বাক (वाच्, ) হৈছে এক বৈদিক দেৱী, যি ঐশ্বৰিক বাণীৰ সাকাৰ ৰূপ। অনুপ্ৰাণিত কবি আৰু দূৰদৰ্শীসকলৰ মাজত প্ৰৱেশ কৰে। তেওঁক ভালপোৱাসকলক অভিব্যক্তি আৰু শক্তি প্ৰদান কৰে; তেওঁক "বেদৰ মাতৃ" আৰু মনৰ বৈদিক অৱতাৰ প্ৰজাপতিৰ পত্নী বুলি কোৱা হয়।১ ঐতেৰেয় আৰণ্যকত ইন্দ্ৰৰ সৈতেও তেওঁৰ সম্পৰ্ক গঁথা হৈছে।[2] আন ঠাইত, যেনে পদ্মপুৰাণত তেওঁক দৃষ্টিৰ (কাশ্যপ) পত্নী, ভাৱনাৰ মাতৃ আৰু সংগীতজ্ঞৰ (গন্ধৰ্ব) মিত্ৰ বুলি উল্লেখ কৰা হৈছে।২
পৰৱৰ্তী বৈদিক সাহিত্য আৰু হিন্দু পৰম্পৰাৰ উত্তৰ-বৈদিক গ্ৰন্থত তেওঁক দেৱী সৰস্বতীৰ সৈতে চিনাক্ত কৰা হৈছে। হিন্দু ধৰ্মত সৰস্বতী এক উল্লেখযোগ্য আৰু পূজনীয় দেৱী হৈ আছে।৩ ইয়াৰ বাবেই দেৱী সৰস্বতীক দেৱী বাচেশ্বৰী বুলিও জনা যায়।
টমাছ মেকএভিলিয়ে তেওঁৰ মহান কৃতি “মেগনাম অপাছ দ্য শ্বেপ অৱ এন্সিয়েণ্ট থ'ট”ৰ 'পৰিশিষ্ট-E: দৰ্শন আৰু ব্যাকৰণ'ত দেৱী বাক আৰু তেওঁৰ ঐশ্বৰিক পৰিসৰৰ বৰ্ণনা কৰিছে।৪
অধিক পঠন
- Dictionary of Hindu Lore and Legend by Anna Dhallapiccola
- Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions by David Kinsley
- Nicholas Kazanas, Vedic Vāc and Greek logos as creative power: a critical study (2009)
তথ্যসূত্ৰ
- ↑ Holdrege, Barbara A. (2012-02-01). Veda and Torah: Transcending the Textuality of Scripture. SUNY Press. ISBN 978-1-4384-0695-4
- ↑ The Myths and Gods of India, Alain Daniélou, pages 260-261
- ↑ David Kinsley. (1987). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. Motilal Banarsidass. পৃ. 55, 222. ISBN 978-81-208-0394-7
- ↑ Thomas C. McEvilley. (2001). Thomas C. Mcevilley The Shape Of Ancient Thought Comparative Studies In Greek And Indian Philosophies ( 2001, Allworth Press) Libgen.lc
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাক (দেৱী)” প্ৰবন্ধৰ সংশোধন ৪৭৬২৫৩ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।