অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়া ছাৰাইয়া

প্ৰিয়া ছাৰাইয়া (ইংৰাজী: Priya Saraiya; জন্ম: ১৯ নৱেম্বৰ ১৯৮৪) এগৰাকী বলীউডৰ ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ। তেওঁ হিন্দী চলচ্চিত্ৰ আৰু গুজৰাটী গীতৰো এগৰাকী মঞ্চ গায়িকা।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰিয়া ছাৰাইয়া (ইংৰাজী: Priya Saraiya; জন্ম: ১৯ নৱেম্বৰ ১৯৮৪) এগৰাকী বলীউডৰ ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ।১২৩ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু গুজৰাটী গীতৰো এগৰাকী মঞ্চ গায়িকা।৪৫৬

শিক্ষা আৰু প্ৰাথমিক জীৱন

প্ৰিয়া পাঞ্চাল৭ নামেৰেও পৰিচিত প্ৰিয়া ছৰাইয়াই ছয় বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। মুম্বাইৰ গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ লৈছিল। লণ্ডনৰ ট্ৰিনিটি কলেজ অৱ মিউজিকৰ মুম্বাই শাখাৰ পৰা তেওঁ পশ্চিমীয়া সংগীতৰ প্ৰশিক্ষণ লৈছে।

সংগীত পৰিচালক কল্যাণজী–আনন্দজীৰ লিটল ৱাণ্ডাৰছ/ লিটল ষ্টাৰছ গোটৰ শিশু শিল্পী হিচাপে সমগ্ৰ বিশ্বৰ বহু ঠাই ভ্ৰমণ কৰি মঞ্চত অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁলোকৰ অধীনতো তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।৪৫৬

ব্যক্তিগত জীৱন

১৯৮৪ চনৰ ১৯ নৱেম্বৰত ভাৰতৰ মুম্বাই চহৰত প্ৰিয়া ছাৰাইয়াৰ জন্ম হৈছিল৷ শচীন–জিগৰ সংগীত যুটিৰ অন্যতম সংগীতজ্ঞ জিগৰ ছাৰাইয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ সহযোগী হিচাপে তেওঁ বলীউডৰ বাবেও গীত গাইছে৷৪

তথ্যসূত্ৰ

  1. ↑ Priya Saraiya. Gaana.com
  2. ↑ Hungama. Priya Saraiya. Hungama.com
  3. ↑ Hungama, Bollywood. (16 June 2023). Priya Saraiya Movies, News, Songs & Images - Bollywood Hungama. Bollywood Hungama
  4. ↑ ZEE5
  5. ↑ Peter Valambia. Deepak Anandji - Surat Indoor House full Navratari 2006 Part 1
  6. ↑ Peter Valambia. Deepak Anandji - Navratari 2002 Surat - Part 3
  7. ↑ Priya Panchal: People from Dharavi to Chandigarh are listening to world music - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া ছাৰাইয়া” প্ৰবন্ধৰ সংশোধন ৪৮৮১৭৩ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।