য়্যুং চ্যেং (চীনা ভাষাত:张戎, Jung Chang জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ৱাইল্ড চোৱানচ্ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয়; কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।
তেওঁৰ স্বামী আইৰিছ ইতিহাসবিদ য়ন হেলিডেৰ সৈতে লিখা তেওঁৰ ৮৩২ পৃষ্ঠাৰ জীৱনী মাও জেদং, মাও: দ্য আননউন ষ্ট’ৰি জুন ২০০৫ চনত প্ৰকাশ হৈছিল।
চীনত

চ্যেঙৰ জন্ম ১৯৫২ চনৰ ২৫ মাৰ্চত য়িবিন, চিচুৱান প্ৰদেশত হৈছিল। তেওঁৰ মাক-দেউতাক দুয়ো চীনৰ কমিউনিষ্ট পাৰ্টিৰ বিষয়া আছিল। চ্যেঙৰ দেউতাক সাহিত্যৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল। সৰুতেই চ্যেঙৰ পঢ়া আৰু লিখাৰ সৈতে এটি নিবিড় সম্পৰ্ক গঢ়ি উঠে, ইয়াৰ ভিতৰত কবিতা লিখাৰ আগ্ৰহো অন্তৰ্ভুক্ত আছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়্যুং চ্যেং” প্ৰবন্ধৰ সংশোধন ৩০৭৮২১ (২৭ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।