অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়া সৰোজ

প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী। তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী।২ তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।৩ ২০২৫ চনৰ ৮ জুন তাৰিখে ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ সৈতে তেওঁৰ বাগদান সম্পন্ন হয়।৪৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৮ চনৰ ২৩ নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰিয়া সৰোজে জন্ম গ্ৰহণ কৰিছিল।৬

প্ৰিয়াই নতুন দিল্লীৰ এয়াৰ ফোৰ্স গোল্ডেন জুবিলি ইনষ্টিটিউটত স্কুলীয়া শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক (বি এ) ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰে। এমিটি বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক (এলএলবি) ডিগ্ৰী লৈকে তেওঁৰ শৈক্ষিক যাত্ৰা অব্যাহত আছিল।৭

ৰাজনৈতিক জীৱন

সৰোজ ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত মছলীচহৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে।৮ তেওঁ ভোলানাথ সৰোজক ৩৫৮৫০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।৯১০

তথ্যসূত্ৰ

  1. ↑ Gupta, Naina. (5 June 2024). 25 की उम्र में सांसद बनीं प्रिया सरोज कौन हैं? अखिलेश यादव से है खास कनेक्शन, जानें कितनी है धन-दौलत और क्या करती हैं काम. Jansatta
  2. ↑ PTI. (4 June 2024). Youngest and oldest winners: SP's Pushpendra and Priya Saroj aged 25, DMK's T R Baalu 82. ThePrint
  3. ↑ Punjabi, Tanishq. (5 June 2024). Meet Youngest Candidates, All 25, Who Won Lok Sabha Polls To Become MPs. NDTV
  4. ↑ Rinku Singh engagement: India cricketer gets engaged to Samajwadi Party MP Priya Saroj in a high-profile ceremony - The Economic Times. m.economictimes.com
  5. ↑ Rinku Singh-Priya Saroj Engagement: A Look At High-Profile Cricket Weddings · Cricket News. NDTV Sports
  6. ↑ Centre, National Informatics. Digital Sansad. Digital Sansad
  7. ↑ (5 June 2024). First time parliamentarian: Machhalishahr’s Priya vows to work for youth, women. The Hindustan Times
  8. ↑ (4 June 2024). Machhlishahr Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin. News18
  9. ↑ (4 June 2024). Machhlishahr, Uttar Pradesh Lok Sabha Election Results 2024 Highlights: Priya Saroj Triumphs by 35850 Votes. India Today
  10. ↑ (4 June 2024). Machhlishahr (SC) election results 2024 live updates: BJP's Bholanath vs SP's Priya Saroj. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদৰাজনৈতিক ক্ষেত্ৰত নাৰীউত্তৰ প্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া সৰোজ” প্ৰবন্ধৰ সংশোধন ৬০২৪৮৯ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।