ফটৌমাটা বেৰী ( Fatoumata Barry) জন্ম: ১৯৫৪ চনত১ জন্ম গ্ৰহণ কৰা গিনিৰ এজন স্থপতিবিদ আৰু লেখক। তেওঁ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত, আৰু অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী।
জীৱনী
ফাটৌমাটাই ১৯৫৪ চনত মধ্য গিনিৰ মামৌত জন্মগ্ৰহণ কৰে।১ তেওঁৰ পিতৃ আছিল এজন চিকিৎসক আৰু ৰাজনীতিবিদ।২ ১৯৭৩ চনত ডনকাৰ লাইচি ২ août ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ক'নাক্ৰি বিশ্ববিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰে আৰু কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোৰ পৰা বৃত্তি গ্ৰহণ কৰি হাভানাত ৫ বছৰ ধৰি স্থাপত্য বিদ্যা অধ্যয়ন কৰে।৩ গিনিলৈ উভতি অহাৰ লগে লগে তেওঁ স্থপতিবিদ হিচাপে কাম কৰিবলৈ লয়। ২০০২ চনত তেওঁ আৰ্চি প্লাছ নামৰ নিজাকৈ এটা উদ্যোগ স্থাপন কৰে।৪ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত বেৰী ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ সভানেত্ৰী আছিল।২৫৪
তথ্যসূত্ৰ
- ↑ Ndungidi, Patrick. (2020-07-29). Les " bâtisseuses ", 11 femmes architectes qui redéfinissent l’architecture urbaine en Afrique. African Shapers
- ↑ (2019-01-25). Dame de Fer: Voici le Parcours de la première femme architecte en République de Guinée. Actualité Feminine
- ↑ www.actu-elles.info. (2019-02-13). Première femme architecte de Guinée, patronne d’un cabinet d’architecture, Mme Fatoumata Barry est une femme distinguée. ACTU-ELLES.INFO
- ↑ Akanni, Nadjath. (2021-09-22). Black African Women ‘Killing It’ in Architecture. Teakisi
- ↑ FAAPA. Tenue à Conakry du 22 au 23 juillet de l’assemblée générale de l’ONAG – FAAPA FR
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফটৌমাটা বেৰী” প্ৰবন্ধৰ সংশোধন ৪৯৯০৪১ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।