাষা: Şêx Fexredîn, Melik Fexredîn) হৈছে য়াজিদীবাদত উপাসনা কৰা এগৰাকী পবিত্ৰ সত্তা। তেওঁক সাতগৰাকী ঐশ্বৰিক সত্তাৰ ভিতৰত এজন বুলি গণ্য কৰা হয়, যাৰ ওপৰত ভগৱানে পৃথিৱীৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে। তেওঁৰ পাৰ্থিৱ অৱতাৰক নাচিৰদিন, শ্বেখ শ্বেমচ আৰু চেজাদিনৰ সৈতে এজদিনা মীৰৰ চাৰিজন পুত্ৰৰ এজন বুলি গণ্য কৰা হয়, যিসকল চাৰিটা শ্বেখ বংশৰ আদিপুৰুষ আৰু তেওঁলোকক দেৱদূতৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। ফাক্ৰেদিনক চন্দ্ৰৰ মূৰ্তমান ৰূপ বুলি গণ্য কৰা হয়, আনহাতে তেওঁৰ ভাতৃ শ্বেখ শ্বেমচ হৈছে সূৰ্যৰ মূৰ্তমান ৰূপ।১২
য়াজিদী ধৰ্মৰ বহুতো কিউৱেল (পবিত্ৰ স্তোত্ৰ) ফাক্ৰেদিনৰ নামত উৎসৰ্গিত।৩
জীৱনী
শ্বেখ ফাক্ৰেদিন আছিল ১২ শতিকাৰ এজন য়াজিদী কবি, দাৰ্শনিক আৰু পণ্ডিত। তেওঁ বহুতো কবিতা ৰচনা কৰিছিল যিবোৰ আজিও য়াজিদীসকলৰ মাজত পবিত্ৰ স্তোত্ৰ বা 'কিউৱেল' হিচাপে আবৃত্তি কৰা হয়। য়াজিদী ধৰ্মগুৰুসকলৰ মতে, ফাক্ৰেদিনে ১১,০০০ কিউৱেল আৰু বেত ৰচনা কৰিছিল বুলি কোৱা হয়, যাৰ ভিতৰত ধৰ্মীয় নিৰ্যাতন আৰু গণহত্যাৰ বাবে বৰ্তমান মাত্ৰ ২০০ মানহে ৰৈ গৈছে।৪
পৰিয়াল
ফাক্ৰেদিনৰ পিতৃ এজদিনা মীৰ আছিল ১২ শতিকাৰ এজন প্ৰভাৱশালী ৰাজকুমাৰ যিয়ে তেওঁৰ পত্নী চিটিয়া জিন আৰু চিটিয়া এৰেবৰ সৈতে য়াজিদীসকলক শাসন কৰিছিল। এজদিনা মীৰ আছিল য়াজিদী সন্ত শ্বেখ শ্বেমচ, শ্বেখ ফাক্ৰেদিন, শ্বেখ নাচিৰদিন আৰু শ্বেখ চেজাদিনৰ পিতৃ। গতিকে তেওঁ সকলো শ্বামচানীৰ আদিপুৰুষ।৫
শ্বেখ ফাক্ৰেদিনৰ তিনিজন পুত্ৰ আৰু এজনী জীয়ৰী আছিল। তেওঁৰ পুত্ৰসকল আছিল শ্বেখ বেদিৰ, শ্বেখ আকুব আৰু আটাইতকৈ ডাঙৰ শ্বেখ মেণ্ড। শ্বেখ মেণ্ড এজন গুৰুত্বপূৰ্ণ য়াজিদী সন্ত যিয়ে কিলিচ আমিৰাতৰ শাসক হৈছিল আৰু আজি য়াজিদী ধৰ্মত তেওঁক সাঁপৰ প্ৰভু হিচাপে উপস্থাপন কৰা হয়।৫
আইন চিফনীত শ্বেখ মেণ্ডৰ নামত উৎসৰ্গিত এটা মাজাৰ আছে। ফাক্ৰেদিনৰ জীয়ৰী আছিল খাতুনা ফাক্ৰা, যি গৰাকী এগৰাকী মহিলা য়াজিদী সন্ত। তেওঁক জন্ম, গৰ্ভৱতী মহিলা আৰু উৰ্বৰতাৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। য়াজিদী মহিলাসকলে তেওঁৰ সন্মানত বছৰত এবাৰ উপবাস কৰে। তেওঁলোকৰ বংশধৰসকল আজিও জীৱিত আৰু তেওঁলোকে শ্বামচানীসকলৰ ভিতৰত নিজাকৈ এটা শ্বেখ গোট গঠন কৰে। য়াজিদীসকলৰ বৰ্তমানৰ আধ্যাত্মিক নেতা বা 'বাবা শ্বেখ' ফাক্ৰেদিনৰ বংশৰ হ'ব লাগে।৬ বৰ্তমানৰ বাবা শ্বেখ হ'ল শ্বেখ আলী ইলিয়াচ।
লগতে চাওক
- কুৰ্টিশ পণ্ডিতসকলৰ তালিকা
- কুৰ্টিশ দাৰ্শনিকসকলৰ তালিকা
তথ্যসূত্ৰ
- ↑ Kreyenbroek, Philip G. (1995). Yezidism--its Background, Observances, and Textual Tradition. E. Mellen Press. ISBN 978-0-7734-9004-8
- ↑ Kreyenbroek, Philip. (2005). God and Sheikh Adi are perfect: sacred poems and religious narratives from the Yezidi tradition. Harrassowitz Verlag. ISBN 978-3-447-05300-6
- ↑ Kreyenbroek, Philip. (2005). God and Sheikh Adi are perfect: sacred poems and religious narratives from the Yezidi tradition. Harrassowitz. ISBN 978-3-447-05300-6
- ↑ Şêx Fexrê Adiyan: Fîlosof û xasê ola Êzdiyatiyê. bnk.institutkurde.org. পৃ. 9
- ↑ Diar Khalaf and Hayri Demir. 2013. Mythos und Legende der Shex Mend und das Symbol der Schlange (in German)
- ↑ Kreyenbroek, Philip G. (1995). Yezidism: its background, observances and textual tradition. E. Mellen. ISBN 0-7734-9004-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাক্ৰেদিন” প্ৰবন্ধৰ সংশোধন ৫৮৯১৭০ (১৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।