যোগেন চেতিয়া অসমৰ এগৰাকী নাট্যকাৰ, মঞ্চ আৰু অনাতাঁৰ নাট্যশিল্পী, নাট পৰিচালক, নাট্য সমালোচক আৰু প্ৰাবন্ধিক আছিল। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷
জীৱন
১৯৩৩ চনৰ ১ এপ্ৰিলত শিৱসাগৰ জিলাৰ পানীবিলৰ লংকাকত যোগেন চেতিয়াৰ জন্ম হৈছিল৷ ১৯৫১ চনত নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ চেতিয়া দেৱে ১৯৫৫ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৬০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৬০ চনৰ ২ ছেপ্তেম্বৰত তেওঁ শিৱসাগৰ বিশ্ববিদ্যালয়ত প্ৰবত্তা ৰূপে যোগদান কৰি ১৯৯৩ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে৷ ১৯৬৬ চনৰ ২৪ এপ্ৰিলত তেওঁ তিলোত্তমা বুঢ়াগোহাঁইক বিবাহ কৰাই৷ ২০১৩ চনৰ ১২ অক্টোবৰত অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ দেহৱসান ঘটে৷
সাহিত্যিক অৱদান
একাংকিকা নাটক
- ধানটো-পতানটো
- এক কথা
- সৰু কথাই বৰ
অনুবাদ নাটক
- চেনেহৰ সোঁতা
- সতৰ্ক প্ৰহৰী
- ৰজা ইডিপাছ
- কোকলোঙা
শিশু নাট
- ভাকুটকুট
নাট্য সমালোচনা
- আধুনিক নাট্য-কলা
- নাটকৰ ৰূপ-ৰীতি আৰু মঞ্চায়ন
ইয়াৰে কেইখনমান নাটক বিদেশী নাটকৰ অভিযোজনা। চেনেহৰ সোঁতা নাটকখন ইংৰাজী নাট্যকাৰ Stanley Houghtonৰ - The Dear Departed নাটকৰ ৰূপান্তৰ। তেনেদৰে সতৰ্ক প্ৰহৰী নাটকখন বিখ্যাত স্পেনীয় সাহিত্যিক মেগুবেল ডি ছাৰ্ভেণ্টিছনৰ The Vigilant Sentinel নাটকৰ অসমীয়া অভিযোজনা। তদুপৰি গ্ৰীক নাট্যকাৰ চফক্লিছৰ ৰজা ইডিপাছ আৰু ফৰাচী সাহিত্যৰ শ্ৰেষ্ঠ কমেডি নাট্যকাৰ মলিয়েৰৰ কোকলোঙা যোগেন চেতিয়াৰ আন দুখন অনূদিত নাটক।
উল্লেখযোগ্য যে নাট্যকাৰ চেতিয়াই শিশু নাট ৰচনাতো হাত দিছিল। ভাকুটকুট তেওঁৰ একমাত্ৰ শিশু নাটৰ সংকলন। পৰবৰ্তী সময়ত নাট্যকাৰগৰাকীৰ তিনিখন একাংকিকা নাট আৰু দুখন অনূদিত নাটকেৰে যোগেন চেতিয়াৰ নিৰ্বাচিত একাংকিকা শীৰ্ষকেৰে একত্ৰ সংকলন এটিও প্ৰকাশ হৈ ওলাইছে।
এজন সুদক্ষ নাট্য সমালোচক হিচাপেও যোগেন চেতিয়াই অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত নিজ প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। তেখেতে ৰচনা কৰা নাট্যকলাৰ দিশ নিৰ্ণয়কাৰী গ্ৰন্থ দুখন হৈছে আধুনিক নাট্য-কলা আৰু নাটকৰ ৰূপ-ৰীতি আৰু মঞ্চায়ন।১
চেতিয়াৰ প্ৰায়কেইখন নাটকৰে ৰচনা তথা প্ৰকাশৰ চন, তাৰিখ সম্পৰ্কে স্পষ্ট তথ্য পোৱা নাযায়। সংখ্যাত কম হ'লেও যুগান্তকাৰী নাটক ৰচনাৰে যোগেন চেতিয়াই অসমীয়া নাট্য জগতৰ এছোৱা সোণালী সময় সমৃদ্ধ কৰিছে।
সহায়ক গ্ৰন্থপঞ্জী
- যোগেন চেতিয়াৰ নিৰ্বাচিত একাংকিকা, তিলোত্তমা চেতিয়া,(প্ৰকাশক) ঋদ্ধি প্ৰকাশন, কাৰেং পথ, জয়সাগৰ-৭৮৫৬৬৫, শিৱসাগৰ, পৰিবৰ্দ্ধিত প্ৰকাশ, ১ এপ্ৰিল, ২০০৮
- ছশ বছৰৰ অসমীয়া নাটক: পৰম্পৰা আৰু পৰিৱৰ্তন, অজিৎ শইকীয়া(সম্পা.) পথাৰ (সামাজিক-সাংস্কৃতিক কৰ্ষণভূমি), দুলীয়াজান, অসম, দ্বিতীয় প্ৰকাশ, ২০১৪#
- অসমীয়া নাট্য সাহিত্য, সত্যেন্দ্ৰনাথ শৰ্মা,সৌমাৰ প্ৰকাশ, বিহাবাৰী, গুৱাহাটী-৮, প্ৰথম সংস্কৰণ, ১৯৬২,অষ্টম সংস্কৰণ, ২০০০
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন চেতিয়া” প্ৰবন্ধৰ সংশোধন ৫২৬৮৪২ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।