জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰিন্সেছ দুদু
প্ৰিন্সেছ দুদু (জন্ম ২০ অক্টোবৰ ১৯৭৮, বেনিন চিটি) হৈছে নাইজেৰিয়াৰ এগৰাকী টাইকোৱাণ্ডো খেলুৱৈ, যিয়ে মহিলাৰ হেভিওয়েইট শাখাত প্ৰতিযোগিতা কৰিছে। তেওঁ ২০০৩ অল-আফ্ৰিকা গেমছত ৭২ কিঃ গ্ৰামৰ ওপৰৰ শাখাত সোণৰ পদক লাভ কৰিছিল আৰু ২০০৪ গ্ৰীষ্মকালীন অলিম্পিকত নাইজেৰিয়াৰ প্ৰতিনিধিত্ব কৰিছিল।
-
প্ৰিয়ংকা কাৰ্কী
প্ৰিয়ংকা কাৰ্কী এগৰাকী নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী, মডেল, পৰিচালিকা, লেখিকা, আৰু ২০০৫ চনৰ মিচ টীন নেপাল প্ৰতিযোগিতাৰ বিজয়ী।
-
প্ৰিয়ংকা বৰা
প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
প্ৰিয়ংকা শ্বাহ
প্ৰিয়ংকা শ্বাহ (ইংৰাজী: Priyanka Shah) এগৰাকী ভাৰতীয় প্ৰাক্তন নেটবল খেলুৱৈ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৭ চনৰ মিছ টুৰিজিম ইণ্ডিয়াৰ বিজয়ী আৰু ২০০৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী। তেওঁ ২০০৫ চনৰ গেট গৰ্জিয়াছৰো বিজয়ী।
-
প্ৰিয়ম্বদা মোহান্তী হেজমাদী
প্ৰিয়ম্বদা মোহান্তী হেজমাদী ( Priyambada Mohanty Hejmadi ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, বিজ্ঞানী, শিক্ষাবিদ, শিল্প লেখক আৰু জীৱবিজ্ঞানী। ১৯৩৯ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা প্ৰিয়ম্বদাই বান বিহাৰী মাইতিৰ অধীনত সৰুৰে পৰাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওডিছি আয়ত্ত কৰিছিল।
-
প্ৰিয়া কাম্বলী
প্ৰিয়া কাম্বলী (Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।
-
প্ৰিয়া ছাৰাইয়া
প্ৰিয়া ছাৰাইয়া (ইংৰাজী: Priya Saraiya; জন্ম: ১৯ নৱেম্বৰ ১৯৮৪) এগৰাকী বলীউডৰ ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ। তেওঁ হিন্দী চলচ্চিত্ৰ আৰু গুজৰাটী গীতৰো এগৰাকী মঞ্চ গায়িকা।
-
প্ৰিয়া পুনিয়া
প্ৰিয়া পুনিয়া (জন্ম ৬ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ।২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় মহিলা ক্ৰিকেট দলত ২০১৮–১৯ চনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা ক্ৰিকেট শৃংখলাত তেওঁৰ অভিষেক ঘটে। আৰু ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়।
-
প্ৰিয়া সৰোজ
প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী। তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
প্ৰীতি সাৰণ
প্ৰীতি সাৰণ (:Preeti Saran জন্ম ৫ ছেপ্টেম্বৰ ১৯৫৮)
-
প্ৰেমলীলা বিথালদাস থাকাৰচি
লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী। শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।
-
পৰমজিৎ কৌৰ গুলছন
পৰমজিৎ কৌৰ গুলশন (Paramjit Kaur Gulshan, জন্ম-৪ জানুৱাৰী ১৯৪৯) ফৰিদকোটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আৰু শিৰোমণি আকালি দল (সংযুক্ত)ৰ সদস্য। চতুৰ্দশ লোকসভাত তেওঁ বাথিন্দাক প্ৰতিনিধিত্ব কৰিছিল।
-
পৰেশ চৌধুৰী
পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।
-
পৰ্দীছ পৌৰাবেদীনি
পৰ্দীছ পৌৰাবেদীনি (ফাৰ্চী: پردیس پورعابدینی; জন্ম ১০ এপ্ৰিল ২০০০) এগৰাকী ইৰানী অভিনেত্ৰী। আঘাজাদেহ (ব্লু ব্লাড; ২০২০–২০২১) ধাৰাবাহিকত ৰাজিয়ে মোগাদ্দাম আৰু ফেৰেশতেহছ চিন (২০২৩–২০২৪) ধাৰাবাহিকত ফেৰেশতেহ খাদেম চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ফটৌমাটা বেৰী
ফটৌমাটা বেৰী ( Fatoumata Barry) জন্ম: ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা গিনিৰ এজন স্থপতিবিদ আৰু লেখক। তেওঁ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত, আৰু অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
ফাং ৱানয়ি
ফাং ৱানয়ি (ইংৰাজী: Fang Wanyi; ১৭৩২ – ১৭৭৯) এগৰাকী চীনা কবি আৰু চিত্ৰশিল্পী আছিল। ১৭৫২ চনত তেওঁ চিত্ৰশিল্পী লুঅ' পিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু স্বামীৰ সৈতে যুটীয়াভাৱে তথা স্বতন্ত্ৰভাৱেও কেইবাখনো ছবি অংকন কৰে।
-
ফাংনন কন্যাক
এছ ফাংনন কন্যাক এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি, নাগালেণ্ড গোটৰ মহিলা মৰ্চাৰ সভাপতি। ২০২২ চনৰ মাৰ্চ মাহত, তেওঁ নাগালেণ্ডৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
ফাকুৱা দৌল, জয়সাগৰ
ফাকুৱা দৌল (পাকুৱা দৌল বা জয়মতীৰ স্মৃতিসৌধ) হৈছে আহোম বংশ ইটাৰে নিৰ্মিত এটা দৌল। এই দৌলটো অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ জয়সাগৰ পুখুৰীৰ ওচৰত অৱস্থিত। ১৭০৩–১৭০৪ চনৰ আশে-পাশে স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰাইছিল।
-
ফাটুমাটা বাল্ডে
২০০৩ চনৰ ছেপ্টেম্বৰ মাহত অভ্যুত্থান নোহোৱালৈকে ফাটুমাটা ড্জাউ বাল্ডে গিনি-বিছাউৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল। গিনি বিছাউ চৰকাৰত কেইবাটাও ভূমিকা গ্ৰহণ কৰিছে। তেওঁ সামাজিক সংহতি আৰু নিয়োগ ৰাজ্য সচিব, পৰ্যটন মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
ফাতিমা আল-ফিহৰী
ফাতিমা বিন্ত মহম্মদ আল-ফিহৰিয়া ( ইংৰাজী: Fatima Bint Muhammad Al-Fihri)আল-কুৰাছিয়া এগৰাকী আৰব মহিলা আছিল। যিয়ে ৮৫৭–৮৫৯ খ্ৰীষ্টাব্দত মৰক্কোৰ ফেজত আল-কাৰাৱিয়িন মছজিদ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। উম্ম আল-বানিন নামেৰেও পৰিচিত। আল-ফিহৰিয়াৰ মৃত্যু হৈছিল প্ৰায় ৮৮০ খ্ৰীষ্টাব্দত।
-
ফাৰজানা বাৰী
ফাৰজানা বাৰী (Farzana Bari,জন্ম-৭ মাৰ্চ ১৯৫৭) এগৰাকী পাকিস্তানী নাৰীবাদী, মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ যিয়ে ইছলামবাদ পাকিস্তানৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন বিভাগৰ পৰিচালক হিচাপে কাম কৰিছিল।
-
ফাৰাংগিছ য়েগানেগী
ফাৰাংগিছ য়েগানেগী (শ্বাহৰোখ) Farangis Yeganegi (Shahrokh)(১১ মে' ১৯১৬ তেহৰাণ – ১৩ ফেব্ৰুৱাৰী ২০১০, কেলিফৰ্ণিয়া) ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল।
-
ফাৰ্জানেহ কাবোলী
ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।
-
ফিৰডোছ আৰা বেগম
ফিৰডোছ আৰা বেগম (Ferdous Ara Begum) এগৰাকী বাংলাদেশী অৰ্থনীতিবিদ, লিংগ বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী। তেওঁ ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিৰ সদস্য আছিল আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ লিংগ বিষয়ৰ বিশেষজ্ঞ পৰামৰ্শদাতা আছিল।
-
ফুলকুমাৰী কলিতা
ফুলকুমাৰী কলিতা (Phulkumari Kalita; ১৯৪৯– ২০২০) অসমৰ এগৰাকী লোক সংস্কৃতিৰ সংৰক্ষক-গৱেষক-প্ৰসাৰক, সাহিত্যিক, শিক্ষাবিদ, অভিনেত্ৰী, বক্তা তথা সমাজ সেৱিকা। তেওঁ বিদ্যায়তনিক চিন্তা-চৰ্চাৰে লোক-কৃষ্টিৰ অধ্যয়নক অনন্য মাত্ৰা প্ৰদান কৰিছিল।
-
ফুলতি গিদালি
ফুলতি গিদালি (ইংৰাজী: Fulti Gidali; ১৯১১ - ২০১৯) এগৰাকী ভাৰতীয় লোকগায়িকা। তেওঁ "ষাইটোল সম্ৰাজ্ঞী" হিচাপে পৰিচিত আছিল।
-
ফুলৱা কৰ্মকাৰ
ফুলৱা খামকাৰ ( Phulwa Khamkar; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ আৰু নৃত্যশিল্পী, যিয়ে বলীউড আৰু মাৰাঠী ছবিত কাম কৰে। তেওঁ ১৯৯৭ চনৰ ভাৰতৰ প্ৰথম ডান্স ৰিয়েলিটি শ্ব' বুগী ৱুগী, ছিজন ১ৰ বিজয়ী আৰু ২০১৩ চনৰ ডান্স ইণ্ডিয়া ডান্স ছুপাৰ মমছৰ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম আছিল।
-
ফেৰদৌচ আৰা
ফেৰদৌচ আৰা (বাংলা: ফেব়দৌস আব়া) এগৰাকী বাংলাদেশী নজৰুল সংগীত শিল্পী। তেওঁ বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান একুশে পদক লাভ কৰা এগৰাকী বিশিষ্ট গায়িকা।