ফাং ৱানয়ি (ইংৰাজী ভাষা: Fang Wanyi; ১৭৩২ – ১৭৭৯) এগৰাকী চীনা ভাষা কবি আৰু চিত্ৰশিল্পী আছিল।১২ ১৭৫২ চনত তেওঁ চিত্ৰশিল্পী লুঅ' পিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু স্বামীৰ সৈতে যুটীয়াভাৱে তথা স্বতন্ত্ৰভাৱেও কেইবাখনো ছবি অংকন কৰে।৩৪৫ তেওঁৰ জীৱনকালতে এই শিল্পকৰ্মসমূহৰ বহুতো বেইজিঙত প্ৰদৰ্শিত হৈছিল আৰু বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।৬
তেওঁৰ পৰিয়াল আনহুইৰ আছিল যদিও বিয়াৰ পিছত তেওঁ স্বামীৰ সৈতে ইয়াংঝৌলৈ গুচি যায়।১ তেওঁৰ পিতৃৰ নাম আছিল বাওজিয়ান আৰু ককাক ফাং ইউয়ানয়িং এজন কবি তথা ৰাজনীতিবিদ আছিল।১৭
ফাং ৱানয়ি এগৰাকী উচ্চ শিক্ষিত মহিলা আছিল। তেওঁ সন্মানীয় কবি শ্বেন দাচ্যেঙৰ ওচৰত কবিতা চৰ্চা কৰিছিল।১৭ তেওঁ এগৰাকী চিত্ৰশিল্পী, কবি আৰু লিপিকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল।১৩ তেওঁৰ কৰ্মৰাজিৰ কেইবাখনো কিতাপ আছে, যাৰ ভিতৰত পয়েমছ বাই বাইলান অন্যতম। তেওঁৰ এটা কাব্য সংকলন গ্ৰীভিং এ য়াং মেইডেন ইমানেই জনপ্ৰিয় আছিল যে চহৰখনৰ সকলোৱে ইয়াক মুখস্থ কৈ দিব পাৰিছিল বুলি কোৱা হয়।১
১৭৫৪ চনৰ আশে-পাশে ফাং ৱানয়িয়ে কেইবাগৰাকীও বিশিষ্ট মহিলা কবিৰ এক সমাৱেশৰ আয়োজন কৰিছিল। এই অনুষ্ঠানটো শিল্পী গুয়ান জিনীঙৰ ৰিচাইটিং পয়েমছ ইন দ্য ফিমেল কোৱাৰ্টাৰ্ছ অন এ উইণ্টাৰ ডে শীৰ্ষক চিত্ৰখনত অংকিত কৰা হৈছে।৮১
ফাং ৱানয়ি আৰু লুঅ' পিঙে তেওঁলোকৰ কৰ্মশালাত একেলগে শিল্প চৰ্চা কৰিছিল। তেওঁলোকৰ মাজত এক গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁলোকে কবিতাৰ জৰিয়তে এজনে আনজনক প্ৰশংসা কৰিছিল।১ কবিতাত তেওঁলোকে প্ৰায়ে এজনে আনজনক ছদ্মনামেৰে সম্বোধন কৰিছিল: লুঅ' পিং আছিল 'টু পিকছ' আৰু ফাং ৱানয়ি আছিল 'হোৱাইট লটাছ'।৬ ফাং ৱানয়িৰ মৃত্যুৰ বহু বছৰ পিছতো লুঅ' পিঙে অংকন কৰা এটা প্ৰতিকৃতিত বৃদ্ধ ব্যক্তিজনে এটি বগা পদুম ফুল ধৰি থকা দেখা গৈছিল।১
তথ্যসূত্ৰ
- ↑ Karlsson, Kim. (2004). Luo Ping: The Life, Career, and Art of an Eighteenth-century Chinese Painter. Peter Lang. ISBN 978-3-03910-223-5
- ↑ Lu, Weijing. (2021-07-22). Arranged Companions: Marriage and Intimacy in Qing China. University of Washington Press. ISBN 978-0-295-74913-6
- ↑ Li, Xifan. (2022-10-03). A General History of Chinese Art: Qing Dynasty. Walter de Gruyter GmbH & Co KG. ISBN 978-3-11-079093-1
- ↑ Patron, Ernesto Carlos Pujazon; Choon Woon, Chong; Elias, Jose Domingo. (2022-09-01). THE PECULIAR REVELATIONS: SCROLLS PAINTINGS FROM THE WORLDS OF LUÓ PÌNG - 罗聘 (1733-1799). International Journal of Heritage, Art and Multimedia. পৃ. 01–15
- ↑ Hsü, Cheng-chi. (1987). Patronage and the Economic Life of the Artist in Eighteenth Century Yangchow Painting. University of California, Berkeley
- ↑ Rogers, Howard; Lee, Sherman E. (1988). Masterworks of Ming and Qing Painting from the Forbidden City. International Arts Council. ISBN 978-0-9621061-2-5
- ↑ Lee, Lily Xiao Hong; Lau, Clara; Stefanowska, A. D. (2015-07-17). Biographical Dictionary of Chinese Women: v. 1: The Qing Period, 1644-1911. Routledge. ISBN 978-1-317-47588-0
- ↑ Lee, De-Nin D. (2017). More Than Mere Diversion: Painting and Tihuashi in the Life of Luo Qilan. Archives of Asian Art. পৃ. 61–82
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাং ৱানয়ি” প্ৰবন্ধৰ সংশোধন ৫৯১১৫৩ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।