সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷১ তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷২
জন্ম আৰু শিক্ষা
তেখেতৰ জন্ম হয় ১৯৭৭ চনৰ ১ ফেব্ৰুৱাৰীত৷ তেখেতে ১৯৯৮ চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেখেতে ২০১০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘দেউৰী ভাষা সম্প্ৰদায়ৰ এক সমাজ ভাষাতাত্ত্বিক অধ্যয়ন’ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷৩
প্ৰকাশিত সাহিত্যৰাজি
- দেউৰি-অহমিয়া নক্চা চ্চুিববঁ (দেউৰী-অসমীয়া চিত্ৰ শব্দাৱলী), Central Institute of Indian Languages, ২০১৪
- দেউৰী ভাষাৰ ব্যাকৰণ, ২০১৫
- দেউৰী ভাষা আৰু সমাজ, ২০১৫
- Studies in globalisation and tribal life in India, Lakshi Publishers & Distributors, New Delhi, ২০১৫
- জিম’চাঁয়া-অহমিয়া চ্চিবাঁ-য়েৰুবঁ (দ্বিভাষিক দেউৰী-অসমীয়া কুঁহিপাঠ), প্লেনেট ইংক, ২০১৫
অনুবাদ
- ৰাছিয়াৰ চিঠি (মূলঃৰবীন্দ্ৰনাথ ঠাকুৰ), নবেল পাব্লিচাৰ্ছ, ২০১৫
সম্পাদনা
- ‘চন্দ্ৰ বৰপাত্ৰ গোহাঁই গল্প সমগ্ৰ’ (সম্পাদনা সহযোগীঃ জ্যোতি বুঢ়াগোহাঁই দত্ত), পূৰ্বায়ণ প্ৰকাশন, ২০২০
- Sarvagunakar (সম্পাদনা সহযোগীঃ বিবেকানন্দ চৌধুৰী), ২০২০
- শ্ৰীমন্ত শংকৰদৱে আৰু তেওঁৰ সময়, মিতালী অফছেট প্ৰিণ্টাৰ্ছ, ২০১৮
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪৬৪৭৪৭ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।