অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰেশ চৌধুৰী

পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।

হালনাগাদ: ৯ জুন ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।

জন্ম

চৌধুৰীৰ অসমৰ টিহু অঞ্চলৰ হাটখলাত জন্ম হয় আৰু পৰৱৰ্তীকালত অসমৰ নগাঁও চহৰৰ বাসিন্দা হৈ আমৃত্যু তাতেই থাকে। ১২

সামাজিক কৰ্ম

পৰেশ চৌধুৰী অসমৰ মাধ্যম আন্দোলন আৰু অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল। ছাত্ৰাৱস্থাৰে পৰা ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ তেওঁ পিছলৈ টিহু আৰু নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ দায়িত্ব বহন কৰিছিল। তেওঁ টিহু আঞ্চলিক ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক, টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক, নগাঁও ৰাইজিং ক্লাৱ, অসম ৰাইজিং চুপাৰষ্টাৰৰ সভাপতি আছিল।৩২৪

মৃত্যু

২০১৭ চনৰ ৫ এপ্ৰিলত ৬৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ (২০১৭). মাধ্যম আন্দোলনৰ নেতা পৰেশ চৌধুৰীৰ মৃত্যুত শোক. নিয়মীয়া বাৰ্তা
  2. ↑ (২০১৭). টিহুৰ প্ৰাক্তন ছাত্ৰনেতা পৰেশ চৌধুৰীৰ বিয়োগ. আমাৰ অসম
  3. ↑ (২০১৭). পৰেশ চৌধুৰী. দৈনিক অসম. পৃ. ৮
  4. ↑ (২০১৭). প্ৰাক্তন ছাত্ৰনেতা পৰেশ চৌধুৰীৰ মৃত্যু. অসমীয়া খবৰ. পৃ. ৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰেশ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১১৪৯৫ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।