ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
থাউমাছ
থাউমাছ অথবা থাউমান্ট (গ্ৰীক: Θαύμας) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এজন সমুদ্ৰ দেৱতা। তেওঁ পণ্টাছ আৰু গাইয়াৰ পুত্ৰ আছিল আৰু নেৰেউছ, ফৰ্কিছ, চেটো আৰু ইউৰিবিয়াৰ সহোদৰ আছিল।
-
থিচিয়াছ আঙঠি
থিচিয়াছ আঙঠি (Theseus Ring) খ্ৰীষ্টপূৰ্ব ১৫শ শতিকাৰ এটা সোণৰ ছিগনেট আঙঠি, যাৰ সৃষ্টি মাইচিনিয়ান যুগত হৈছিল যদিও ইয়াৰ কলাশৈলী মিনোৱান শিল্পৰ দৰে। আঙুঠিখন সোণৰে নিৰ্মিত আৰু ইয়াৰ আকাৰ ২.৭ x ১.৮ ছেঃমিঃ।
-
থিয়েন ৱাই এ না
থিয়েন ৱাই এ না (Thiên Y A Na) এগৰাকী ভিয়েটনামী লোকদেৱী। তেওঁক ভিয়েটনামৰ লোক ধৰ্মত উপাসনা কৰা হয়। দাও মাও ধৰ্মৰ সৈতে জড়িত দেৱী থিয়েন ৱাই এ নাক লেডি পো নগৰ বা পো নগৰৰ দেৱী বুলিও কোৱা হয়।
-
থেইয়া (অপেশ্বৰী)
থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia, আক্ষৰিক অৰ্থ: 'ঈশ্বৰ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তিনি হাজাৰ সামুদ্ৰিক নিম্ফৰ (অপেশ্বৰী) ভিতৰত অন্যতম৷ তেওঁ টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা আৰু চাৰ্কোপেছৰ মাতৃ।
-
দক্ষিণা স্তুপ
দক্ষিণা স্তুপ খ্ৰীষ্টপূৰ্ব ২য় শতিকাত নিৰ্মিত শ্ৰীলংকাৰ অনুৰাধাপুৰাত অৱস্থিত এটা বৃহৎ ইটাৰ স্তুপ। পূৰ্বতে ৰজা এলাৰাৰ স্মৃতিসৌধ বুলি ভবা হৈছিল, পিছলৈ ইয়াক স্তুপৰ দক্ষিণ আৰু পশ্চিম বহলকাদৰ মাজৰ মাটিৰপৰা উদ্ধাৰ কৰা তৃতীয় শতিকাৰ খ্ৰীষ্টপূৰ্বৰ ব্ৰাহ্মী শিলালিপিৰ সহায়ত সেনৰাথ পৰনাভিথানে প্ৰাচীন ডাকিনি…
-
দক্ষৰ কন্যাৰ তালিকা
হিন্দু ধৰ্মত দক্ষ এজন প্ৰজাপতি, আৰু সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মৰ পুত্ৰ৷ হিন্দু সাহিত্যত আছিকনী আৰু প্ৰসূতি দুয়োকে দক্ষৰ পত্নীৰ নাম বুলি চিনাক্ত কৰা হৈছে। দক্ষৰ কিছুমান উল্লেখযোগ্য কন্যাৰ ভিতৰত আদিত্যৰ মাতৃ অদিতি, দৈত্যৰ মাতৃ দিতি, দানৱৰ মাতৃ দনু, যজ্ঞৰ দেৱী আৰু অগ্নিৰ পত্নী স্বাহা আৰু শিৱৰ প্ৰথম…
-
দব্বা মল্লপুত্ত
দব্বা মল্লপুত্ত (পালি; সংস্কৃত: দ্ৰাব্য মল্লপুত্ৰ) গৌতম বুদ্ধৰ শিষ্য আছিল, বিশেষভাৱে তেওঁৰ যৌৱনকাল আৰু সংঘৰ সেৱাৰ বাবে বিশিষ্ট। সাত বছৰ বয়সত তেওঁ অৰ্হত হৈ পৰে আৰু প্ৰাথমিক বৌদ্ধ সম্প্ৰদায়ত সন্ন্যাসী হিচাপে গ্ৰহণ কৰা হয়। বিভিন্ন ধৰণৰ অলৌকিক ক্ষমতা প্ৰদৰ্শন কৰি কম বয়সতে তেওঁৰ মৃত্যু হয়।
-
দশৰথ জাতক
দশৰথ জাতক হৈছে গৌতম বুদ্ধৰ পূৰ্বৰ জীৱনৰ বিষয়ে বৌদ্ধ সাহিত্যত পোৱা এক জাতক কাহিনী। পালি কেননৰ সুত্ত পিটকৰ খুদ্দাকা নিকায়াত ইয়াক ৪৬১সংখ্যক জাতক কাহিনী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই কাহিনী প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত গঢ় লৈ উঠিছে।
-
দিশানী
দিশানী (ইংৰাজী: Disani) ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ আগতে নুৰিস্তানী জনগোষ্ঠীয়ে উপাসনা কৰা এগৰাকী দেৱী। নুৰিস্তানৰ জনসাধাৰণৰ বাবে তেওঁক স্থলজ জগতত বাস কৰা, সোণৰ মালা পৰিধান কৰা নাৰীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। পাহাৰৰ ঢালত থকা বেদীত তেওঁলৈ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী আগবঢ়োৱা হৈছিল।
-
দেওপানী দুৰ্গা মন্দিৰ
দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ।
-
দেশ অনুসৰি হিন্দু ধৰ্ম
হিন্দু ধৰ্মৰ বিশ্বজুৰি প্ৰায় ১.২ বিলিয়ন (১২০ কোটি) অনুগামী আছে, যি বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯% প্ৰতিনিধিত্ব কৰে। ২০১২ চনত খ্ৰীষ্টান ধৰ্ম (৩১.৫%) আৰু ইছলাম ধৰ্ম (২৩.২%) তথা ধৰ্মহীন লোকসকলৰ (১৬.৩%) পিছতে হিন্দু ধৰ্ম (১৫%) আছিল বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম।
-
দেৱনাগৰী ক
ক (क) (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓, যি গুপ্ত লিপিৰ আখৰ হিচাপে অলপ সলনি হৈ দেৱনাগৰী কৰ ৰূপ ল'লে। ইয়াৰপৰা উদ্ভৱ হোৱা আখৰ গুজৰাটী (ક) আৰু মোদী ক।
-
দেৱনাগৰী খ
খ (ख) (खवर्ण খৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ দ্বিতীয় আখৰ।
-
দেৱনাৰায়ণ
দেৱনাৰায়ণ (Devnarayan) ভাৰতৰ ৰাজস্থানৰ এজন লোকদেৱতা। তেওঁ বিষ্ণুৰ অৱতাৰ আছিল আৰু তেওঁক বেছিভাগেই ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত পূজা কৰা হয়। পৰম্পৰা অনুসৰি ৯৬৮ চনৰ বিক্ৰম সংভাত (৯১১ খ্ৰীষ্টাব্দ)ত হিন্দু পঞ্জিকাৰ মাঘ মাহৰ উজ্জ্বল অৰ্ধ (শুকল সপ্তমী)ৰ সপ্তম দিনা শ্ৰী সৱৈ ভোজ আৰু সদু মাতা ৰ…
-
দেৱল দেৱী
দেৱল দেৱী (Deval Devi) গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়ৰী আছিল। ১৩০৮ খ্ৰীষ্টাব্দত তেওঁৰ আলাউদ্দিন খিলজীৰ জ্যেষ্ঠ পুত্ৰ খিজিৰ খানৰ সৈতে বিবাহ হয়। আঠ বছৰ পিছত খিজিৰ খাঁক তেওঁৰ ভাতৃ মুবাৰক শ্বাহে (১৩১৬-২০) মৃত্যুদণ্ড দিয়ে আৰু দেৱল দেৱীক নিজৰ হাৰেমলৈ লৈ যায়।
-
দেৱসেনা
দেৱসেনা (देवसेना) এগৰাকী হিন্দু দেৱী৷ তেওঁ কাৰ্তিকৰ সহধৰ্মিনী আছিল। দক্ষিণ-ভাৰতীয় গ্ৰন্থবোৰত তেওঁক দেবানী, দিবানী বা দিব্যানী বুলি জনা যায়। তেওঁৰ নামটোক তেবানী বা তেব্যানী (Teyvāṉai) বুলিও বৰ্ণনা কৰা হৈছে।
-
দেৱী (গডেচ)
দেৱী (ইংৰাজী: Goddess) হ’ল এগৰাকী মহিলা উপাস্য বা দেৱতাৰ বিপৰীত লিংগ। কিছুমান ধৰ্মত ধৰ্মীয় প্ৰাৰ্থনা আৰু উপাসনাৰ ক্ষেত্ৰত এগৰাকী পবিত্ৰ নাৰী মূৰ্তিয়ে কেন্দ্ৰীয় স্থান দখল কৰে।
-
দেৱী কন্যা কুমাৰী
দেৱী কন্যা কুমাৰী (সংস্কৃত: देवी कन्या कुमारि, ৰোমানীকৃত: Dēvi Kanyā Kumāri) মহাদেৱীক কিশোৰী ছোৱালীৰ ৰূপত উপস্থাপন কৰা এগৰাকী হিন্দু দেৱী। হিন্দু ধৰ্মৰ বিভিন্ন পৰম্পৰাত তেওঁক পাৰ্বতী অথবা লক্ষ্মীৰ কিশোৰী ৰূপ বুলিও বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে।
-
দ্যৌষ্পিতৃ
দ্যৌষ, বা দ্যৌষ্পিতৃ ঋগবেদত উল্লিখিত আকাশৰ দেৱতা। তেওঁৰ পত্নী পৃথিৱী। দুয়োৱে মূল-ৰূপ পিতৃ-মাতৃ।
-
দ্ৰাবিড় লোক ধৰ্ম
দ্ৰাবিড় লোক ধৰ্ম হৈছে দক্ষিণ ভাৰত তথা অন্য দ্ৰাবিড়ীয় ভাষাভাষী অঞ্চলৰ প্ৰকৃতি বা গাঁও-জীৱনৰ ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ এক পৰম্পৰাৰ পৰিয়াল। ই সাধাৰণতে হিন্দু ধৰ্মৰ অ-বৈদিক অংশৰূপে বিবেচিত হয়।
-
দ্ৰুক
দ্ৰুক (ইংৰাজী: Druk, মানক তিব্বতী: འབྲུག, জংখা: འབྲུག་) তিব্বত আৰু ভূটানৰ পৌৰাণিক কাহিনীৰ "বজ্ৰপাতৰ ড্ৰেগন" আৰু ভূটানৰ জাতীয় প্ৰতীক। ভূটানৰ পতাকাত ধন-সম্পত্তিৰ প্ৰতিনিধিত্ব কৰা ৰত্ন হাতত লৈ থকা এজন দ্ৰুকৰ ছবি অংকন কৰা হয়।
-
দৰ্শনত নাৰী
মহিলাসকলে দৰ্শনৰ ইতিহাস জুৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। প্ৰাচীন যুগৰ মহিলা দাৰ্শনিকসকলৰ ভিতৰত আছিল মৈত্ৰেয়ী (খ্ৰীষ্টপূৰ্ব ১০০০), গাৰ্গী বাচক্নবী (খ্ৰীষ্টপূৰ্ব ৭০০), হিপাৰ্কিয়া অৱ মাৰোনেইয়া (প্ৰায় খ্ৰীষ্টপূৰ্ব ৩২৫ চনৰ সময়ছোৱা) আৰু আৰেটে অৱ চাইৰেন (খ্ৰীষ্টপূৰ্ব পঞ্চম–চতুৰ্থ শতিকাৰ…
-
ধদু মোনৰা
ধদু মোনৰা (ඩණ්ඩු මෝනර) বা ডাণ্ডু মোনৰা শ্ৰীলংকাৰ পৌৰাণিক কাহিনীত উল্লিখিত এক উৰন্ত যান, যাক ৰাৱণে ব্যৱহাৰ কৰিছিল বুলি জনবিশ্বাস আছে। কিছুমান মতে, এই যান পুষ্পক বিমানৰ এক বিকল্প আছিল। শ্ৰীলংকাৰ কিছুমান স্থলীয় উপকথাত ইয়াক ৰাৱণে নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
-
ধোন চোলেচা
ধোন চোলেচা (নেপালী: धोन चोलेचा) এজনী কণমানি ছোৱালী আৰু এগৰাকী বৃদ্ধ নেনী ছাগলীৰ নেপালী সাধুকথা। কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সমাজৰ এয়া আটাইতকৈ পৰিচিত শিশু কাহিনী। এই সাধুটোত পুন্থখু মৈঞ্চা (पुन्थखु मैंचा) নামৰ এগৰাকী কণমানি ছোৱালী আৰু তাইৰ নিষ্ঠুৰ মাহী মাকে তাইক কৰা বেয়া ব্যৱহাৰৰ বিষয়ে কোৱা হৈছে।
-
ধৰ্মদাস
ধৰ্মদাস আছিল এজন ভাৰতীয় সাধু, ভোজপুৰী ভাষাৰ কবি আৰু কবীৰৰ অন্যতম শিষ্য। কোৱা হয় যে কবীৰৰ শিষ্য হোৱাৰ পিছত তেওঁ নিজৰ সকলো ধন-সম্পত্তি ত্যাগ কৰিছিল।ধৰ্মদাসৰ অনুগামীসকলক ধৰ্মদাসী বুলি জনা যায়।
-
নংথাং লেইমা
নোমথাং লেইমা হৈছে প্ৰলোভন, বজ্ৰপাত আৰু বিজুলীৰ দেৱী। হাৰাবা (পাখাংবা)ক আকৰ্ষণ কৰিবলৈ আটিংককে (বা ছালাইলেনে) তেওঁক সৃষ্টি কৰিছিল।আদিম জগতৰ বিশৃংখলতাত তেওঁ বজ্ৰপাত আৰু বিজুলী আয়ত্ত কৰিছিল। তেওঁ প্ৰথম বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ বিশৃংখলতাক সীমিত কৰি সৃষ্টিক সহায় কৰে।
-
নংশ্বাবা
নংশ্বাবা (Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ। তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।
-
নন্দক
নন্দক (नन्दक) বা নন্দকী হৈছে হিন্দুসকলৰ ত্ৰিদেৱৰ অন্যতম দেৱতা বিষ্ণুৰ তৰোৱাল। সাধাৰণতে বিষ্ণুক তেওঁৰ সচৰাচৰ চতুৰ্ভুজতকৈ অধিক হাতৰ সৈতে প্ৰতিনিধিত্ব কৰা চিত্ৰত নন্দকক চিত্ৰিত কৰা হয়। হিন্দু শাস্ত্ৰত তৰোৱালক জ্ঞানৰ লগত তুলনা কৰা হৈছে।
-
নাং কোৱাক
নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
-
নাইনী দেৱী
নাইনী, নাগনী বা নাগিনা দেৱী (ইংৰাজী: Naiṇī, Nāgnī বা Nāginā Devī) ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল হিমালয় অঞ্চলৰ পিণ্ডাৰ নদী উপত্যকাৰ নগৰাকী দেৱী অথবা মাতৃৰ নাম৷ এই দেৱী সকলক ৰূপ সলনি কৰিব পৰা নাগ বুসি গণ্য কৰা হয়।