অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বসুধৈৱ কুটুম্বকম্‌

বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"। বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত ভাষা বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"।১ বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়।

ভাঙনি

বসুধৈৱ কুটুম্বকম্ (वसुधैव कुटुम्बकम्) বাক্যাংশত কেইবাটাও শব্দ আছে: বসুধা;২ এৱ;৩ আৰু কুটুম্বকম্‌ .

ইতিহাস

अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥

মূল শ্লোকটো মহা উপনিষদৰ ষষ্ঠ পাঠত পোৱা যায়।৪৫৬ভাৰতীয় সমাজত ইয়াক এক গুৰুত্বপূৰ্ণ নীতিমূলক উপদেশ হিচাপে গণ্য কৰা হয়।৭৮ মহা উপনিষদৰ এই বাক্যাংশ ভাৰতৰ সংসদ ভৱনৰ প্ৰৱেশ কোঠাতো খোদিত কৰা আছে।

The World Is A Family এজন মোৰ আপোন, এজন অচিনাকী, ক্ষুদ্ৰ মনৰ লোকেহে এনেকৈ কয়, সমগ্ৰ পৃথিৱী এক পৰিয়াল, উদাৰ হৃদয়ৰ লোকৰ বাবে। উদাসীন হোৱা, উদাৰ হৃদয়ৰ হোৱা, মনৰ উত্তৰণ কৰা, আনন্দ লোৱা ব্ৰাহ্মনীয় স্বাধীনতাৰ ফলৰ।
— —মহা উপনিষদ ৬.৭১–৭৫৯৪

পাছৰ শ্লোকসমূহত কোৱা হৈছে যে আসক্তি নথকা লোকসকলে ব্ৰাহ্মণক বিচাৰি যাওক। ইয়াৰ দ্বাৰা আধ্যাত্মিক বিকাশৰ চৰম স্তৰ লাভ কৰা আৰু সম্পত্তিৰ প্ৰতি মোহ নোহোৱাকৈ কৰ্ম কৰিব পৰা লোকৰ গুণক বুজোৱা হৈছে।১০

প্ৰভাৱ

এই পাঠ্যই পাছৰ গুৰুত্বপূৰ্ণ হিন্দু সাহিত্যক প্ৰভাৱিত কৰিছে। উদাহৰণস্বৰূপে পুৰাণ শৈলীৰ আটাইতকৈ বেছি অনূদিত হোৱা কাব্য ভাগৱদ গীতাত১১ মহা উপনিষদৰ বসুধৈৱ কুটুম্বকম্‌ বাণীক "মহানতম বেদান্তীয় চিন্তা" বুলিছে।।১২

গান্ধী স্মৃতি আৰু দৰ্শন স্মৃতিৰ পূৰ্বৰ সঞ্চালক ড° এন ৰাধাকৃষ্ণণে গান্ধীয় দৃষ্টিৰ পূৰ্ণতাবাদী বিকাশ আৰু সকলো জীৱৰ প্ৰতি শ্ৰদ্ধা; অহিংসাক বিশ্বাস আৰু কৌশল হিচাপে লৈ অহিংসাৰে দ্বন্দ্ব নিৰসন আদি প্ৰাচীন ভাৰতীয় দৰ্শন বসুধৈৱ কুটুম্বকমৰে প্ৰসাৰণ।১৩

আধুনিক বিশ্বত প্ৰয়োগ

২০১৩ চনত ভাৰতৰ মাইচুৰুত অনুষ্ঠিত হোৱা সপ্তম আন্তৰ্জাতিক আৰ্থ চায়েঞ্চ অলিম্পিয়াদৰ লগ'ত ইয়াক ব্যৱহাৰ কৰা হৈছিল। বিদ্যালয়ৰ পাঠ্যক্ৰমত পৃথিৱীৰ উপশ্ৰেণীসমূহক সংহত কৰাৰ গুৰুত্ব দি ইয়াক ডিজাইন কৰা হৈছিল।১৪

১ ডিচেম্বৰ, ২০২২ ৰ পৰা ৩০ নৱেম্বৰ ২০২৩ লৈকে ভাৰতৰ জি২০ সভাপতিত্বৰ ল'গ' আৰু থীমত “বসুধৈৱ কুটুম্বকম” বা “এক বিশ্ব-এক পৰিয়াল-এক ভৱিষ্যত"ৰ উল্লেখ আছে। এক সৰ্বভাৰতীয় ল'গ' ডিজাইন প্ৰতিযোগিতাৰ ২৪০০ নিবেদনৰ পৰা ইয়াক বাছনি কৰা হৈছিল।১৫

২০২৩ চনত অন্তৰ্জাতিক যোগ দিৱসৰ মূলমন্ত্ৰ হিচাপে এই বাক্যাংশ ব্যৱহাৰ কৰা হৈছে।

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

অতিৰিক্ত পঠন

  • Chung, Tan. (2009). Towards A Grand Harmony. India International Centre Quarterly. পৃ. 2–19

তথ্যসূত্ৰ

  1. ↑ (2 September 2014). DNA of non-violence engrained in our society: PM. Times Now
  2. ↑ vasudhA Sanskrit English Dictionary, Koeln University, Germany
  3. ↑ Sanskrit Dictionary
  4. ↑ Jeffrey Moses (2002), Oneness, Random House Publishing,, page 12
  5. ↑ Robin Seelan (2015), Deconstructing Global Citizenship (Editors: Hassan Bashir and Phillips Gray), Routledge,, page 143
  6. ↑ BP Singh and দালাই লামা (2008), Bahudhā and the Post 9/11 World, Oxford University Press,, page 51
  7. ↑ Hattangadi 2000
  8. ↑ AG Krishna Warrier (1953), Maha Upanishad, Theosophical Society, Madras, Online, Verse VI.71–73
  9. ↑ Hattangadi 2000
  10. ↑ AG Krishna Warrier (1953), Maha Upanishad, Theosophical Society, Madras, Online
  11. ↑ Sheridan 1986, পৃ. 1–16
  12. ↑ Badlani 2008, পৃ. 184
  13. ↑ Radhakrishnan, N. Gandhi In the Globalised Context
  14. ↑ 7th International Earth Science Olympiad. 7th International Earth Science Olympiad
  15. ↑ Rahul Shrivastava. (8 November 2022). As PM Modi unveils G20 logo, India readies to display global muscle in elite grouping. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় দৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসুধৈৱ কুটুম্বকম্‌” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।