জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মৌমিতা দত্ত
মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
য়'হান গটলীব ফিশট্য
য়'হান গটলীব ফিশট্য (Johann Gottlieb Fichte,; ১৯ মে ১৭৬২ – ২৯ জানুৱাৰী ১৮১৪) আছিল এজন জাৰ্মান দাৰ্শনিক, যি জাৰ্মান আদৰ্শবাদৰ এজন প্ৰতিষ্ঠাপক ব্যক্তিত্ব হৈ পৰিছিল। এই জাৰ্মান ভাৱবাদ ইমানুৱেল কাণ্টৰ তাত্ত্বিক আৰু নৈতিক লেখাসমূহৰ পৰা বিকশিত হৈছিল।
-
য়্যুং চ্যেং
য়্যুং চ্যেং (চীনা ভাষাত:张戎, Jung Chang জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ৱাইল্ড চোৱানচ্ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয়; কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।
-
যোগিতা বালী
যোগিতা বালী ( Yogeeta Bali; জন্ম: ১৩ আগষ্ট ১৯৫২) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী। ১৯৭০ দশকৰ আৰম্ভণিৰ পৰা ১৯৮০ দশকৰ শেষলৈকে তেওঁ সক্ৰিয় আছিল।
-
যোগেন চেতিয়া
যোগেন চেতিয়া অসমৰ এগৰাকী নাট্যকাৰ, মঞ্চ আৰু অনাতাঁৰ নাট্যশিল্পী, নাট পৰিচালক, নাট্য সমালোচক আৰু প্ৰাবন্ধিক আছিল। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷
-
লক্ষ্মী ছায়া
লক্ষ্মী ছায়া ( Laxmi Chhaya; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল। শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল।
-
লক্ষ্মীকান্ত বৰুৱা
লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
লখা সিংহ
ৰাণা লখা সিংহ (ৰাজত্ব ১৩৮২–১৪২১) মধ্যযুগীয় ভাৰতৰ মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। ৰাণা ক্ষেত্ৰ সিংহৰ পুত্ৰ তেওঁ ১৩৮২ চনৰ পৰা ১৪২১ চনত মৃত্যুৰ আগলৈকে মেৱাৰত শাসন কৰিছিল। লখাই কেইবাবাৰো বিবাহপাশত আবদ্ধ হৈছিল আৰু কমেও আঠজন পুত্ৰ সন্তান আছিল।
-
লিয়া ডিস্কিন
লিয়া ডিস্কিন(Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক।
-
শান্তনু ভাগ্যৰাজ
শান্তনু ভাগ্যৰাজ (சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
-
শান্তা ৰাও
শান্তা ৰাও ( Shanta Rao; আনুমানিক ১৯২৫ – ২৮ ডিচেম্বৰ ২০০৭) ভাৰতৰ এগৰাকী নৃত্যশিল্পী। কথকলি, ভাৰতনাট্যম আৰু কুচিপুড়ি অধ্যয়ন আৰু পৰিবেশন কৰিছিল। ধ্ৰুপদী নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা আৰু কালিদাস সন্মানেৰে সন্মানিত কৰা হয়।
-
শিলাদিত্য দেৱ
শিলাদিত্য দেৱ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টি ৰাজনৈতিক দলৰ সদস্য। তেওঁ ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত হোজাই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
শিৱানন্দ কাকতি
শিৱানন্দ কাকতি (Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল।
-
শিৱৰাম শৰ্মা বৰদলৈ
শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদক৷ ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাত অনুষ্ঠিত হোৱা সভাত তেওঁ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল৷
-
শৈলী সিং
শৈলী সিং (Shaili Singh; জন্ম: ৭ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় এথলীট যি লং জাম্প ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ তেওঁৰ বয়স গোটৰ শ্ৰেণীত কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়ন আৰু ১৮-অনুৰ্ধ শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২০জন লং জাম্পাৰৰ ভিতৰত স্থান লাভ কৰিছে।
-
শ্বাহ কালিম আল্লাহ জাহানাবাদী
খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।
-
শ্বাহিদা পাৰবীন
শ্বাহিদা পাৰবীন (ইংৰাজী: Shahida Parveen; ১৯৫৩ – ১৪ মাৰ্চ ২০০৩) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু লোক-গায়িকা। তেওঁক দ্য কুইন অৱ কাফি নামেৰে জনা গৈছিল।
-
শ্বাহিৰ শ্বেখ
শ্বাহিৰ শ্বেখ (জন্ম 26 মাৰ্চ 1984) এজন ভাৰতীয় অভিনেতা আৰু মডেল। তেওঁ অভিনেতা হোৱাৰ পূৰ্বে এজন উকিল আছিল। তেওঁ ভাৰতীয় টেলিভিচন জগতত স্মৰণীয় চৰিত্ৰ ৰুপায়ন কৰাৰ বাবে বিখ্যাত ইয়াৰ ভিতৰত কুচ্ ৰঙ্গ্ প্যাৰ কে এচে ভিৰ দেব দিক্ষিত আৰু মহাভাৰতৰ অৰ্জুনৰ চৰিত্ৰ অন্যতম।
-
শ্বেতা আগৰৱালা
শ্বেতা আগৰৱালা ঝা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ৰাঘবেন্দ্ৰ (২০০৩), তন্দুৰী লাভ (২০০৮), আৰু শাপিত (২০১০) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ টেলিভিছন উপস্থাপক, সহ অভিনেতা তথা বলীউডৰ গায়ক আদিত্য নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
-
শ্বেতা চেট্টী
শ্বেতা চেট্টী (Shweta Shetty; জন্ম: ২০ জুন ১৯৬৯) এগৰাকী ভাৰতীয় কন্ঠশিল্পী যি তেওঁৰ এলবামৰ বাবে আৰু বলীউড চলচ্চিত্ৰ চাউণ্ডট্ৰেকলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত। তাই হিন্দী আৰু কানাড়া ভাষাত গান গায়।
-
শ্বেৰবাহাদুৰ দেউবা
১৯৪৬ চনৰ ১৩ জুনত জন্মগ্ৰহণ কৰা শ্বেৰ বাহাদুৰ দেউবা এজন নেপালী ৰাজনীতিবিদ আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ২০১৬ চনৰ পৰা নেপালী কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
শ্যামা দে
শ্যামা দে শ্ব’ (জন্ম: ৮ জুলাই ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন অল-ৰাউণ্ডাৰ ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া বেটিং আৰু বাওঁহতীয়া বলিং কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে ভাৰতৰ হৈ তিনিখন টেষ্ট মেচ আৰু পাঁচখন ৱান ডে ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰিছিল। বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।
-
শ্ৰাৱন্তি নাইডু
শ্ৰাৱন্তি নাইডু ওৰফে স্থলম কৃষ্ণমূৰ্থ শ্ৰাৱন্তি নাইডু ( Sthalam Krishnamurth Sravanthi Naidu; জন্ম: ২৩ আগষ্ট ১৯৮৬) এগৰাকী ভাৰতীয় প্ৰাক্তন মহিলা ক্ৰিকেটাৰ। তেওঁ লেহেমীয়া বাঁওহতীয়া গতানুগতিক বলাৰ হিচাপে খেলিছিল।
-
শ্ৰীকান্ত কিদাম্বি
শ্ৰীকান্ত কিদাম্বি (Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে।
-
শ্ৰীনাথ দ্বিজ
শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছে: প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
-
শ্ৰুতি জয়ন
শ্ৰুতি জয়ন (ইংৰাজী: Sruthy Jayan) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেখেত এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী।
-
ষ্টেন বৰুৱা
ষ্টেন বৰুৱা (১৯১৮ - ১৯৮৯)ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল।
-
সংগীতা শইকীয়া
সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷
-
সঞ্জয় মালহোত্ৰা
সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল।