অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা বৰা

প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ১৫ অক্টোবৰ ২০২৪ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।

কৰ্মজীৱন

১৯৯৪ চনৰ ৮ ফেব্ৰুৱাৰীত অসমৰ গৌৰীপুৰত প্ৰিয়ংকা বৰাই জন্মগ্ৰহণ কৰিছিল। ৰিয়েলিটি শ্ব’ এমটিভি স্প্লিটছভিলাত আত্মপ্ৰকাশ কৰাৰ সময়ত তেওঁ বিমান সংস্থা এটাৰ ক্ৰু‌ (সদস্য) হিচাপে কৰ্মৰত আছিল।১ তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ মডেলিং অনুষ্ঠানসমূহতো অংশগ্ৰহণ কৰিছিল আৰু পিছলৈ হিন্দী ধাৰাবাহিক সিদ্ধি বিনায়কত অভিনয় কৰিছিল।

বৰাই ৱেব-ধাৰাবাহিক ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰিছে।২৩৪৫ পৰবৰ্তীত ৰং টিভিৰ মোৰ মিনতি তৰা হয় যদি নামৰ ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ অসমীয়া দূৰদৰ্শনতো অভিষেক ঘটায়।৬৭

চলচ্চিত্ৰপুঞ্জী

দূৰদৰ্শন

বৰ্ষশিৰোনামভূমিকাটোকা
২০১৫এমটিভি স্প্লিটছভিলাপ্ৰতিযোগীছিজন ৮
২০১৭–২০১৯সিদ্ধি বিনায়কপ্ৰাচী যোশীহিন্দী
২০২১–বৰ্তমানমোৰ মিনতি তৰা হয় যদিপ্ৰীতিঅসমীয়া

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামভূমিকাপ্লেটফৰ্ম
২০১৭–২০১৮ৰাগিণী এমএমএছ: ৰিটাৰ্ণছআৰতিঅল্টবালাজী

তথ্যসূত্ৰ

  1. ↑ Dam, Swagata. (2 November 2016). This Ex-Splitsvilla Contestant Is Now An Air Hostess. MissMalini
  2. ↑ (29 September 2017). Rakshanda Khan to join 'Ragini MMS' web series. Gulf News
  3. ↑ (30 May 2019). Caution: The climax of Ragini MMS Returns will be too hot to handle!. Free Press Journal
  4. ↑ (10 October 2017). Ragini MMS Returns holds no bar, titillates and spooks the audience!. Midday.com
  5. ↑ (29 September 2017). Rakshanda to make her digital debut. The Statesman
  6. ↑ Assamese Tv Serial Mur Minoti Tora Hoi Jodi - Cast & Crew
  7. ↑ Mur Minoti Tora Hoi Jodi (2021)

সম্পৰ্কিত শ্ৰেণী

ধুবুৰী জিলাৰ ব্যক্তিঅসমীয়া অভিনেত্ৰীভাৰতীয় ৱেব ধাৰাবাহিকৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা বৰা” প্ৰবন্ধৰ সংশোধন ৪৩৭৯১৬ (১৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।