শান্তা ৰাও ( Shanta Rao; আনুমানিক ১৯২৫১ – ২৮ ডিচেম্বৰ ২০০৭) ভাৰতৰ এগৰাকী নৃত্যশিল্পী। কথকলি, ভাৰতনাট্যম আৰু কুচিপুড়ি অধ্যয়ন আৰু পৰিবেশন কৰিছিল। ধ্ৰুপদী নৃত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী, সংগীত নাটক অকাডেমী বঁটা২ আৰু কালিদাস সন্মানেৰে সন্মানিত কৰা হয়।৩ ১৯২৫ চনত বম্বেত (বৰ্তমান মুম্বাই)৪ জন্মগ্ৰহণ কৰা ৰাৱে তাত আৰু বাংগালুৰুত বসবাস কৰিছিল। ২০০৭ চনৰ ২৮ ডিচেম্বৰত বাংগালুৰুৰ মালেশ্বৰমৰ বাসগৃহত তেওঁৰ মৃত্যু হয়।৫
জীৱন আৰু কৰ্ম
১৯২৫ চনৰ আশে-পাশে এক সাৰস্বত ব্ৰাহ্মণৰ ঘৰত শান্ত ৰাওৰ জন্ম হৈছিল। ১৯৩৯ চনত ৰাৱে এজন সংৰক্ষকৰ সৈতে কেৰালা কলামণ্ডলমত অধ্যয়ন কৰিবলৈ যাত্ৰা কৰে।৬ ১৯৪০ চনত ত্ৰিশূৰত তেওঁ কথকলিৰ প্ৰথম প্ৰদৰ্শন কৰে।৭
ৰাৱে মীনাক্ষীসুন্দৰম পিল্লাইৰ ওচৰত ভৰতনাট্যমৰ শিক্ষা লৈছিল।৮ ১৯৪২ চনত মাদ্ৰাচৰ মিউজিক একাডেমীত ভাৰতনাট্যমৰ অভিষেক হয়। ৰাৱে ভেম্পতী চিন্না সত্যমৰ অধীনত কুচিপুড়িৰ শিক্ষা লৈছিল।৯
সন্মান
- ১৯৭০: সংগীত নাটক একাডেমী বঁটা (ভাৰতনাট্যম)।
- ১৯৭১: পদ্মশ্ৰী
তথ্যসূত্ৰ
- ↑ Shanta Rao. Sahapedia
- ↑ SNA: List of Akademi Awardees. সংগীত নাটক একাডেমী Official website
- ↑ Kalidas Award Holders (Classical Dance). Department of Culture, Government of Madhya Pradesh
- ↑ Selma Jeanne Cohen; Dance Perspectives Foundation. (1998). International encyclopedia of dance: a project of Dance Perspectives Foundation, Inc. Oxford University Press. ISBN 978-0-19-512309-8
- ↑ Dr. Sunil Kothari. (16 May 2008). Remembering the one and only Shanta Rao. Narthaki
- ↑ The Sunil Kothari Column - Remembering the one and only Shanta Rao - Dr. Sunil Kothari. narthaki.com
- ↑ Kothari, Sunil. (2019-06-17). Paucity of archival material threatens legacy of Kathakali dancer Shanta Rao. The Asian Age
- ↑ 676 Ashoke Chatterjee, A perfect stillness: the art of Shanta Rao. www.india-seminar.com
- ↑ (25 March 2021). Interview with Shanta Rao
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা ৰাও” প্ৰবন্ধৰ সংশোধন ৫৪৬৬৬৮ (১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।