জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পি. কে. মেদিনী
পি. কে. মেদিনী (ইংৰাজী: P. K. Medini) এগৰাকী বিপ্লৱী গায়ক, সংগীতজ্ঞ, মঞ্চ শিল্পী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী৷ তেওঁ ঐতিহাসিক পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহৰ এজন অংশগ্ৰহণকাৰী, ভাৰতৰ কমিউনিষ্ট দলৰ নেতা আৰু কেৰেলাৰ এজন প্ৰখ্যাত সমাজকৰ্মী। ১৯৯৯ চনত মেডিনি কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
পিটাৰ পল ৰুবেন্স
ছাৰ পিটাৰ পল ৰুবেন্স (ইংৰাজী: Peter Paul Rubens/ ˈ r uː b ən z / ROO -bənz; ডাচ: ˈpeːtər pʌul ˈrybəns; ২৮ জুন ১৫৭৭ – ৩০ মে' ১৬৪০) এজন ফ্লেমিছ শিল্পী আৰু কূটনীতিবিদ আছিল। তেওঁক ফ্লেমিছ বেৰক পৰম্পৰাৰ আটাইতকৈ প্ৰভাৱশালী শিল্পী হিচাপে গণ্য কৰা হয়।
-
পিয়েৰী ভাৰ্ণিয়াৰ
পিয়েৰী ভাৰ্ণিয়াৰ (Pierre Vernier) আছিল এজন ফৰাচী গণিতজ্ঞ আৰু সঁজুলি উদ্ভাৱক। জোখমাখৰ বাবে ব্যৱহাৰ কৰা ভাৰ্ণিয়াৰ স্কেল তেখেতেই আৱিষ্কাৰ কৰিছিল, সেয়েহে তেওঁৰ নামেৰেই স্কেলডালৰ নামকৰণ কৰা হৈছিল।
-
পীতাম্বৰ সিদ্ধান্তবাগীশ
পীতাম্বৰ সিদ্ধান্তবাগীশ (১৫২৫-১৬১৫) হ'ল কামৰূপীয় স্মৃতি ধাৰাৰ সৰ্বশ্ৰেষ্ঠ নিবন্ধকাৰ। এইজন পণ্ডিত মঙ্গলদৈৰ নিকটৱৰ্তী অঞ্চলত জন্ম হৈছিল আৰু নিজ পাণ্ডিত্যৰ বলত তেখেতে ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা লক্ষ্মীনাৰায়ণৰ (১৫৮৪-১৬২২) সভাতো কাৰ্যনিৰ্বাহ কৰিছিল।
-
পুনমবেন মাদম
পুনমবেন মাদম (জন্ম ১৯৭৪) ভাৰতৰ গুজৰাট ৰাজ্যৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ জামনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ দ্বাৰকা জিলাৰ খাম্ভালিয়াৰ পৰা গুজৰাট বিধানসভাৰ সদস্য আছিল।
-
পুষ্পাৱল্লী
পুষ্পাৱল্লী ( Pushpavalli; ৩ জানুৱাৰী ১৯২৬ – ২৮ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু আৰু তামিল ছবিত কাম কৰিছিল। তেওঁ সম্পূৰ্ণ ৰামায়ণ (১৯৩৬) ছবিখনত শিশু অভিনেত্ৰী হিচাপে কিশোৰী সীতাৰ এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
-
পুষ্পৰাম কঁহাৰ
পুষ্পৰাম কঁহাৰ আছিল অসমৰ এগৰাকী সংগ্ৰামী, বিপ্লৱী আৰু কাঁহ শিল্পী। উনৈশ শতিকাৰ চতুৰ্থ দশকত সৰ্থেবাৰী তামুলী চুপাত পুষ্পৰাম কঁহাৰৰ জন্ম হয়। পুষ্পৰাম কঁহাৰে জাতকাঁহী, থোক তামোল, ময়ুৰগছা, বৰপেটা সত্ৰৰ ধাতুৰে নিৰ্মিত দুৱাৰ, সৰ্থেবাৰী তামুলী চুপাৰ কীৰ্তন ঘৰৰ ধাতুৰ দুৱাৰ আৰু আসন, সৰ্থেবাৰী আতাথেৰ চুপাৰ…
-
পুষ্পৱতী পয়পাদথু
পুষ্পৱতী পি আৰ, (পুষ্পৱতী পয়পাদথু নামেৰেও পৰিচিত) হ'ল এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ আৰু গীতিকাৰ। কৰ্ণাটকী কণ্ঠৰ প্ৰশিক্ষণপ্ৰাপ্ত পুষ্পৱতীয়ে চেম্বাই মেম'ৰিয়েল গভৰ্ণমেণ্ট মিউজিক কলেজ, পলাক্কাডৰ পৰা স্নাতকোত্তৰ ডিপ্লমা (গণপ্ৰবীণ) লাভ কৰিছে আৰু গুৰু মংগদ নাটেছনৰ অধীনত উন্নত প্ৰশিক্ষণ লাভ কৰিছে…
-
পূজা ঠাকুৰ (ভাৰতীয় বায়ুসেনা)
পূজা ঠাকুৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনা বিষয়া। তেওঁ ট্ৰাই-চাৰ্ভিচেছ গাৰ্ড অফ অনাৰৰ প্ৰথম মহিলা কমাণ্ডিং বিষয়া আছিল। ২০১৫ চনৰ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই পৰীক্ষা কৰিছিল।
-
পূজা প্ৰিয়ংকা
পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী। তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।
-
পূজা সুদ
পূজা সুদ (Pooja Sood) হ'ল এগৰাকী ভাৰতীয় কিউৰেটৰ আৰু কলা ব্যৱস্থাপনা পৰামৰ্শদাতা। তেওঁ খোজ আন্তঃৰাষ্ট্ৰীয় শিল্পী সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য আৰু সঞ্চালক।
-
পূৰবী বসু
পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটাআৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।
-
পেট্ৰিচিয়া বাৰ্গলুণ্ড
পেট্ৰিচিয়া এ বাৰ্গলুণ্ড মিছিগান বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ছ’চিয়েল ৰিচাৰ্চৰ এগৰাকী গৱেষক। ২০১৪, ২০১৫ আৰু ২০১৬ চনৰ ক্লাৰিভেট এনালাইটিক্সৰ তালিকাত তেওঁক মনোৰোগ আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত "উচ্চ উদ্ধৃত গৱেষক"ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
পোনাকণ বৰুৱা
পোনকান বৰুৱা অসম গণ পৰিষদৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।
-
প্ৰকৃতি শ্ৰেষ্ঠ
প্ৰকৃতি শ্ৰেষ্ঠ (प्रकृति श्रेष्ठ; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ আৰ ষ্টাইল টিভিৰ সংগীত ভিডিঅ’ আইডিয়া হানি বানি-ত মডেল হিচাপে আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
-
প্ৰজ্ঞা কাপুৰ
প্ৰজ্ঞা কাপুৰ (: Pragya Kapoor;জন্ম যাদৱ); এগৰাকী ছুইডেনৰ মডেল, অভিনেত্ৰী আৰু ভাৰতীয় চিনেমাৰ প্ৰযোজক।তেওঁ ভাৰতীয় পিতৃ-মাতৃ ঘৰত ছুইডেনৰ বৰ্গহ’মত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ ডাঙৰ-দীঘল হৈছিল ছুইডেনৰ কাৰ্লছক্ৰ’নাত।
-
প্ৰজ্বল ৰেৱন্না
প্ৰজ্বল ৰেৱন্না (জন্ম ৫ আগষ্ট ১৯৯০) এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে হাছান সমষ্টিৰ পৰা ১৭ নং লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰণতি ৰায় প্ৰকাশ
প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।
-
প্ৰণয় বৰদলৈ
প্ৰণয় বৰদলৈ (Pranay Bordoloi) অসমৰ এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু লেখক।
-
প্ৰণীতি সিন্দে
প্ৰণীতি সুশীলকুমাৰ সিণ্ডে (Praniti Sushilkumar Shinde, জন্ম:-৯ ডিচেম্বৰ ১৯৮০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সোলাপুৰ লোকসভা সমষ্টিৰ সংসদ সদস্য। ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰণৱ দলে
প্ৰণৱ দলে (ইংৰাজী: Pranab Doley) অসমৰ এগৰাকী বিশিষ্ট যুৱ ৰাজনীতিবিদ, সমাজকৰ্মী আৰু কৃষক আন্দোলনৰ সক্ৰিয় নেতা। তেওঁ মানৱ অধিকাৰ আৰু খিলঞ্জীয়া লোকৰ ভূমি আৰু বন অধিকাৰৰ বাবে মাত মাতি আহিছে।
-
প্ৰতাপচন্দ্ৰ বৰুৱা
প্ৰতাপচন্দ্ৰ বৰুৱা (Pratapchandra Boruah; ১৯১১-১৯৩৮ চন) হৈছে অসমীয়া আধুনিকতাৰ উন্মেষ ঘটোৱা এজন চিত্ৰশিল্পী।
-
প্ৰতিভা সিং
প্ৰতিভা সিং ( Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য। প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী।
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
প্ৰদীপ আচাৰ্য্য
প্ৰদীপ আচাৰ্য্য একবিংশ শতাব্দীৰ অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, সমালোচক।
-
প্ৰবীণ তোগড়িয়া
প্ৰবীণ তোগড়িয়া (গুজৰাটী উচ্চাৰণ: [Praviṇa tōgaḍiyā]; জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী ভাৰতীয় চিকিৎসক আৰু হিন্দু জাতীয়তাবাদৰ অধিবক্তা। পেচাত এগৰাকী চিকিৎসক হ’লেও তেওঁ ২২ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে আৰু কিছুদিন পিছতেই আন্তৰ্জাতিক কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হয়।
-
প্ৰভা কিশোৰ তাভিয়াদ
ড° প্ৰভা কিশোৰ তাভিয়াদ (Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.
-
প্ৰভা চেটাৰ্জী
প্ৰভা আৰ. চেটাৰ্জী (Prabha Chatterji) ভাৰতৰ বাংগালুৰুৰ জন এফ ৱেলচ টেকন'লজি চেণ্টাৰ (পূৰ্বৰ জেনেৰেল ইলেক্ট্ৰিক গ্ল'বেল ৰিচাৰ্চ এণ্ড টেকন'লজি ডেভেলপমেণ্ট চেণ্টাৰ)ৰ এগৰাকী ভাৰতীয় বিজ্ঞানী।
-
প্ৰভা মল্লিকাৰ্জুন
প্ৰভা মল্লিকাৰ্জুন (Prava Mallikarjun; জন্ম: ১৫ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৮ নং লোকসভাত দৱনাগেৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য৷
-
প্ৰাৰ্থনা শইকীয়া
প্ৰাৰ্থনা শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু গৱেষক৷ বৰ্তমান গুৱাহাটী আই আই টিত গৱেষণাৰত৷।