ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি।১ ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।
প্ৰাৰম্ভিক জীৱন
ফাৰ্জানেহ কাবোলীৰ জন্ম আৰু শৈশৱ তেহৰাণত অতিবাহিত হৈছিল। তেওঁৰ পিতৃ-মাতৃ দুয়ো সংগীতজ্ঞ আছিল। তেওঁৰ খুৰাক আলী আছগৰ গৰ্মচিৰী ইৰানী থিয়েটাৰৰ এজন পথ-প্ৰদৰ্শক আছিল আৰু আন এজন খুৰাক হুচাং শোকতি এজন বিখ্যাত ইৰানী গায়ক আছিল।১
নৃত্য
১৮ বছৰ বয়সৰপৰা কাবোলীয়ে তিনি বছৰ ধৰি ইৰানী নেচনেল এণ্ড ফোকলোৰিক ডান্স একাডেমীত অধ্যয়ন কৰিছিল, যিখন ইৰাণৰ ৰাষ্ট্ৰীয় লোক-সংস্কৃতি সমাজৰ এখন বিদ্যালয় আছিল।২৩ এই একাডেমীত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নৃত্য প্ৰশিক্ষক আৰু ক’ৰিওগ্ৰাফাৰসকলক নিযুক্তি দিয়া হৈছিল। ইংলেণ্ডৰ ৰবাৰ্ট ডি ৱাৰেন আৰু তেওঁৰ পত্নী জেকেলিন ইয়াৰ প্ৰধান শিক্ষক আছিল।১২ পৰৱৰ্তী সময়ত তেওঁ একাডেমীৰ নৃত্য দল মাহাল্লীৰ এগৰাকী প্ৰধান নৃত্যশিল্পী হৈ পৰে।৩
ইৰানী বিপ্লৱৰ পূৰ্বে তেওঁ এগৰাকী বিখ্যাত বেলাৰিনা আছিল, কিন্তু ১৯৭৯ চনৰ পিছত তেওঁক ইৰাণত নৃত্য কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।৪৩ বিপ্লৱৰ পিছত তেওঁ টেহৰাণত থকা নিজৰ ফ্লেটত এক গোপন নৃত্য আন্দোলনৰ অংশ হিচাপে ব্যক্তিগত নৃত্য শ্ৰেণী আৰম্ভ কৰে।২৪৫ সেই সময়ত ৰাজহুৱাকৈ নৃত্য প্ৰদৰ্শন কৰাৰ অৰ্থ আছিল কাৰাগাৰ বা জৰিমনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা।৩ ১৯৯৮ চনৰ গ্ৰীষ্মকালত দীৰ্ঘ ২২ বছৰৰ বিৰতিৰ পিছত কাবোলীয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ৱাহদত হলত মঞ্চত প্ৰথমবাৰৰ বাবে নৃত্য পৰিৱেশন কৰে।৪ ১৯৯৯ চনত তেওঁ 'হাৰেকাট' নামৰ নিজা নৃত্য দল গঠন কৰে আৰু দূতাবাসসমূহৰ ভিতৰত কেৱল মহিলা দৰ্শকৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিছিল।৩
কাবোলীৰ কেইবাজনো উল্লেখযোগ্য নৃত্য শিক্ষাৰ্থী আছে, যাৰ ভিতৰত উলডুজ আহমদজাদেহ আৰু ইডা মেফ্টাহী অন্যতম।৫৩
অভিনয়
নৃত্যৰ উপৰি কাবোলী এগৰাকী অভিনেত্ৰী। ইৰানী বিপ্লৱৰ পিছত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।৩ অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথমটো মুখ্য ভূমিকা আছিল আকবৰ জঞ্জনপুৰৰ পৰিচালনাত আৰ্থাৰ মিলাৰৰ নাট অল মাই চনছত। সেই নাটকত তেওঁ খচৰো চাকিবায়ি, হাদী মাৰ্জবান আৰু সুৰায়া ঘাচেমীৰ দৰে অভিনেতা-অভিনেত্ৰীসকলক সহযোগিতা কৰিছিল। তেওঁ ১৯৮২ চনত হাদী মাৰ্জবানৰ নিৰ্দেশনাত মেমইৰ্ছ অৱ দা এক্টৰ ইন এ চাপৰ্টিং ৰোল নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ Farzaneh-kaboli. WomenIran.com
- ↑ (2019-07-02). What It's Like to Be a Dancer in the Islamic Republic of Iran. Dance Magazine
- ↑ Citron, Paula. (August 7, 2008). It's dance. Just don't call it that. The Globe and Mail. The Globe and Mail Inc
- ↑ Entekhabi-Fard, Camelia. (May 2001). Behind the Veil. Mother Jones
- ↑ Khorsand, Solmaz. Iran - Schonungsloser Körpereinsatz. Österreich Politik - Nachrichten - Wiener Zeitung Online
- ↑ Farzaneh Kaboli
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্জানেহ কাবোলী” প্ৰবন্ধৰ সংশোধন ৫৯৫৮২৫ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।