প্ৰিয়ংকা শ্বাহ (ইংৰাজী: Priyanka Shah) এগৰাকী ভাৰতীয় প্ৰাক্তন নেটবল খেলুৱৈ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৭ চনৰ মিছ টুৰিজিম ইণ্ডিয়াৰ বিজয়ী আৰু ২০০৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী। তেওঁ ২০০৫ চনৰ গেট গৰ্জিয়াছৰো বিজয়ী।
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
শ্বাহৰ পিতৃ-মাতৃ মহাৰাষ্ট্ৰৰ আৰু গুজৰাটী।১ শ্বাহে এম আই টি কলেজ পুনেৰ পৰা অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী লাভ কৰিছে।
২০০২ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা এছিয়ান যুৱ চেম্পিয়নশ্বিপত শ্বাহে নেটবলত অভিষেক ঘটায়।২ ভাৰতৰ ৰাষ্ট্ৰীয় নেটবল দলৰ প্ৰাক্তন অধিনায়ক।৩ ২০০৫ চনৰ এছিয়ান নেটবল চেম্পিয়নশ্বিপত তেওঁ জাতীয় দলৰ অধিনায়ক আছিল।৪
২০০৫ চনত তেওঁ ৰিয়েলিটি টেলিভিছন শ্ব' গেট গৰ্জিয়াছৰ দ্বিতীয় সংস্কৰণত জয়ী হয়।৫
২০০৮ চনত অভিনেতা ছিবিৰাজ আৰু কানাড়া অভিনেতা বিশাল হেজৰ সৈতে কল্লা কাধলান (Kalla Kadhalan) নামৰ এখন তামিল ছবিৰ জৰিয়তে অভিষেক ঘটোৱাৰ কথা আছিল যদিও ছবিখন স্থগিত কৰা হৈছিল। শ্বাহে মুম্বাইৰ কিশোৰ নমিত কুমাৰ অভিনয় বিদ্যালয়ত অভিনয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।
তথ্যসূত্ৰ
- ↑ Get Gorgeous Winner Priyanka Shah Makes Her Tamil Film Debut
- ↑ (23 September 2002). Priyanka selected. The Times of India
- ↑ Anand, Shilpa Nair. (29 May 2011). Kochi's date with fashion week. দ্য হিন্দু
- ↑ (23 November 2007). Malaysia will be my winning ground. The Times of India
- ↑ (13 June 2005). Getting gorgeous, in style. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা শ্বাহ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৯৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।