অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সঞ্জয় মালহোত্ৰা

সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সঞ্জয় মালহোত্ৰা (Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল। ১৯৯০ চনৰ ৰাজস্থান কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জয় মালহোত্ৰাই পূৰ্বতে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগত সচিব পদত অধিষ্ঠিত হৈছিল।১ ইয়াৰ পূৰ্বে তেওঁ গ্ৰাম্য বিদ্যুৎ নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আৰু শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই কাৰ্যকালৰ পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ হিচাপে নিযুক্তি দিয়া হয়।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৬৮ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰাজস্থানৰ বিকানেৰত সঞ্জয় মালহোত্ৰাই জন্ম গ্ৰহণ কৰিছিল। তেওঁ কানপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞানত প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ The Bureau, The Hindu. (2024-12-09). Who is Sanjay Malhotra, the next RBI chief?. The Hindu
  2. ↑ www.livemint.com/economy/india-appoints-revenue-
  3. ↑ (2024-12-09). ‘Calm influence’: Revenue Secretary Sanjay Malhotra next RBI Governor. The Indian Express
  4. ↑ Sanjay Malhotra: कौन हैं RBI के नए गवर्नर संजय मल्होत्रा, जो शक्तिकांत दास की लेंगे जगह - Sanjay Malhotra: Who is RBI's new governor Sanjay Malhotra, who will replace Shaktikanta Das. Jagran
  5. ↑ (2024-12-10). Who is Sanjay Malhotra? The new RBI Governor: Here's a look at his educational journey from IIT Kanpur to Princeton. The Times of India

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ ব্যক্তিভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জয় মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৪৫৪২৩৫ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।