অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ষ্টেন বৰুৱা

ষ্টেন বৰুৱা (১৯১৮ - ১৯৮৯)ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল।

হালনাগাদ: ১৫ মে’ ২০২০ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ষ্টেন বৰুৱা (১৯১৮ - ১৯৮৯)ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল। ১৯৪২ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশ হিচাপে ৰেলৰ আলি বগৰোৱাৰ অপৰাধত তিনিবছৰৰ কাৰাদণ্ড ভোগে। ভাৰত স্বাধীন হোৱাৰ পিছত বিপ্লৱী কমিউনিষ্ট পাৰ্টি বেআইনী ঘোষিত হোৱাত কেইবাছৰো আত্মগোপন কৰি আছিল কিন্তু ১৯৫০ চনত ধৰা পৰাত এবছৰৰ বাবে কাৰাবাস হয়। পিছলৈ তেখেতে ১৯৮০-৮৫ চনৰ অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সমৰ্থন কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেন বৰুৱা” প্ৰবন্ধৰ সংশোধন ২২৭৯৪২ (১৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।