ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
জন্ম আৰু পৰিয়াল
গায়নৰ ১৯৩৯ চন ১১ এপ্ৰিলত নগাঁৱৰ পুৰণিগুদামৰ মূঢ়ানি গাঁৱত জন্ম হয়। তেওঁৰ পিতৃ জয়নাথ গায়ন, এগৰাকী শিক্ষক আৰু মাতৃ নিৰূপমা গায়ন। দাম্পত্যসংগী প্ৰভা গায়ন। তেওঁৰ তিনিটা সন্তান, ক্ৰমে পাৰ্থপ্ৰতীম গায়ন, চিন্ময় গায়ন আৰু মৃণ্ময় গায়ন।১
শিক্ষা
ফণীন্দ্ৰনাথ গায়নে পুৰণিগুদাম মোক্তাব আৰু ১৯নং মূঢ়ানি প্ৰাইমাৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লৈ পিছত নগাঁও মহাবিদ্যালয় (বৰ্তমান (নগাঁও বিশ্ববিদ্যালয়)ৰ পৰা স্নাতক আৰু যোৰহাট শিক্ষণ মহাবিদ্যালয়ৰ পৰা বি.টি. ডিগ্ৰী লাভ কৰে। তেওঁ ভাৰত স্কাউট মাষ্টাৰৰো প্ৰশিক্ষণ লাভ কৰিছিল।১
কৰ্মজীৱন
ছাত্ৰাৱস্থাৰ পৰাই তেওঁ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা মাধ্যমিক বিদ্যালয়, চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু চাৰিআলি হেমবৰুৱা বুনিয়াদী বিদ্যালয়ত অংশকালীনভাৱে কাম কৰিছিল। ১৯৬১ চনৰ পৰা পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থায়ীভাবে শিক্ষকতা কৰে আৰু তাৰপৰাই উপাধ্যক্ষৰূপে ১৯৯৯ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে।১
সাহিত্য চৰ্চা
ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা গায়নৰ অষ্টম শ্ৰেণীত থাকোঁতেই অসম বাণী কাকতত প্ৰথম পদ্য প্ৰকাশ হৈছিল। তাৰ পিছৰ পৰাই তেওঁ অসমৰ বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থত লেখা প্ৰকাশ কৰি আহিছে। তেওঁ উপন্যাস, কবিতা, গল্প, প্ৰবন্ধ-আলোচনা, জীৱনী সাহিত্য, শিশু সাহিত্য আদি সাহিত্যৰ প্ৰায় সকলো বিভাগতে অৰিহণা আগবঢ়াইছে। এটা দীঘলীয়া সময়ৰ বাবে তেওঁ অসমৰ আগশাৰীৰ কাকত আলোচনী অসম বাতৰি, নীলাচল, দৈনিক অসম, সাদিনীয়া সংবাদ, দ্যা আছাম এক্সপ্ৰেছ, দ্যা নৰ্থ ইষ্ট টাইমছ্ আদিত সাংবাদিকতাৰে অৰিহণা যোগাইছে। আইজনী গায়ন, নীলকণ্ঠ মহাস্থবিৰ আৰু কল্পনা হাজৰিকা ছদ্মনামতো তেওঁ বিভিন্ন লেখা প্ৰকাশ কৰিছে।১
উপন্যাস:
- প্ৰহৰ শেষৰ গান
- অমৃত আশ্বাদ
- অভিনন্দিত প্ৰত্যুষ
কবিতা:
- অনুষ্টুপ অভীস্পা
- প্ৰেমে প্ৰতিপদে
গল্প:
- নয়ন নিগৰে
- চতুৰ্ভূজ
- যুধিষ্ঠিৰৰ অপমৃত্যু
- বিদেহ বৈৰী
প্ৰবন্ধ গ্ৰন্থ
- গুৰুজনাৰ প্ৰতিভা
- আলোক পথৰ অজেয় যাত্ৰী
জীৱনী:
- জীৱন জেউতি
- অমত ছহিদ
- শ্ৰীমন্ত শংকৰদেৱ
- আনন্দৰাম বৰুৱা
- লক্ষ্মীনাথ বেজবৰুৱা
- পদ্মনাথ গোহাঞিবৰুৱা
- গোপীনাথ বৰদলৈ
- বাণীকান্ত কাকতি
- কৃষ্ণকান্ত সন্দিকৈ
- কুশল কোঁৱৰ
- বিষ্ণুপ্ৰসাদ ৰাভা
- জ্যোতিপ্ৰসাদ আগৰৱালা
- লাচিত বৰফুকন
- ড° ৰাজেন্দ্ৰ প্ৰসাদ
- হেমচন্দ্ৰ বৰুৱা
- নোবেল বঁটা বিজয়ী নৱৰত্ন
- মাদাৰ টেৰেছা
শিশু সাহিত্য:
- সাধু শুনো আহা
- ৰংমেলাৰ সাধু
- এচিয়া মহাদেশৰ সাধু
- ইতিহাসৰ সোণালী পাত
- সোণালী নদীৰ ৰজা (অনু:)
- আমাৰ পদ্মনাথ
- কৈশোৰৰ বিষ্ণুপ্ৰসাদ
- মহান দেশৰ ৰসাল সাধু
- সেউজী দেশৰ সুৱদী সাধু
- ৰামায়ণৰ সাধু
- মৰুদেৱৰ মুক্তি
- ৰং শিঙাৰ সুৰ
- ৰংমেলাৰ পদ্য
- অকণিৰ পদ্য মহাভাৰত
- শুৱনি দেশৰ সুৱদি সাধু
- বিৰিণাৰ বিননি (নাটক)
অভিনয়
তেওঁ নগাঁৱৰ বিভিন্ন মঞ্চত অভিনয় প্ৰদৰ্শন কৰিছিল। উত্তৰকাল আৰু অগ্নিগড় ছবিত অভিনয় কৰে আৰু নামঘৰীয়া নামৰ টিভি ধাৰাবহিকতো অভিনয় কৰে। তেওঁ ৰেডিঅ’ অনুষ্ঠানতো ভাগ লৈছিল আৰু তেওঁৰ আলেখ্য প্ৰচাৰ হৈছিল।১
বঁটা-সন্মান
২০০০ চনত অসম চৰকাৰে তেওঁক সাহিত্যিক পেন্সন প্ৰদান কৰে। অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও শাখাই ২০২৫ চনত “জীৱন জোৰা সাধনা বঁটা’’২ আৰু ২০২৬ চনত অসমীয়া সাহিত্য সন্মিলনীয়ে সন্মিলনীৰ সৰ্বোচ্চ সন্মান “সদস্য বৰেণ্য’’ বঁটা প্ৰদান কৰে।১
তথ্যসূত্ৰ
- ↑ ভূঞা, ভাস্কৰ (সম্পাদনা). (২০২৬). অসমীয়া সাহিত্য সন্মিলনীৰ সদস্য বৰেণ্য সন্মান. অসমীয়া সাহিত্য সন্মিলনী. পৃ. ১০-১৮
- ↑ জীৱনজোৰা সাধনা বঁটা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফণীন্দ্ৰনাথ গায়ন” প্ৰবন্ধৰ সংশোধন ৬২৫৪৫৪ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।