ফাৰাংগিছ য়েগানেগী (শ্বাহৰোখ) Farangis Yeganegi (Shahrokh)(১১ মে' ১৯১৬ তেহৰাণ – ১৩ ফেব্ৰুৱাৰী ২০১০, কেলিফৰ্ণিয়া) ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। তেওঁ ইৰাণৰ মহিলা সংগঠনৰ সহকাৰী মহাসচিব আছিল।১তেহৰাণত তেওঁ এটা পুথিভঁৰাল নিৰ্মাণ কৰি মৃত স্বামী "আৰ্দেশ্বিৰ য়েগানেগী" নামেৰে নামকৰণ কৰিছে।
জীৱন
১৯১৬ চনত তেহৰাণত ফাৰাংগিছ য়েগানেগীয়ে জন্মগ্ৰহণ কৰিছিল। ইৰাণৰ সংসদত তেওঁৰ পিতৃ কেইখোছৰ’ শ্বাহৰোখ আছিল জৰদস্তিসকলৰ প্ৰতিনিধি, আৰু মাতৃৰ নাম আছিল ফিৰুজেহ ফাৰাহী। য়েগানেগীয়ে ইৰাণ স্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল যিখন জৰদস্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছিল। ইয়াৰ পিছত তেহৰাণৰ ঋষি আমেৰিকান কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেহৰাণ বিশ্ববিদ্যালয়ৰ সাহিত্য মহাবিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২ইয়াৰ পিছত তেওঁ আমেৰিকালৈ যায় আৰু ইউ এছ চি চুজেন ড্ৱ'ৰাক-পেক স্কুল অৱ ছ'চিয়েল ৱৰ্কত শিক্ষা অব্যাহত ৰাখে আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩১৯৩৩ চনত তেওঁ আৰ্দেশ্বিৰ য়েগানেগীক বিয়া কৰায়৷ দম্পতীটোৰ ফিৰুজেহ, পাৰভিজ আৰু কাম্বিজ নামৰ তিনিটা সন্তান জন্ম হয়। পিছলৈ তেওঁ ভাৰতীয় এয়াৰ মাৰ্শ্বাল আৰু ইৰাণৰ ৰাষ্ট্ৰদূত এছপি ইঞ্জিনিয়াৰক বিয়া কৰায়।৪
তথ্যসূত্ৰ
- ↑ Oral History interview of Farangis Yeganegi Saharokh. Foundation for Iranian Studieslocation=Bethesda, MD, USA
- ↑ Ardeshir Yeganegi Library Symbol of Religious Tolerance in Iran. Library, Museum and Document Center of Iran Parliament
- ↑ farangis, kaykhosrow shahrokh (yeganegi). hamzoor, zoroastrian news website
- ↑ Kotwal, Firoze M. P. (2018). The Collected Scholarly Writings of Dastur Firoze M. Kotwal. Parzor Foundation. পৃ. 196. ISBN 978-81-910957-3-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰাংগিছ য়েগানেগী” প্ৰবন্ধৰ সংশোধন ৪৯১৫৩৪ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।