জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সত্য দেও সিং
সত্য দেও সিং (২৭ ফেব্ৰুৱাৰী ১৯৪৫ – ১৭ ডিচেম্বৰ ২০২০) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীক প্ৰতিনিধিত্ব কৰি বিভিন্ন দায়িত্বত আছিল।
-
সত্যকৃষ্ণ মিশ্ৰ
সত্যকৃষ্ণ মিশ্ৰ ( Satyakrishna Mishra)অসমৰ বৰপেটা জিলাত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ-বেহেলাবাদক, শিক্ষাবিদ, খেলুৱৈ আৰু অভিনেতা আছিল। তেওঁ শংকৰদেৱৰ পৰিয়ালৰ ৰামৰাম গুৰুৰ বংশধৰ আছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
-
সত্যেন্দ্ৰনাথ ঠাকুৰ
সত্যেন্দ্ৰনাথ ঠাকুৰ (Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।
-
সন্ধ্যা সূৰী
সন্ধ্যা সূৰী: Sandhya Suri, এগৰাকী ব্ৰিটিছ-ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু তথ্যচিত্ৰ নিৰ্মাতা।
-
সবিতা বেহেন
সবিতা বেহেন (১৯১৯-২০০৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী, শিক্ষাবিদ আৰু দ্বিকক্ষীয় ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু লিংগ সমতাৰ অধিবক্তা হিচাপে পৰিচিত আছিল আৰু ১৯৯০ চনত সমতা গণতন্ত্ৰ পৰিষদে তেওঁক বিশ্বৰ ৩৩০০ বিশিষ্ট জীৱিত মহিলাৰ ভিতৰত তালিকাভুক্ত…
-
সমিৰণ বৰুৱা
সমিৰণ বৰুৱা (Samiran Baruah) অসমৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী। সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা তৰুণ অসমীয়া চিত্ৰকৰসকলৰ ভিতৰত সমিৰণ বৰুৱা উল্লেখযোগ্য। তেওঁ ভাৰতৰ গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সহযোগী।
-
সাংখ্যয়ান
সাংখ্যয়ান আছিল ঋগবেদ গ্ৰন্থত উল্লেখ কৰা এগৰাকী বৈদিক ঋষি। তেওঁ বশিষ্ঠ ঋষিৰ বংশৰ আছিল। তেওঁ ঋগবেদৰ কৌশিতকী ব্ৰাহ্মণ গ্ৰন্থৰ লেখক আছিল যাক পিছলৈ সাংখ্যায়ন ব্ৰাহ্মণ বুলি কোৱা হৈছিল।
-
সায়েশা সৈগল
সায়েশা সৈগল (Sayesha Saigal), সায়েশা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গৰাকী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ উপস্থিত হয় আৰু তেওঁ হিন্দী আৰু তেলুগু চলচ্চিত্ৰতো উপস্থিত হৈছিল।
-
সাৰদাকান্ত বৰদলৈ
সাৰদাকান্ত বৰদলৈ (জন্ম: ২২ আগষ্ট ১৯০২ – মৃত্যু: ৫ চেপ্তেম্বৰ ১৯৮৫) এগৰাকী সুদক্ষ অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক আছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে লিখা নাটক মগৰীবৰ আজান (১৯৪৮) অসমীয়া সামাজিক নাটকৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত।
-
সাৰ্বভৌম ভট্টাচাৰ্য
সাৰ্বভৌম ভট্টাচাৰ্য শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। 'সৰু স্বৰ্গখণ্ড' আৰু 'বৰ স্বৰ্গখণ্ড' নামে সাৰ্বভৌম ভট্টাচাৰ্য ভণিতাযুক্ত দুখনি পুথিত ঘাইকৈ শংকৰদেৱৰ মাহাত্ম্য প্ৰচাৰ কৰা হৈছে।
-
সিদ্ধাৰ্থ ভট্টাচাৰ্য
সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। ভট্টাচাৰ্য্য অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
-
সিদ্ধু মূ্ছে ৱালা
শুভদীপ সিং সিদ্ধু (জন্ম ১১ জুন ১৯৯৩ মৃত্যু ২৯ মে' ২০২২), পেছাগতভাৱে সিদ্ধু মুছে ৱালা নামেৰে জনাজাত। was an Indian singer and rapper.তেওঁ প্ৰধানকৈ পাঞ্জাবী-ভাষাৰ সংগীত আৰু চিনেমাত কাম কৰিছিল। মুছেৱালাক সৰ্বকালৰ অন্যতম প্ৰভাৱশালী আৰু সফল পাঞ্জাবী ৰেপাৰ হিচাপে গণ্য কৰা হয়।
-
সুকুমাৰী
সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…
-
সুচিত্ৰা হান্সদা
সুচিত্ৰা হান্সদা ( Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।
-
সুজাতা মেহতা
সুজাতা মেহতা: Sujata Mehta এগৰাকী প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য।
-
সুপ্ৰকাশ ভূঞা
সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক। ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
সুমনা দাস
সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত।
-
সুমেইৰা আব্দুলআলি
সুমেইৰা আব্দুলআলি (Sumaira Abdulali; জন্ম: ২২ মে’, ১৯৬১) মুম্বাই নিবাসী এগৰাকী ভাৰতীয় পৰিৱেশবিদ, বেচৰকাৰী সংস্থা আৱাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা আৰু এক্টিভিষ্টসকলৰ প্ৰতি সততে প্ৰদৰ্শিত ভীতি, ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন ‘মিত্ৰ’ৰ আহ্বায়ক।
-
সুলক্ষণা নাইক
সুলক্ষণা নাইক ( Sulakshana Naik; জন্ম: ১০ নৱেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ উইকেট কীপাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলিছিল। ২০০২ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতৰ হৈ দুখন টেষ্ট মেচ, ৪৬ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৩১ খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।
-
সুলোচনা লাটকৰ
সুলোচনা লাটকৰ (জন্ম: ৰংগু দিৱান ; Sulochana Latkar; ৩০ জুলাই ১৯২৮ – ৪ জুন ২০২৩), মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল, যাক পৰ্দাৰ নাম সুলোচনা নামেৰে অধিক পৰিচিত। তেওঁ মাৰাঠী ভাষাত ৫০খন ছবি আৰু হিন্দী ভাষাত প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল।
-
সূৰ্য বৰা
সূৰ্য বৰাৰ জন্ম ১৯২৬ চনত তেতিয়াৰ নগাওঁ জিলাৰ জাগীত (এতিয়া মৰিগাওঁ জিলাৰ অন্তৰ্গত)। পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ভুৱনচন্দ্ৰ বৰা আৰু মনোৰমা বৰা। ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাপে ১৯৪৬ চনত মালিগাওঁ ৰেলৱে কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰা সূৰ্য বৰাই কৰ্মঅৱস্থাতে বি.কম.
-
সোমা দে
সোমা দে ( Soma Dey; জন্ম: ১৯৪৭) বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। গোবিন্দ ৰায়ৰ বিল্বমংগল (১৯৭৬) ছবিখনত চিন্তামণিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক পৰিচিত।
-
সোহম শ্বাহ
সোহম শ্বাহ (Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি…
-
স্পৰ্শ শ্ৰীবাস্তৱ
স্পৰ্শ শ্ৰীবাস্তৱ (Sparsh Shrivastava; জন্ম: ০৪ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। বালিকা বধূ নামৰ ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ ছবিজগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁ ২০২১ চনত কলাৰ বমকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত অভিনয় কৰে।
-
স্বৰণ লতা (কণ্ঠশিল্পী)
স্বৰণ লতা বা স্বৰণলতা (ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী। লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়।
-
সৰোজিনী মেহতা
সৰোজিনী মেহতা (Sarojini Mehta, (১৮৯৮-১৯৭৭) আছিল গুজৰাট, ভাৰতৰ এগৰাকী চুটিগল্পকাৰ। ১৮৯৮ চনত সৰোজিনী মেহতাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ৰমনভাই নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল বিদ্যাগৌৰী নীলকণ্ঠ। তেওঁলোক উভয়েই সমাজ-সংস্কাৰক আৰু লেখক আছিল।
-
হাছিবুল ইছলাম মিজান
হাছিবুল ইছলাম মিজান (১৯৫৭ – ১৮ এপ্ৰিল ২০১৯) বাংলাদেশৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। তেঁও অনেক বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল।
-
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন (২ এপ্ৰিল ১৮০৫ – ৪ আগষ্ট ১৮৭৫) এজন ডেনিছ লেখক আছিল। যদিও তেওঁ নাটক, ভ্ৰমণ বিৱৰণ, উপন্যাস আৰু কবিতা লিখিছিল, তেওঁ মূলত তেওঁৰ সাধুকথাবোৰৰ বাবে পৰিচিত। তেওঁৰ সাধুকথাবোৰ ৯খন খণ্ডত ১৫৬টা কাহিনী সংকলিত ৰূপত প্ৰকাশ পায় আৰু ১২৫টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।
-
হাম্মীৰ সিংহ দ্বিতীয়
মহাৰাণা হাম্মীৰ সিংহ দ্বিতীয় (১৭৬২ – ৬ জানুৱাৰী ১৭৭৮) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (মৃত্যু ১৭৭২–১৭৭৮)। তেওঁ আছিল মহাৰাণা দ্বিতীয় অৰি সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ ১৬ বছৰ বয়সত নিজ হাতত ৰাইফল ফাটি মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ কনিষ্ঠ ভাতৃ ভীম সিংহ মেৱাৰৰ পৰৱৰ্তী মহাৰাণা হৈ পৰে।
-
হিনা শ্বাহীন
হিনা শ্বাহীন (জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৭১) হৈছে এক পাকিস্তানি টেলিভিছন, চলচ্চিত্ৰ অভিনেত্ৰী আৰু মঞ্চ অভিনেত্ৰী।