অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰীতি শংকৰ

প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।১

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

এটি খ্ৰীষ্টান ধৰ্মাৱলম্বী গোৱান পৰিয়ালত প্ৰীতি শংকৰে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ইনোচেন্সিয়ো মণ্টেইৰো ভাৰতীয় সেনাবাহিনীৰ এগৰাকী ব্ৰিগেডিয়াৰ আৰু মাতৃ ছফিয়া২ আছিল গণিত আৰু ফৰাচী ভাষাৰ এগৰাকী শিক্ষয়িত্ৰী আছিল।

১৯৫৮ চনত, তেওঁৰ পিতৃ-মাতৃ পুনেৰ খড়কৱাছলাৰ পৰা জম্মুলৈ গুচি যায় য’ত তেওঁৰ পিতৃয়ে ভাৰত-পাকিস্তান সীমান্তৰ সুৰনকোটেত সেৱা আগবঢ়াইছিল। এই পদক্ষেপৰ ফলস্বৰূপে, প্ৰীতিয়ে ছয় মাহৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰিলে। এই সময়ছোৱাত মাকে তেওঁক ঘৰতে পঢ়ুৱাইছিল। কেইবছৰমান পিছত তেওঁ পুনেলৈ উভতি আহি ফাৰ্গুচন কলেজত নামভৰ্তি কৰে।৩ পিছলৈ তেওঁ দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিত অধ্যয়ন কৰে। ১৯৬৮ চনত তেওঁ প্ৰথমগৰাকী মহিলা২ হিচাপে তাৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকী বিষয়ত ব্যাচেলৰ অৱ টেকনোলজি ডিগ্ৰী লাভ কৰে।৩ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মেৰিলেণ্ড বিশ্ববিদ্যালয়, কলেজ পাৰ্কত আবেদন কৰে য’ৰ পৰা ১৯৭২ চনত, তেওঁ পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।৪ এবছৰৰ পাছত ভাৰতলৈ উভতি আহি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি)ৰ চেণ্টাৰ ফৰ অটোমেচনত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰি অৱসৰ পৰ্যন্ত তাতেই কৰ্মৰত থাকে।৩

১৯৭৯ চনত, প্ৰীতিয়ে বিচিএইচ কʼড প্ৰস্তুত কৰি বিজ্ঞানৰ ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। এইবোৰ সসীম ক্ষেত্ৰৰ ওপৰত সংজ্ঞায়িত কৰা হৈছিল আৰু সেয়েহে সসীম বলয়ৰ ওপৰত কাৰ্যক্ষম হৈ পৰিছিল। ২০০২ চনত, তেওঁ ৱাই এন শ্ৰীকান্তৰ সৈতে চি আৰ চি প্ৰেছৰ সহ-সম্পাদক আছিল। তেওঁ ভাৰতৰ সমনীয়াৰ পৰ্যালোচিত সাময়িকী ৰেজোনেন্সৰ নেতৃত্ব ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল।২

ব্যক্তিগত জীৱন

প্ৰীতিৰ কেইবাগৰাকীও ভাই-ভনী আছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল সুনিতা নোৰোনহা; বিবেক মণ্টেইৰো, এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী; অঞ্জলি মণ্টেইৰো, এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু সংবাদ মাধ্যম অধ্যয়নৰ অধ্যাপিকা; আৰু নন্দিতা ডি ছৌজা এগৰাকী বিকাশ আৰু আচৰণগত শিশুৰোগ বিশেষজ্ঞ।২ ১৯৭৪ চনত, তেওঁ বেংগালুৰুৰ নেশ্যনেল এৰ’স্পেচ লেবৰেটৰীজৰ তাত্ত্বিক তৰল গতিবিদ পি.এন.শংকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৬ চনত, তেওঁলোকৰ নচিকেত নামৰ এজন পুত্ৰ সন্তান জন্ম হয় আৰু ১৯৮৩ চনত, মৃদুলা নামৰ এজনী কন্যা সন্তানৰ জন্ম হয়।৩

সন্মান

২০০৭ চনত, শংকৰে শিক্ষকতাৰ উৎকৃষ্টতাৰ বাবে জয়া জয়ন্ত বঁটা লাভ কৰাৰ লগতে ২০০৬ চনৰ পৰা ২০০৯ চনৰ ভিতৰত ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ্ছৰ দ্বাৰা তেওঁক বিশিষ্ট প্ৰবক্তা হিচাপে নিৰ্বাচিত কৰা হয়।২

উত্তৰাধিকাৰ

নৱনিৰ্মিতি লাৰ্নিং ফাউণ্ডেশ্যনৰ ইউএমইডি ভৱনত প্ৰীতি শংকৰ লাইব্ৰেৰী অৱ পপুলাৰ মেথ এণ্ড ছায়েন্স স্থাপন কৰা হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ PROFESSOR PRITI SHANKAR. ভাৰতীয় বিজ্ঞান একাডেমী
  2. ↑ (2012). Priti Shankar (1947–2011). Current Science
  3. ↑ From the abstract to the concrete. Computer Science Association
  4. ↑ Priti Monteiro (Shankar). Mathematics Genealogy Project Department of Mathematics North Dakota State University
  5. ↑ Priti Shankar Library. Navnirmiti Learning Foundation

সম্পৰ্কিত শ্ৰেণী

শিক্ষাবিদকৰ্ণাটকৰ ব্যক্তিকম্পিউটাৰ বিজ্ঞানীভাৰতীয় মহিলা বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি শংকৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫২৬৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।