জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নিকোলাছ লৰেন্স বৰ্মন
নিকোলাছ লৰেন্স বৰ্মন (Nicolaas Laurens Burman; ২৭ ডিচেম্বৰ ১৭৩৪ – ১১ ছেপ্টেম্বৰ ১৭৯৩) আছিল এগৰাকী ডাচ উদ্ভিদবিদ। তেওঁ জোহানেছ বৰ্মন (১৭০৭–১৭৮০)ৰ পুত্ৰ আছিল। পিতৃৰ পিছত তেৱেঁই আমষ্টাৰডামৰ এথেনিয়াম ইলাষ্ট্ৰে আৰু হৰ্টাছ বটানিকাছতত উদ্ভিদ বিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিম্মী
নিম্মী (জন্ম:নবাব বানো; Nimmi; ১৮ ফেব্ৰুৱাৰী ১৯৩৩ – ২৫ মাৰ্চ ২০২০), হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগৰ" অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে গণ্য কৰা নিম্মি ১৯৫০ দশকৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
নিহাৰ ৰঞ্জন দাস
নিহাৰ ৰঞ্জন দাস এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৪ চনৰপৰা অসম বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে ধলাই বিধানসভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰি জয়লাভ কৰে।
-
নিৱেদিতা সম্ভাজীৰাও মানে
নিৱেদিতা সম্ভাজীৰাও মানে (Nivedita Sambhajirao Mane, জন্ম ১১ এপ্ৰিল ১৯৬৩) ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু শিৱসেনাৰ সৈতে জড়িত এগৰাকী ৰাজনীতিবিদ। তেওঁ ১৪ নং লোকসভাৰ সদস্য আছিল।
-
নিৱৰুতি ৰায়
নিৱৰুতি ৰায় (: Nivruti Rai জন্ম প্ৰায় ১৯৬৯) ইণ্টেল ইণ্ডিয়াৰ মুৰব্বী আৰু ইণ্টেল ফাউণ্ড্ৰি চাৰ্ভিচেছৰ উপ-সভাপতি আছিল। ভাৰতৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে।
-
নীলম শৰ্মা
নীলম শৰ্মা (: Neelum Sharma; ৭ মাৰ্চ ১৯৬৯ – ১৭ আগষ্ট ২০১৯) এগৰাকী ভাৰতীয় এংকৰ আছিল যি দূৰদৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক এংকৰ হিচাপে আটাইতকৈ বেছি পৰিচিত আছিল আৰু ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল।
-
নীলম সোণকাৰ
নীলম সোণকাৰ (Neelam Sonkar; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ দলটোৰ প্ৰাৰ্থী হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ লালগঞ্জ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১৬ নং লোকসভাত প্ৰৱেশ কৰে৷
-
নীলা কাদ্ৰী বালোছ
নীলা কাদ্ৰী বালোছ (Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
-
নীলিমা গুপ্তে
নীলিমা এম. গুপ্তে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯৭৬ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, ১৯৭৮ চনত বোম্বে আই. আই. টিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ১৯৮৩ চনত ষ্টনী ব্ৰুক ছুনিৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে।
-
নীলোৎপল বৰা
নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
-
নুনু (গায়িকা)
নেওমি আহাৰোনি-গাল (হিব্ৰু:נעמי אהרוני-גל; জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৯৮), তেওঁৰ মঞ্চ নাম নুনু (נונו), ইজৰাইলৰ এজন পৰিবেশক।
-
নুৰজাহান বসু
নুৰজাহান বসু (Noorjahan Bose; জন্ম: ১৪ মাৰ্চ ১৯৩৮)এগৰাকী বাংলাদেশী লেখিকা আৰু মহিলা অধিকাৰ কৰ্মী। ২০১৬ চনত আত্মজীৱনী শাখাত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। তেওঁ আশা আৰু সংহাতী – মহিলা সবলীকৰণত গুৰুত্ব আৰোপ কৰা এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।
-
নুৱা ফুৱেনটেছ
নুৱা ইলিচাবেথ ফুৱেনটেছ এগুইৰে (Nua Elizabeth Fuentes Aguirre; জন্ম: ২৮ জুন, ১৯৯১) এগৰাকী ইকুৱেডৰৰ সমাজবিজ্ঞানী, পাৰফৰমেন্স আৰ্টিষ্ট আৰু ট্ৰেন্সফেমিনিষ্ট সক্ৰিয়তাবাদী।
-
নেহা কাপুৰ
নেহা কাপুৰ (Neha Kapur; জন্ম: ৩১ মাৰ্চ ১৯৮৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০০৬ বিজয়ী আৰু মিছ ইউনিভাৰ্ছ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বিগ বেং থিয়ৰীৰ তাৰকা কুনাল নায়াৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।
-
নেহা বৰা
নেহা বা নেহা বৰা এগৰাকী ভাৰতীয় ছাত্ৰ কৰ্মী। বৰ্তমান তেওঁ সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নেহাল চুদাসামা
নেহাল চুদাছামা (Nehal Chudasama; জন্ম ২২ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মডেল, ফিটনেছ কনচালটেণ্ট আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ এগৰাকী ই.এম.চি. হিচাপেও কাম কৰে। তেওঁ ২০১৮ চনৰ মিছ ডিভা ইউনিভাৰ্ছৰ মুকুট পিন্ধা নেহালে ২০১৮ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
নৱমী গগৈ
নৱমী গগৈ (Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব।
-
নৱাংগ ভুটিয়া
নৱাংগ ভুটিয়া (Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim) নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।
-
নৱাল টাটা
নৱাল টাটা এগৰাকী প্ৰখ্যাত ভাৰতীয় উদ্যোগপতি আছিল। ভাৰতৰ বিখ্যাত টাটা গ্ৰুপৰ এজন উল্লেখযোগ্য সদস্য। তেওঁ ৰতন টাটা, জিম্মী টাটা আৰু নৱেল টাটাৰ পিতৃ।
-
পদুমী গগৈ
পদুমী গগৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত আঘাত পাইছিল আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড দিছিল৷ পিছত মুকলি হৈছিল যদিও লাঠিৰ আঘাতৰ…
-
পদ্মিনী চেট্টুৰ
পদ্মিনী চেট্টুৰ ( Padmini Chettur; জন্ম: ১৯৭০) এগৰাকী ভাৰতীয় সমকালীন নৃত্যশিল্পী আৰু চন্দ্ৰলেখাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতৰ চেন্নাইত নিজাকৈ নৃত্য কোম্পানী "পদ্মিনী চেত্তুৰ ডাঞ্চ কোম্পানী" চলায়।
-
পপী হাজৰিকা
পপী হাজৰিকা (ইংৰাজী: Popy Hazarika; জন্ম: ৮ ডিচেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। ২০২১ চনত তাছকেন্দত অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে। ২০২২ চনৰ জুলাই মাহত তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৫৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত সপ্তম স্থান লাভ কৰে।
-
পবিত্ৰ ৰাভা (ৰাজনীতিক)
পবিত্ৰ ৰাভা (PABITRA RABHA) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।
-
পল্লৱী গুঙ্গাৰাম
পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল।
-
পানীন্দ্ৰনাথ গগৈ
পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) অসমৰ এজন সাহিত্যিক। তেখেতৰ গৃহ জিলা লখিমপুৰ। গগৈ দেৱ লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ সমসাময়িক এজন সাহিত্যিক আছিল। তেখেতৰ নামত প্ৰকাশিত তিনিখন গ্ৰন্থৰ তথ্য পোৱা যায়। সেয়া হ’ল ক্ৰমে- লৰাশিক্ষা আগছোৱা, লৰাশিক্ষা মাজছোৱা আৰু লৰাশিক্ষা শেহছোৱা।
-
পাপৰি বসু
পাপৰি বসু (বাংলা: পাপড়ি বসু) এগৰাকী বাংলাদেশী স্বাধীনতা সংগ্ৰামী, শিক্ষয়িত্ৰী, সমাজকৰ্মী আৰু নাৰী অধিকাৰ কৰ্মী। ২০১৯ চনত তেওঁ বেগম ৰকেয়া পদক সন্মানেৰে সন্মানিত হৈছিল।
-
পামেলা চেটাৰ্জী
পামেলা চেটাৰ্জী (: Pamela Chatterrjeeজন্ম প্ৰায় ১৯৩০) এগৰাকী ভাৰতীয় লেখিকা আৰু গ্ৰাম্য কৰ্মী। তেওঁৰ প্ৰকল্পটোৱে ৬ লাখ ২৫ হাজাৰ হেক্টৰ মাটি পুনৰ উদ্ধাৰ কৰিছিল। তেথেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ বঁটাৰে সন্মান জনোৱা হয়।
-
পাৰভেজ ৰব
পাৰভেজ ৰব (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এজন সুৰকাৰ আৰু সঙ্গীত পৰিচালক আছিল। তেখেত মুঠ ৭৫ খন বাংলাদেশী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰিছিল। ২০১৯ চনৰ ৫ ছেপ্টেম্বৰত ৫৬ বয়সত তেখেতৰ মৃত্যু হয়।
-
পি এচ নটৰাজ পিল্লাই
পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)
-
পি ভি আৰ ৰাজা
পি ভি আৰ ৰাজা (PVR Raja,పివిఆర్ రాజా, பி. வி. ஆர். ராஜா) (জন্ম: জুন ১, ১৯৮৫) এজন ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু গীটাৰিষ্ট। তেওঁ মূলতঃ তেলেগু ছবিত কাম কৰি আছে। তেলেগু চুটি ছবিৰ সৰ্বাধিক স্ক'ৰ কৰাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। তেওঁ চুটি ছবিৰ ইলাইয়াৰাজা হিচাপে স্বীকৃতি লাভ কৰে।