অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাকুৱা দৌল, জয়সাগৰ

ফাকুৱা দৌল (পাকুৱা দৌল বা জয়মতীৰ স্মৃতিসৌধ) হৈছে আহোম বংশ ইটাৰে নিৰ্মিত এটা দৌল। এই দৌলটো অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ জয়সাগৰ পুখুৰীৰ ওচৰত অৱস্থিত। ১৭০৩–১৭০৪ চনৰ আশে-পাশে স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰাইছিল।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ফাকুৱা দৌল (পাকুৱা দৌল বা জয়মতীৰ স্মৃতিসৌধ) হৈছে আহোম বংশ ইটাৰে নিৰ্মিত এটা দৌল। এই দৌলটো অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰৰ জয়সাগৰ পুখুৰীৰ ওচৰত অৱস্থিত। ১৭০৩–১৭০৪ চনৰ আশে-পাশে স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত ইয়াক নিৰ্মাণ কৰাইছিল। এই দৌলটোক জয়মতীৰ বলিদানৰ স্মৃতিত নিৰ্মিত আৰু অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ অংশ হিচাপে থিয় দিয়া অন্যতম স্মৃতিসৌধ হিচাপে গণ্য কৰা হয়।১ অৱশ্যে ইতিহাসবিদসকলৰ মাজত এই দৌলটোৰ নামক লৈ দ্বিমত থকা দেখা যায়। ফাকুৱা শব্দটোক পাকুৱা শব্দৰ অপভ্ৰংশ বুলিও কোনোকোনোৱে ক'ব খোজে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Fakuwa Doul. Sivasagar District Administration. Government of Assam

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাকুৱা দৌল, জয়সাগৰ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৯৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।