প্ৰিয়ম্বদা মোহান্তী হেজমাদী ( Priyambada Mohanty Hejmadi ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, বিজ্ঞানী, শিক্ষাবিদ, শিল্প লেখক আৰু জীৱবিজ্ঞানী।১ ১৯৩৯ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা প্ৰিয়ম্বদাই বান বিহাৰী মাইতিৰ অধীনত সৰুৰে পৰাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওডিছি আয়ত্ত কৰিছিল। ১৯৫৪ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত তেওঁৰ ওডিচি প্ৰদৰ্শনে এই অনুষ্ঠানত উপস্থিত থকা হাংগেৰীৰ বিখ্যাত শিল্প সমালোচক চাৰ্লছ ফেব্ৰিৰ জৰিয়তে এই নৃত্যৰ ৰূপটোক আন্তঃৰাষ্ট্ৰীয় মনোযোগ লাভ কৰাত সহায় কৰা বুলি কোৱা হয়।২
প্ৰিয়ম্বদাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত এন আৰ্বাৰৰ মিচিগান বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। প্ৰিয়ম্বদা ভাৰতীয় বিজ্ঞান একাডেমীৰ ফেলো।৩ তেওঁ নৃত্য আৰু প্ৰাণীবিজ্ঞান উভয়ৰে ওপৰত বহুতো প্ৰবন্ধ৪ আৰু কিতাপ লিখিছে; যাৰ ভিতৰত আছে,- ওডিছি: এন ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম।৫ এই গ্ৰন্থখনত ভাৰতীয় ওডিছিৰ শাস্ত্ৰীয় ৰূপৰ ইতিহাস আৰু বিৱৰ্তনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে।৬
তথ্যসূত্ৰ
- ↑ (2015). Mukteswar Dance Festival Concludes. Odisha360
- ↑ (5 November 2004). Heroine by chance. দ্য হিন্দু
- ↑ (2015). IAS Fellow. Indian Academy of Sciences
- ↑ Priyambada Mohanty Hejmadi. (April 2010). Rushdie does an Odissi. Narthaki
- ↑ Author Search Results. crossasia-bibliographies.ub.uni-heidelberg.de
- ↑ Priyambada Mohanty Hejmadi, Ahalya Hejmadi Patnaik. (2007). Odissi: An Indian Classical Dance Form. Aryan Books International. পৃ. 152. ISBN 978-8173053245
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ম্বদা মোহান্তী হেজমাদী” প্ৰবন্ধৰ সংশোধন ৪৯৬৬৭৪ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।