প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰটো (triangular theory of love) ৰ’বাৰ্ট জেফ্ৰ’ ষ্টাৰ্ণবাৰ্গ (জন্ম ১৯৪৯-) নামৰ মাৰ্কিন মনস্তত্ববিদজনে আগবঢ়োৱা প্ৰেমৰ সূত্ৰ৷ ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ অনুসৰি ব্যক্তিগত প্ৰেমৰ বাবে প্ৰয়োজনীয় উপাদান তিনিটা হৈছে অন্তৰংগতা, শাৰীৰিক আকৰ্ষণ আৰু অংগীকাৰ।১
- অন্তৰংগতা (intimacy) - আসক্তি, ঘনিষ্ঠতা, সংযোগ আৰু বান্ধোনৰ অনুভৱ।
- অনুৰাগ (শাৰীৰিক আকৰ্ষণ) (passion) - মৰমৰ বিনিময়ত মৰম পোৱাৰ হেঁপাহ আৰু যৌন আকৰ্ষণ।
- অংগীকাৰ/প্ৰতিশ্ৰুতি (commitment) - কাৰোবাৰ সৈতে থকাৰ সিদ্ধান্ত লোৱা আৰু তেওঁৰ সৈতে সফলতা বা আঁচনিৰ চিন্তা ভগাই লোৱা।
প্ৰেমৰ বিভিন্ন স্তৰ আৰু বিভিন্ন প্ৰকাৰক এই তিনিটা উপাদানৰ জৰিয়েতেই ব্যাখ্যা কৰিব পাৰি। যেনে- প্ৰাপ্তবয়স্কৰ এক ৰোমাণ্টিক সম্বন্ধৰ বিকাশৰ লগে লগে প্ৰতিটো উপাদানৰ ওপৰত দিয়া গুৰুত্বৰ তাৰতম্য ঘটে। দুটা বা ততোধিক উপাদানৰ সলনি কেৱল এটা উপাদানৰ ভিত্তিত গঢ় লোৱা সম্পৰ্ক এটা বেছিদিন বৰ্তি থকাৰ সম্ভাৱনা কম।
প্ৰেমৰ প্ৰকাৰ
এই তিনিওটা উপাদানকে এটা ত্ৰিভুজৰ তিনিটা কোণত অৱস্থান কৰা বুলি ধৰিলে কাষৰ চিত্ৰত দেখুওৱাৰ দৰে যি সমন্ধত তিনিওটা উপাদান সমানে উপলব্ধ হয় সেই প্ৰেম সাৰ্থক বা সম্পূৰ্ণ সফল প্ৰেম হয় (চিত্ৰৰ কেন্দ্ৰত)৷ ষ্টাৰ্ণবাৰ্গৰ সূত্ৰানুসৰি যদি তিনিওটা উপাদানৰে কেৱল মাত্ৰ এটা বা এযোৰ উপাদান থাকে তেন্তে সি সম্পূৰ্ণ সফল প্ৰেম নহয়৷ সেই অনুসৰি তেওঁ ছয় ধৰণৰ সমন্ধৰ কথা উল্লেখ কৰিছে:
ক) কাৰোবাক ভাল লগা/বন্ধু্ত্ব (Liking/friendship): কেৱল অন্তৰংগতা থাকিলেই কাৰোবাক ভাল লাগিব পাৰে৷ সাধাৰণতে ইয়াক প্ৰেম বা ভালপোৱাৰ সলনি বন্ধু্ত্ব বুলিহে ক’ব পাৰি৷২
খ) সন্মোহন/অন্ধ প্ৰেম (Infatuated love): কেৱল অনুৰাগৰ বশবৰ্ত্তী হৈ অন্তৰংগতা বা প্ৰতিশ্ৰুতি নথকাকৈ কেৱল সন্মোহিত ভাৱে শাৰীৰিক সমন্ধ আদি গঢ়ি তোলা অৱস্থা৷৩
গ) সাৰশূন্য প্ৰেম (Empty love): অন্তৰংগতা বা অনুৰাগ নথকাকৈ কেৱল প্ৰতিশ্ৰুতি থাকিলে তেনে সমন্ধক সাৰশূন্য প্ৰেম বুলি পাৰি৷ উদাহৰণ স্বৰূপে আগেয়ে কোনো চিনা-পৰিচয় নথকা পাত্ৰ-পাত্ৰীৰ মাজত যদি পৰিয়ালৰ লোকে বিবাহ কৰি (arranged marriage) দিয়ে৷ অৱশ্যে সাৰশূন্য প্ৰেম বহুক্ষেত্ৰত বিকশিত হৈ সম্পূৰ্ণ প্ৰেমলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা বা উদাহৰণ নথকা নহয়৷
ঘ) ৰোমান্টিক প্ৰেম (Romantic love): সাধাৰণতে কৈশোৰ বা সদ্যযৌৱনপ্ৰাপ্ত সকলৰ মাজত বেছিকৈ দেখা যায় য’ত অন্তৰংগতা আৰু অনুৰাগ থাকে কিন্তু প্ৰতিশ্ৰুতি নেথাকে৷ এনে সমন্ধত শাৰিৰীক ঘনিষ্ঠতাৰ লগতে আৱেগিক ঘনিষ্ঠতাৰো সৃষ্টি হয়৷
ঙ) সাহচৰ্য/ সান্নিধ্য/অংশীদাৰী প্ৰেম (Companionate love): অনুৰাগবিহীনভাৱে হোৱা অন্তৰংগতা আৰু প্ৰতিশ্ৰুতিৰ পৰা সাহচৰ্য/ সান্নিধ্য/অংশীদাৰী প্ৰেমৰ জন্ম হয়৷ সাধাৰণতে এটা পৰিয়ালৰ সদস্যসকলৰ মাজত, আপোন বন্ধুবৰ্গ আদিৰ মাজত এনেধৰণৰ সমন্ধৰ উপস্থিতি লক্ষ্য কৰা যায়৷ এইধৰণৰ প্ৰেমৰ শাৰিৰীক সমন্ধ বা যৌনাকৰ্ষণ নেথাকে৷৪
চ) অঁকৰা প্ৰেম বা মূৰ্খ প্ৰেম (Fatuous love): এই ধৰণৰ সমন্ধত অন্তৰংগতা বিহীনভাৱে কেৱল অনুৰাগ আৰু প্ৰতিশ্ৰুতিৰ উপস্থিতি দেখা যায়৷ সাধাৰণতে এনে প্ৰেমত বহুতেই ঠগ প্ৰৱঞ্চনাৰ সন্মূখীন হয়৷৩
গ্ৰন্থ সংযোগ
- Sternberg, Robert J. (1986). A triangular theory of love. Psychological Review. পৃ. 119–135
- Sternberg, Robert J. (1987). Liking versus loving: A comparative evaluation of theories. Psychological Bulletin. পৃ. 331–345
- Sternberg, Robert J. (1988). The Triangle of Love: Intimacy, Passion, Commitment. Basic Books. ISBN 0-465-08746-9
- Brehm, Sharon S. (2007). Intimate Relationships. McGraw-Hill. ISBN 0-07-293801-3
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমৰ ত্ৰিকোণীয় সূত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৮৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।