জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিটিএছ
বিটিএছ (কোৰীয় ভাষা:방탄소년단; উচ্চাৰণ: বাংতান সোণিয়োন্দান) হৈছে ৭ জনীয়া দক্ষিণ কোৰিয়াৰ বয় বেণ্ড। ৭ জনীয়া বেণ্ডটোৱে ২০১০ চনত বিগহিট মিউজিকৰ অধীনত ট্ৰেইনী আৰু ২০১৩ চনত ২ কুল ৪ স্কুলৰ অধীনত বিশ্বব্যাপী আত্মপ্ৰকাশ কৰে।
-
বিদ্যা ৰাও (কণ্ঠশিল্পী)
বিদ্যা ৰাও (Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।
-
বিদ্যাৱতী চতুৰ্বেদী
বিদ্যাৱতী চতুৰ্বেদী (Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।
-
বিনীতা বল
বিনীতা বল আছিল নেচনেল ইনষ্টিটিউট অৱ ইমিউন’লজিৰ বিজ্ঞানী তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰীৰ মহিলা বিজ্ঞানৰ টাস্ক ফ’ৰ্চৰ সদস্য।
-
বিনীতা বৰুৱা
ড° বিনীতা বৰুৱা (১৯৬১-২০২১) অসমৰ এগৰাকী শিক্ষাবিদ তথা ভাষাবিজ্ঞানৰ গৱেষিকা আছিল। তেওঁ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা আছিল।
-
বিনীশ বাষ্টিন
বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম আৰু তামিল ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
বিন্ধ্যবাসিনী দেৱী
বিন্ধ্যবাসিনী দেৱী (মৃত্যু ২০০৬) এগৰাকী ভাৰতীয় লোকসংগীতজ্ঞ। তেওঁ বিহাৰ কোকিল হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ আছিল লোকসংগীতক প্ৰচাৰ কৰা পাটনাস্থিত সংগীত একাডেমী বিন্ধ্যা কলা মন্দিৰৰ প্ৰতিষ্ঠাপক।
-
বিপাশা বৰা
বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।
-
বিভা দত্ত নেওগ
বিভা দত্ত নেওগ ( Bibha Dutta Neog) একাধাৰে নিবন্ধকাৰ, কবি, গীতিকাৰ, গল্পকাৰ, সম্পাদক, পাঠ্যপুথি প্ৰণেতা আৰু গৱেষক। দীৰ্ঘদিন ধৰি বিভা দত্ত নেওগে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত গৱেষণামূলক লেখনিৰে সমৃদ্ধ কৰি আহিছে।
-
বিমলা কুমাৰী
সাৰুংবাম বিমলা কুমাৰী দেৱী (Bimola Kumari) এগৰাকী ভাৰতীয় চিকিৎসক তথা ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফল পশ্চিম অঞ্চলৰ মুখ্য চিকিৎসা বিষয়া। ১৯৭৯ চনৰ পৰা মণিপুৰ ৰাজ্যিক চিকিৎসা সেৱাত সেৱা আগবঢ়োৱাৰ লগতে বেছিভাগ সময় গ্ৰাম্য অঞ্চলত কৰ্মৰত আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁ…
-
বিমলা পোদ্দাৰ
বিমলা পোদ্দাৰ (Bimla Poddar) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ব্যৱসায়ী, দানবীৰ আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত নিয়োজিত বাৰাণসী ভিত্তিক সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ জ্ঞান প্ৰৱাহৰ প্ৰতিষ্ঠাপক।
-
বিয়া আৰু ব্ৰাংকা
বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।
-
বিষ্ণু ভাৰতী
বিষ্ণু ভাৰতী আছিল শঙ্কৰদেৱৰ প্ৰায় সমসাময়িক কবি। তেওঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰপৰা বিষয়বস্তু সংগ্ৰহ কৰি 'ধ্ৰুৱ চৰিত্ৰ' আৰু 'ভাগৱত-ৰত্ন' নামে দুখন পুথি ৰচনা কৰে। 'ভাগৱত ৰত্ন', গ্ৰন্থখন দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ স্বৰূপ। এই গ্ৰন্ধখন ভাগৱত আচাৰ্যৰ 'ভাগৱত-কথাসূত্ৰ'ৰ একে পৰ্যায়ৰ।
-
বিষ্ণু শংকৰ জৈন
বিষ্ণু শংকৰ জৈন হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় এগৰাকী বিশিষ্ট অধিবক্তা আৰু আইনী কৰ্মী, যি হিন্দু ঐতিহ্যবাহী স্থানসমূহ পুনৰুদ্ধাৰৰ লক্ষ্যৰে উচ্চ-প্ৰফাইল আইনী যুঁজত তেওঁৰ নেতৃত্বৰ বাবে বহুলভাৱে স্বীকৃত।
-
বিষ্ণুদিগম্বৰ পালুস্কৰ
বিষ্ণু দিগম্বৰখ পালুস্কৰ (BISHNU DIGAMBARAKH PALUSKAR) হৈছে এগৰাকী সঙ্গীতৰ প্ৰতি আত্মোৎসৰ্গী, ত্যাগী, সন্ন্যাসী ব্যক্তি ৷
-
বিৰিঞ্চি কুমাৰ মেধি
বিৰিঞ্চি কুমাৰ মেধি এগৰাকী অসমীয়া গল্পকাৰ। তেওঁ উপন্যাস, শিশুৰ উপযোগী গ্ৰন্থ লিখাৰ লগতে গ্ৰন্থ সম্পাদনাও কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
-
বীৰমগুণ্টা পলেৰাম্মা মন্দিৰ
বীৰমগুণ্টা পলেৰাম্মা মন্দিৰ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ ২০০ বছৰ পুৰণি পুনৰ প্ৰতিষ্ঠিত মন্দিৰ, যিটো দেৱী পোলেৰাম্মাৰ বাবে পবিত্ৰ। পোলেৰম্মা হৈছে প্ৰাক- বৈদিক দেৱতা, যাক প্ৰধানকৈ অন্ধ্ৰ প্ৰদেশত পূজা কৰা হয়, আৰু শক্তিৰ স্থানীয় ৰূপ। তাইক গ্ৰাম দেৱতা (গাঁও ৰক্ষা কৰা দেৱী) হিচাপে পূজা কৰা হয়।
-
বীৰেন শৰ্মা
বীৰেন শৰ্মা অসমৰ এগৰাকী চিত্ৰনাট্য লেখক৷ তাৰোপৰি তেওঁ বিশ্বনাথ চাৰিআলিৰ পৰা মুক্তি পোৱা 'অভিযান' নামৰ অসমীয়া চলচ্চিত্ৰখনিৰ কাহিনীৰ লিখক৷
-
বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য (Birendra Prasad Baishya) ভাৰতবৰ্ষৰ এজন ৰাজনীতিবিদ। তেওঁ ১৯৯৬ চনত লোকসভা নিৰ্বাচনত অসমৰ মংগলদৈ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় তীখা আৰু খনিৰ মন্ত্ৰী পদৰ দায়িত্ব লাভ কৰে। তেওঁ ২০০৮ চনৰ পৰা ২০১৪ চনলৈ আৰু জুন ২০১৯ চনত আকৌ ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হয়।
-
বীৰেন্দ্ৰ শৰ্মা
বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে৷
-
বুনৰেউং বুয়াচান
বুনৰেউং বুয়াচান (Boonreung Buachan; ১৯৬৯ – ২২ মাৰ্চ, ২০০৪) আছিল সাপ চম্ভালিব পৰা ক্ষমতাৰ বাবে পৰিচিত এজন থাই ব্যক্তি, বিশেষকৈ তেওঁ ৰজা ফেঁটী চম্ভালিব পৰা ক্ষমতাক ৰাজহুৱা অভিনয়ত প্ৰদৰ্শন কৰিছিল।
-
বেগম বদৰুনেছা আহমেদ
বেগম বদৰুনেছা আহমেদ (Begum Badrunnessa Ahmed (১৯০৩ – ২০ এপ্ৰিল ১৯৮০) এগৰাকী বাংলাদেশী সমাজ কৰ্মী।
-
বেদৱতী বুঢ়াগোহাঁই
বেদৱতী বুঢ়াগোহাঁই আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদনত ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷
-
বৈজয়ন্তী চাৰী
বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।
-
বৈদ্যুতিক টাৱাৰ
বৈদ্যুতিক টাৱাৰ বা সংবহন টাৱাৰ বা শক্তি টাৱাৰ ( Transmission Tower or Power Tower) হৈছে এটা ওখ, সাধাৰণতে তীখাৰে নিৰ্মিত স্তম্ভ বা অৱয়ৱ য'ত বিদ্যুৎ পৰিবাহী তাঁৰক সংস্থাপিত কৰা হয়। এই টাৱাৰবোৰ উচ্চ ভল্টেজ আৰু নিম্ন ভল্টেজৰ দুয়োধৰণৰ প্ৰণালীতেই ব্যৱহাৰ কৰা হয়।
-
ব্ৰজ বিহাৰী বৰুৱা
ব্ৰজ বিহাৰী বৰুৱা (জন্ম: ৩ মাৰ্চ, ১৯৩৫ - মৃত্যু: ১২ এপ্ৰিল, ২০১৪) এজন বাংলাদেশী ৰাজনীতিবিদ, আধ্যাত্মিক সন্ত, কবি, দানশীল আৰু মুক্তি যুদ্ধ সংগঠক। ১৯৭১ চনৰ স্বাধীনতা যুদ্ধত তেওঁ ১ নং খণ্ডৰ অধীনত যুঁজিছিল।
-
বৰ্তিকা ঝা
বৰ্তিকা ঝা ( Vartika Jha; জন্ম: ৮ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় কৰিঅ’গ্ৰাফাৰ, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ ২০১৮ চনৰ ষ্টাৰ প্লাছৰ ডান্স ৰিয়েলিটি শ্ব' ডান্স প্লাছ, ৪ৰ্থ ছিজনৰ প্ৰতিযোগী আৰু ৰানাৰ্ছ আপ আছিল।
-
বৰ্ষা শিৱাকোটী
বৰ্ষা শিৱাকোটী (वर्षा सिवाकोटी) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ নেপালী চিনেমাত কাম কৰে৷ তাই প্ৰথম নেপালী চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় নাই নভন্নু ল ২ (২০১৪)ৰ যোগেদ। পশুপতি প্ৰসাদ (২০১৬), লপ্পন ছপ্পান (২০১৭) আৰু বীৰ বিক্ৰম ২ (২০১৯) ছবিতো অভিনয় কৰিছে।
-
ভবেন্দ্ৰ নাথ ভৰালী
ভবেন্দ্ৰ নাথ ভৰালী অসম গণ পৰিষদ এগৰাকী ৰাজনীতিবিদ। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টি পৰা প্ৰথম নিৰ্বাচিত হোৱা ভৰালীয়ে ২০২১ৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বানী হাজৰিকাক ১২,৪৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিধায়ক নিৰ্বাচিত হৈছিল।
-
ভাগৱতী দেৱী
ভাগৱতী দেৱী (Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।