বাঘা মছজিদ(Bagha Mosque) বাংলাদেশৰ ৰাজশাহীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূব পিনে বাঘা নামে ঠাইত অৱস্থিত।১ ষোড়শ শতিকাতে নিৰ্মিত এই মছজিদটো পৰৱৰ্তীকালত বিভিন্ন সংস্কাৰ কৰা হয়।
ইতিহাস
হুছেইন শাহী বংশৰ প্ৰতিষ্ঠাতা আলাউদ্দিন শ্বাহৰ পুত্ৰ চুলতান নুছৰৎ শ্বাহে ১৫২৩-১৫২৪ চনত এই মছজিদ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত মছজিদটোৰ বিভিন্ন মেৰামতি কৰা হয় আৰু ১৮৯৭ চনত মছজিদৰ গম্বুজবোৰ সম্পূৰ্ণ ভাঙি যোৱাত, ধ্বংসপ্ৰাপ্ত মছজিদটো পুনৰ্নিৰ্মাণ কৰা হয়।২
স্থাপত্য
মুঠ ২৫৬ বিঘা মাটিত এই মছজিদটো অৱস্থিত। মছজিদৰ চোতালখন সম্মুখৰ সমতল ভূমিৰ পৰা প্ৰায় আঠৰ পৰা দহ ফুট ওখকৈ নিৰ্মাণ কৰা হৈছে। মছজিদটোৰ উত্তৰ দিশৰ প্ৰৱেশ পথত থকা স্তম্ভ আৰু তাত থকা শিল্পকৰ্মৰ ওপৰত সময়ৰ অত্যাচাৰ স্পষ্ট। মছজিদটোৰ ভিতৰত ছয়টা খুঁটা আছে। বহু উচ্চখাপৰ শিল্পকৰ্মৰে খোদিত কৰা চাৰিখন তোৰণে মছজিদটোত শোভা বৰ্ধন কৰিছে। দেৱালসমূহ ছয়ফুট বহলকৈ গঁঠা, গম্বুজটোৰ ব্যাস ৪২ ফুট আৰু ই ওখই ১২ ফুট। বাঘা মছজিদৰ দৈৰ্ঘ্য ২২.৯২ মিটাৰ আৰু বহল ১২.১৮ মিটাৰ। উচ্চতা ২৪ ফুট ৬ ইঞ্চি। ইয়াৰ বেৰ ২.২২ মিটাৰ ডাঠ। মছজিদটোত মুঠ ১০টা গম্বুজ, ৪টা মিনাৰ( ওপৰৰ ফালে গম্বুজ আকৃতিৰ), আৰু ৫খন প্ৰৱেশ দ্বাৰ আছে। চৌদিশে ডাঠ দেৱালেৰে আবৃত মছজিদটোৰ দুয়োকাষে দুখনকৈ প্ৰৱেশ দ্বাৰ আছে। মছজিদটোৰ ভিতৰে-বাহিৰে টেৰাকোটাৰ শিল্পকৰ্ম দেখা যায়। মছজিদৰ কাষতে থকা বিশাল জলাশয়ো এক আকৰ্ষণীয় বিষয়। মছজিদৰ কাষতে এটা মাজাৰ শ্বৰীফো আছে।
বিৱৰণ
বাঘা মছজিদৰ গাঁথনি চূণ আৰু ইটাৰ গুড়িৰে কৰা হৈছে। মছজিদৰ ভিতৰে-বাহিৰে দেৱালত সুন্দৰ ওখ বেদী আৰু স্তম্ভ আছে। তদুপৰি, অভ্যন্তৰত অসংখ্য পোৰামাটিৰ কাৰুকাৰ্যৰে আমগছ, লতা-পাতসহ ভেটফুল আদি ফাৰ্চী শৈলীত ব্যৱহৃত অলেখ কাৰুকাৰ্য কৰা আছে। ইয়াৰ বাহিৰে মছজিদ প্ৰঙ্গণৰ উত্তৰ দিশে আছে হজৰত শ্বাহদৌল্লা আৰু তেওঁৰ পাঁচজন সঙ্গীৰ মাজাৰ। বাংলাদেশৰ স্বাধীন চুলতান আলাউদ্দিন হুছেই শ্বাহৰ পুত্ৰ নাছিৰুদ্দিন নুছৰৎ শ্বাহে জনকল্যাণৰ হেতু মছজিদৰ সম্মুখত এটা বিশাল জলাশয় খনন কৰিছিল। শ্বাহী মছজিদ সংলগ্ন এই জলাশয়টো মুঠ ৫২ বিঘা মাটিকালিৰ। জলাশয়ৰ চাৰিওফালে আছে শাৰী শাৰী নাৰিকলৰ গছ। প্ৰতিবছৰ শীতকালত অসংখ্য পৰিভ্ৰমী চৰাইৰ কাকলিত এই ঠাই মুখৰিত হৈ উঠে।২ বৰ্তমান জলাশয়ৰ চাৰিওটি পাৰ পকী কৰা হৈছে। তদুপৰি, মছজিদ চৌহদত জহৰ খাকী পীৰৰ মাজৰো আছে। তেওঁৰ কবৰটো মূল মাজাৰৰ উত্তৰ ফালে অৱস্থিত। মছজিদ সংলগ্ন মাটিৰ তলত এটা পুখুৰী আৱিস্কৃত হৈছে। ১৯৯৭ চনত মাজাৰৰ পশ্চিম ফালে খনন কাৰ্যৰ ফলত দীঘলে-বহলে ৩০/২০ ফুট আয়তনৰ এটা পাৰ বন্ধা পুখুৰীৰ সন্ধান পোৱা গৈছে। এই পুখুৰীটো সুৰঙ্গ পথেৰে মছজিদৰ অন্তৰ্ভাগৰ সৈতে যুক্ত আছিল। পুখুৰীটোৰ তিনিফালে বন্ধা চিৰি ভিতৰলৈ নামি গৈছে। মছজিদৰ ভিতৰে-বাহিৰে আছে প্ৰচুৰ পোৰামাটিৰ ফলক। মছজিদৰ ভিতৰত উত্তৰ-পশ্চিম কোণত সামান্য ওখ ঠাইত নামাজৰ বাবে এটি কোঠা আছে। এই মছজিদ সংলগ্ন ঠাইত প্ৰতিবছৰ ঈদুল-ফিতৰৰ দিনৰ পৰা ৩ সিন পৰ্যন্ত বাঘাৰ মেলা আয়োজন কৰা হয়। ই ৫০০ বছৰীয়া ঐতিহ্য।৩৪
তথ্যসূত্ৰ
- ↑ Bari, MA. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ (2016-03-05). আৰ্কাইভ কপি. The Daily Sangram
- ↑ bn:বাঘায় ঐতিহাসিক ঈদ মেলায় লাখো মানুষেৰ ঢল. Jugantor
- ↑ (30 July 2014). আৰ্কাইভ কপি. banglanews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘা মছজিদ” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৬২ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।