ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নাগ (লংকা)
নাগসকল (ইংৰাজী: Naga people) হৈছে এসময়ত শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰিছিল বুলি বিশ্বাস কৰা এক প্ৰাচীন জনগোষ্ঠী। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতিৰ লোক।
-
নামাজু
নামাজু (ইংৰাজী: Namazu (鯰) বা Ōnamazu (大鯰)) হৈছে জাপানী শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। এই বিশাল কেটফিছ (মাগুৰ জাতীয় মাছ) সদৃশ জীৱটো মাটিৰ তলৰ বাস কৰে আৰু ভূমিকম্পৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
-
নাস্তিকৰ বাজি
নাস্তিকৰ বাজি (Atheist's wager) ধাৰণাটো দাৰ্শনিক মাইকেল মাৰ্টিনে জনপ্ৰিয় কৰি তুলিছিল। ১৯৯০ চনত প্ৰকাশিত তেওঁৰ নাস্তিকতা: এক দৰ্শনগত ন্যায্যতা (Atheism: A Philosophical Justification) নামৰ গ্ৰন্থখনত এই বিষয়ে উল্লেখ কৰিছিল।
-
নাৰিকলি মন্দিৰ, ছিপাঝাৰ
দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে এই মন্দিৰটো অৱস্থিত।
-
নিঋতি
নিঋতি (निर्ऋति, কেতিয়াবা নিৰ্ৰুতি বা নিৰিতি) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁ মৃত্যু, ক্ষয় আৰু দুখক প্ৰতিনিধিত্ব কৰে। কিছুমান হিন্দু শাস্ত্ৰত নিঋতি অধৰ্মৰ সৈতে সম্পৰ্কিত।
-
নিত্যানন্দদেৱ
নিত্যানন্দদেৱ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ আদিগুৰুসকলৰ ভিতৰত অন্যতম৷মায়ামৰা সম্প্ৰদায়ৰ তৃতীয় অধিকাৰ শ্ৰী হৰিৰামদেৱৰ মৃত্যুৰ পিছৰ তেওঁৰ ভায়েক নিত্যানন্দদেৱে খুটিয়াপোটা সত্ৰৰ অধিকাৰী হয়৷
-
নু টোফু
ন্যু টোফু হৈছে চীন ধৰ্ম-গল্পৰ এক দেৱী বা বাদুলিৰ আত্মা। তেওঁ ২৮০০ নক্ষত্ৰমণ্ডলৰ অন্যতম, যিবোৰ চীনৰ জ্যোতিষ শাস্ত্ৰৰ বিশেষ অংশ। চীন ধৰ্ম-গল্পত ন্যু টোফুৰ উৎপত্তি নক্ষত্ৰপূজা আৰু জ্যোতিষ বিদ্যাৰ সংমিশ্ৰণ হিচাপে কোৱা হয়।
-
নেৰেউছ
নেৰেউছ (গ্ৰিক: Νηρεύς) হ'ল গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পণ্টাছ (সমুদ্ৰ) আৰু গাইয়া (পৃথিৱী)ৰ জ্যেষ্ঠ পুত্ৰ। পণ্টাছ নিজেও গাইয়াৰ পুত্ৰ আছিল। নেৰেউছ আৰু ড'ৰিছ একেলগে পঞ্চাশজনী কন্যাৰ (নেৰেইডসকল) আৰু এজন পুত্ৰ নেৰিটেছৰ পিতৃ-মাতৃ হৈছিল। তেওঁলোকে এইজিয়ান সাগৰত বাস কৰিছিল।
-
ন্যাম্বে
ন্যাম্বে হৈছে বিভিন্ন বাণ্টু ভাষী সংস্কৃতিত পৰম সত্তা, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, সৰগীয় পিতৃ, সূৰ্যৰ দেৱতা আৰু সকলো জীৱৰ উৎসক বুজাবলৈ ব্যৱহাৰ কৰা নাম। তেওঁক প্ৰায়ে সৰ্বশক্তিমান, সৰ্বজ্ঞানী আৰু সবাৰো ওপৰত বুলি বৰ্ণনা কৰা হয়।
-
নৰিষ্যন্ত
নৰিষ্যন্ত হিন্দু পৌৰাণিক কাহিনীৰ সূৰ্যবংশ (সৌৰ বংশ)ৰ এজন ৰজা। তেওঁক মৰুত্তৰ পুত্ৰ আৰু দামৰ পিতৃ বুলি বৰ্ণনা কৰা হৈছে। নৰিষ্যন্ত সৌৰবংশৰ আন এজন ৰজাৰ নামো, যাক বৈৱস্বত মনুৰ পুত্ৰ বুলি কোৱা হয়।
-
নৱদুৰ্গা (আঞ্চলিক দেৱী)
নৱদুৰ্গা ভাৰতৰ বিশেষকৈ গোৱা আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ বহু গৌড় সৰস্বত ব্ৰাহ্মণ আৰু দৈৱদ্বীণ ব্ৰাহ্মণ পৰিয়ালৰ কুলদেৱী। বলপূৰ্বক পৰ্তুগীজ ধৰ্মান্তৰকৰণ আৰু তেওঁলোকৰ আচাৰ-অনুষ্ঠানত হস্তক্ষেপৰ বাবে আন সকলো পুৰুষৰ সৈতে দেৱতাক গাভাছিমৰ পৰা নিজৰ নিজৰ নিজৰ স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল।
-
পঞ্চমুখ
পঞ্চমুখক (पञ्चमुख,Pañcamukha) পঞ্চমুখী বুলিও কোৱা হৈছে। হিন্দু প্ৰতীকধৰ্মিতাত (Iconography) ই এক ধাৰণা, য'ত এজন দেৱতাক পাঁচটা মূৰ বা পাঁচখন মুখেৰে প্ৰতিনিধিত্ব কৰা হয়। কেইবাজনো হিন্দু দেৱতাক পাঁচটা মুখেৰে চিত্ৰিত কৰা হৈছে; যেনে-হনুমান, শিৱ, ব্ৰহ্মা, গণেশ আৰু গায়ত্ৰী।
-
পাঁচ পীৰ দৰগাহ
পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।
-
পাণ্ড্যা
পাণ্ড্যা (প্ৰাচীন গ্ৰীক: Πανδαίη, ইংৰাজী: Pandaie বা Pandae) গ্ৰীক শ্ৰুতিকথা অনুসৰি ভাৰতত জন্মগ্ৰহণ কৰা হেৰাক্লিছৰ কন্যা আছিল, আৰু দক্ষিণ ভাৰতৰ এখন ৰাজ্যৰ শাসক হৈছিল। ইতিহাসবিদ মেগাষ্টেনিছৰ বিৱৰণীত তেওঁ পাণ্ড্য ৰাজবংশৰ এগৰাকী ৰাণী আছিল।
-
পালাছ (ট্ৰাইটনৰ কন্যা)
পালাছ (/ˈpáləs/; প্ৰাচীন গ্ৰীক: παλλάς, ইংৰাজী: Pallas) এগৰাকী সাগৰীয় নিম্ফ আৰু যোদ্ধা।
-
পাৰ্কুনাটেটে (দেৱী)
পাৰ্কুনাটেটে, বা পাৰ্কুনাটেলে বা পাৰ্কুনেলে বাল্টিক পৌৰাণিক কাহিনীত পাৰ্কুনাছ বজ্ৰপাতৰ দেৱী মাতৃ, স্লাভিক পৌৰাণিক কাহিনীত পেৰুনৰ মাতৃ পাৰ্কুনাটেলে বুলি কোৱা হয়, যিটো সম্ভৱতঃ বাল্টছৰ পৰা উদ্ভৱ।
-
পাৰ্ৱতী দেৱী
ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমো (Rani Parvati Devi Deskit Wangmo; ১ মে' ১৯৩৪ – ৫ নৱেম্বৰ ২০২৪) ভাৰতীয় ৰাজ পৰিয়ালৰ সদস্যা আৰু ৰাজনীতিবিদ। তেওঁ লাডাখৰ ৰাণী মাতৃ আছিল। ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ষষ্ঠ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পিদাৰী
পিদাৰী বা পিটাৰী হিন্দুসকলৰ এগৰাকী দেৱী। তামিলনাডুত তেওঁৰ পূজা-অৰ্চনা কৰা হয়। স্থানীয় পৰম্পৰা অনুযায়ী ত্ৰিমূৰ্তিৰ অৰ্ধাংগিনী শক্তিৰ নটা দিশৰ (নৱশক্তি) ভিতৰত তেওঁক অন্যতম বুলি গণ্য কৰা হয়। কিছুমান পৰম্পৰাত দেৱীগৰাকীক সৰ্প ধৰা দেৱী আৰু শিৱৰ পত্নী হিচাপে চিত্ৰিত কৰা হৈছে।
-
পিধোৰা মঠ
পিধোৰা মঠ ( Pidhora Monastery) ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এক স্থাপত্য স্মাৰক। ইয়াত ধৰ্মীয়, আৱাসিক আৰু কৃষিকাৰ্যৰ বিভিন্ন ভৱনৰ সমষ্টি আছে। মহান ছেইণ্ট বাচিলৰ সংঘৰ সন্ন্যাসীসকলে ইয়াত বাস কৰিছিল। মঠটো চেৰেট নদীৰ ওখ পাৰৰ কাষত টাৰ্নোপিল অঞ্চলৰ পিধোৰা ওচৰত অৱস্থিত।
-
পুলোমা
পুলোমা (সংস্কৃত: पुलोमा, ইংৰাজী: Puloma) হিন্দু ধৰ্ম শাস্ত্ৰমতে ভৃগু ঋষিৰ পত্নী। তেওঁ চ্যবন ঋষিৰ মাতৃ।
-
পুষ্পা দেৱী সিং
পুষ্পা দেৱী সিং (Pushpa Devi Singh; জন্ম: ১৮ মে' ১৯৪৮) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সপ্তম লোকসভাত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। পুষ্পা দেৱী সিংহৰ জন্ম হৈছিল ছত্তীসগঢ়ৰ সৰনগড় ৰায়পুৰৰ গণ্ড আদিবাসী ৰজাঘৰীয়া পৰিয়ালত।
-
পূৰ্ণৱল্লী থায়াৰ
পূৰ্ণৱল্লী থায়াৰ এগৰাকী হিন্দু দেৱী। লক্ষ্মীৰ নাম পূৰ্ণৱল্লী। পুৰনাৱল্লীক "পুৰ্ভা দেৱী" বুলিও কোৱা হয়। হিন্দু সকলে ইয়াক ধন-সম্পত্তিৰ দেৱী বুলি বিশ্বাস কৰে।
-
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ পোলেণ্ড আৰু ইউক্ৰেইনত অৱস্থিত কাঠেৰে নিৰ্মিত পূব অৰ্থডক্স গীৰ্জা আৰু গ্ৰীক কেথলিক গীৰ্জাসমূহৰ এটা গোট। এই গীৰ্জাসমূহ ২০১৩ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
পোলেণ্ডত খ্ৰীষ্টমাচ
পোলেণ্ডত খ্ৰীষ্টমাচ বিশ্বৰ বেছিভাগ খ্ৰীষ্টান দেশৰ দৰেই এক বছৰেকীয়া প্ৰধান উৎসৱ। প্ৰাচীন কালৰ পৰা আৰম্ভ কৰি শতিকাজুৰি ধীৰে ধীৰে খ্ৰীষ্টমাছ পালন পৰম্পৰাৰ বিকাশ হৈছিল; কেথলিক গীৰ্জাই পোলেণ্ডক খ্ৰীষ্টানীকৰণ কৰাৰ পিছত পোলেণ্ডৰ পুৰণি পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে প্ৰৱৰ্তন কৰা ধৰ্মীয় ৰীতি-নীতিৰ সংমিশ্ৰণ…
-
পোলেৰম্মা
পোলেৰম্মা হৈছে প্লেগ আৰু সৰু আইৰ হিন্দু দেৱী। অন্ধ্ৰ প্ৰদেশৰ গাঁৱত তেওঁক প্ৰধানকৈ পূজা কৰা হয় আৰু শিৱৰ আঞ্চলিক পত্নী হিচাপে গণ্য কৰা হয়।
-
পোহৰ মন্ত্ৰ
পোহৰ মন্ত্ৰ, যাক অমোঘপাশ (অবিফল ৰছী ফান্দ) মন্ত্ৰ বুলিও কোৱা হয়, বৌদ্ধ ধৰ্মৰ শিংগন আৰু কেগন পন্থাৰ এক গুৰুত্বপূৰ্ণ মন্ত্ৰ যদিও বৌদ্ধধৰ্মৰ অন্যান্য বজ্ৰযান পন্থাত ইয়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই।
-
প্ৰকৃত যীশু গীৰ্জা
প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা।
-
প্ৰজ্ঞাতাৰা
প্ৰজ্ঞাতাৰা, যাক কেয়ুৰ, প্ৰজ্ঞাধাৰা, বা হন্ন্যাতাৰা বুলিও কোৱা হয়, চান বৌদ্ধ ধৰ্মৰ মতে ভাৰতীয় বৌদ্ধ ধৰ্মৰ সপ্তবিংশতম পিতৃপুৰুষ আৰু বোধিধৰ্মৰ গুৰু আছিল।
-
প্ৰমাণ (ভাৰতীয় দৰ্শন)
প্ৰমাণ (সংস্কৃত: प्रमाण; IAST: Pramāṇa) শব্দটোৰ আক্ষৰিক অৰ্থ "সত্য প্ৰতিষ্ঠা” আৰু “জ্ঞান লাভৰ উপায়”। ভাৰতীয় জ্ঞানতত্ত্বৰ এক কেন্দ্ৰীয় ধাৰণা হিচাপে প্ৰমাণে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ বিচাৰে: সঠিক জ্ঞান কেনেকৈ পোৱা যায়, মানুহে কেনেকৈ জানে, কেতিয়া “জনা” বুলি ভাবিলেও আচলতে জনা নহয়, আৰু কোনো…
-
প্ৰম্লোচা
প্ৰম্লোচা (সংস্কৃত: प्रम्लोचा, ৰোমানীকৃত: Pramlocā) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী অপ্সৰা৷ কাহিনী সমূহত প্ৰম্লোচাক এগৰাকী সুন্দৰী, আকাশী কন্যা হিচাপে বৰ্ণনা কৰা হৈছে। কন্দু ঋষিৰ কাহিনীত এই অপ্সৰাৰ বৰ্ণনা পোৱা যায়।