প্ৰীতি সাৰণ (:Preeti Saran জন্ম ৫ ছেপ্টেম্বৰ ১৯৫৮) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰ ১৯৮২ ব্যাচৰ এগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী। ২০১৮ চনৰ ডিচেম্বৰ মাহত সাৰণ ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সমিতিলৈ বিনাপ্ৰতিদন্দিতাৰে নিৰ্বাচিত হয়। ১
ব্যক্তিগত জীৱন
প্ৰীতি সাৰণে বি.এ. (অনাৰ্ছ) ডিগ্ৰী আৰু দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজ ফৰ উইমেনৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ পংকজ সাৰণৰ সৈতে বিবাহ হৈছিল।২ পংকজ সাৰণ ভাৰতীয় বৈদেশিক সেৱাৰ অন্তৰ্গত চৰকাৰী কৰ্মচাৰী আছিল৩ আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁলোকৰ দুজন পুত্ৰ আছে।৪
কৰ্ম জীৱন
১৯৮২ চনৰ আগষ্ট মাহত প্ৰীতি সাৰণ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। তেওঁ যথাক্ৰমে মস্কো, ঢাকা, কায়ৰো, জেনেভা, টৰন্টো আৰু ভিয়েটনামত ভাৰতীয় মিছনত সেৱা আগবঢ়াইছিল। ১ সাৰণ টৰন্টোত ভাৰতৰ কনছুল জেনেৰেল আৰু ভিয়েটনামত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। ২০১৬ চনৰ মাৰ্চৰ পৰা ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সচিব (পূব) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫
সাৰণ ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সমিতিৰ সদস্য হয়।১ ভিজন ইণ্ডিয়া ফাউণ্ডেশ্যনৰ চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ফৰেইন ৰিলেচনৰ গুৰু হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।৬
তথ্যসূত্ৰ
- ↑ Former Indian Diplomat Preeti Saran Elected to UN's Socio-Economic, Cultural Panel - News18. www.news18.com
- ↑ IANS. (2015-11-27). Pankaj Saran named India's new ambassador to Russia | Business Standard News. Business Standard India. Business-standard.com
- ↑ Centre's Naga talks interlocutor RN Ravi becomes Deputy National Security Advisor | india news | Hindustan Times. www.hindustantimes.com
- ↑ Ambassador
- ↑ Vijay Thakur made MEA Secretary - NATIONAL - the Hindu. www.thehindu.com
- ↑ (19 December 2014). Team | Vision India Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি সাৰণ” প্ৰবন্ধৰ সংশোধন ৫৪৬৪৪১ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।