বাছাজাউন (ইংৰাজী: Basajaun, স্ত্ৰী: বাছান্দেৰে (basandere)) বাস্ক পৌৰাণিক কাহিনীত বৰ্ণিত এবিধ অৰণ্যত বাস কৰা বিশাল, নোমাল মানৱসদৃশ ৰহস্যময় জীৱ। বাস্ক ভাষামতে এই শব্দটোৰ অৰ্থ হৈছে “কাঠৰ ভগৱান”৷১ এই জীৱবোৰে শিলৰ স্তোপ (megaliths) নিৰ্মাণ কৰে, পশুধনক সুৰক্ষা দিয়ে, মানুহক কৃষি আৰু লোহাৰ কামৰ দৰে দক্ষতা শিকায় বুলি ভবা হৈছিল।
এই জীৱবোৰ গৰ্বিয়া আৰু ইৰাতিৰ অৰণ্যত বসবাস কৰে বুলি কোৱা হৈছিল। শৰীৰটো নোমেৰে ভৰা আৰু ভৰিৰ ওচৰলৈকে অতি দীঘল চুলি থকা এই জীৱবোৰে মানুহৰ দৰে খোজ কাঢ়ে।
আক্ৰমণাত্মক হোৱাটো বহু দূৰৰ কথা, বাছাজাউনসকলে ভেড়াৰ জাকক সুৰক্ষা প্ৰদান কৰে আৰু তেওঁলোকে একেলগ হৈ ঘণ্টা বজাই নিজৰ উপস্থিতিৰ ইংগিত দিয়ে। ধুমুহা বা কুকুৰনেছীয় বাঘ আহিলে তেওঁলোকে চিঞৰ-বাখৰ কৰি পাহাৰৰ পৰা উকি মাৰি ভেড়াৰখীয়াক সতৰ্ক কৰি দিয়ে। বিনিময়ত তেওঁলোকক কৰ হিচাপে এটুকুৰা পিঠা লাভ কৰে আৰু এই পিঠাখন তেওঁলোকে ভেড়াৰখীয়াসকল শুই থকাৰ সময়ত সংগ্ৰহ কৰে।
ইয়াৰ পিছতো অৱশ্যে কেতিয়াবা কিছুমান কাহিনীত বাছাজাউন সকলক অৰণ্যত বাস কৰা বিশাল শক্তিৰ ভয়ংকৰ মানুহ হিচাপে চিত্ৰিত কৰা হয়, যাৰ লগত মুখামুখি নহ’লেহে মংগল বুলি কোৱা হয়৷ আন কিছুমান কাহিনীত বাছাজাউনসকল আদিম কৃষক আৰু স্থপতি বুলি কোৱা হয়। ছলনাময়ী ছান মাৰ্টিন টিক্সিকিয়ে তেওঁলোকৰ পৰা এই বিভিন্ন দক্ষতা আহৰণ কৰিছিল, যিবোৰ তেওঁ পৰৱৰ্তী সময়ত মানুহক শিকাইছিল।২
টেনা, আন্সো আৰু ব্ৰ'ট' উপত্যকাতো এই জীৱটো থাকে বুলি আৰাগ'নিজ পৌৰাণিক কাহিনীত পোৱা যায়। তাত তেওঁলোকে ইয়াক বাছাজাৰাউ, বনজাৰাউ বা বছনেৰাউ বুলি কয়।
কিছুমান লেখকৰ মতে৩৪ বাছাজাউনৰ শ্ৰুতিকথা আইবেৰিয়ান উপদ্বীপৰ নিয়াণ্ডাৰথেল জনসংখ্যাৰ সৈতে আদিন মানৱৰ হোৱা সংস্পৰ্শৰ লোক-স্মৃতি।
তথ্যসূত্ৰ
- ↑ Lurker, Manfred. (1987). The Routledge Dictionary of Gods and Goddesses, Devils and Demons. Routledge. পৃ. 30. ISBN 0-415-34018-7
- ↑ Lezama Perier, Patxi Xabier. Mitología Vasca: Historia de los mitos y deidades del universo mitológico vasco.
- ↑ Le Quellec, Jean-Loïc. (2020). Néandertal a été déshumanisé au prétexte de sa différence.. Archéologia. পৃ. 17
- ↑ Čović, Kristina. (2020). Izumiranje neandertalaca: glavne teorije o nestanku interpretirane kroz prizmu prasvijesti i uz pomoć paleofikcije paleontologa Björna Kurténa pri modeliranju prapovijesnih scenarija (Master's thesis). University of Zagreb, Faculty of Humanities and Social Sciences. পৃ. 44
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাছাজাউন” প্ৰবন্ধৰ সংশোধন ৪৮৮৫৮৫ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।