অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাঘেশ্বৰী মন্দিৰ

বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।১২

অৱস্থিতি

বাঘেশ্বৰী মন্দিৰ অসমৰ বঙাইগাঁও চহৰ অঞ্চলৰ কেন্দ্ৰীয় আৰু পুৰণি মন্দিৰ। বঙাইগাঁও চহৰৰ সমীপত থকা বীৰঝৰা পাহাৰত এই মন্দিৰ অৱস্থিত৷ মন্দিৰটো বীৰঝৰা চাহ বাগিচাই আগুৰি আছে৷৩

ইতিহাস

মা পাৰ্বতীৰ অন্যতম পুৰণি ৫১ নং শক্তি পীঠৰ বাবে মা বাঘেশ্বৰী মন্দিৰ উচৰ্গা কৰা হৈছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ‘দক্ষ যজ্ঞ’ৰ ঠিক পিছতেই দেৱী দুৰ্গাৰ শৰীৰ ভগৱান বিষ্ণুৱে কাটি পেলোৱাৰ সময়ত দুৰ্গাৰ ত্ৰিশূলপাত এই ঠাইতেই পৰিল। এই মন্দিৰটো অসমৰ আটাইতকৈ বেছি দৰ্শনাৰ্থী অহা স্থান হিচাপে গণ্য কৰা হয়৷ বিশেষকৈ দুৰ্গা মহাঅষ্টমীৰ সময়ত ভক্ত-দৰ্শনাৰ্থীৰ অধিক ভীৰ পৰিলক্ষিত হয়৷ ৩

প্ৰথমে মন্দিৰটো পাহাৰত আছিল আৰু তাত পূজা অৰ্চনা কৰা হৈছিল। কিন্তু পাহাৰত পূজাৰীসকলৰ উঠা-নমা কৰাত অসুবিধা হোৱা কাৰণে পংকজ চৌধুৰীৰৰ দেউতাকক আলোচনা কৰি মন্দিৰৰ নামত মাটি অলপ দিবলে কয় তাৰ পিছত সেই মাটি খিনিত নতুনকৈ মন্দিৰটো ১৩৭৭ চনত ১১ বহাগত স্থাপন কৰা হয়। তাৰ পিছতে তহল পাঠক নামৰ মানুহজনক পূজাৰী বুলি জনা যায়।

বাঘেশ্বৰী পাহাৰত শিলৰ গুহা এটাৰ ভিতৰত ভগৱান শিৱৰো এটা প্ৰাচীন মন্দিৰ আছে- যাক বাঘেশ্বৰ মন্দিৰ বুলি কোৱা হয়৷ ইয়াৰ দুয়োকাষে আন দুটা মন্দিৰ অৰ্থাৎ বাঘেশ্বৰী দেৱীৰ মন্দিৰ আৰু বাবা তাৰক নাথৰ মন্দিৰ আছে। ৩

তথ্যসূত্ৰ

  1. ↑ सदियों से आस्था का केंद्र रहा है नेपालगंज का बागेश्वरी मंदिर. Hindustan
  2. ↑ Tribune, The Assam. (2021-01-25). Historic Bagheswari Devalaya Of Adabari In Dire Straits. assamtribune.com
  3. ↑ বাঘেশ্বৰী মন্দিৰ. অসম চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ হিন্দু মন্দিৰঅসমৰ ধৰ্মীয় স্থানবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘেশ্বৰী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০৩২ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।