অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৈলী সিং

শৈলী সিং (Shaili Singh; জন্ম: ৭ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় এথলীট যি লং জাম্প ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ তেওঁৰ বয়স গোটৰ শ্ৰেণীত কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়ন আৰু ১৮-অনুৰ্ধ শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২০জন লং জাম্পাৰৰ ভিতৰত স্থান লাভ কৰিছে।

হালনাগাদ: ২৮ আগষ্ট ২০২১ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শৈলী সিং (Shaili Singh; জন্ম: ৭ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় এথলীট যি লং জাম্প ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ তেওঁৰ বয়স গোটৰ শ্ৰেণীত কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়ন আৰু ১৮-অনুৰ্ধ শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২০জন লং জাম্পাৰৰ ভিতৰত স্থান লাভ কৰিছে।১২ তেওঁ ১৮-অনুৰ্ধ শ্ৰেণীত লং জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তেওঁক প্ৰবীণ ভাৰতীয় লং জাম্পাৰ অঞ্জু ববী জৰ্জ আৰু তেওঁৰ স্বামী ৰবাৰ্ট ববী জৰ্জৰ অধীনত প্ৰশিক্ষণ লয়।৩

প্ৰাৰম্ভিক জীৱন

শৈলী সিঙৰ জন্ম ২০০৪ চনৰ ৭ জানুৱাৰীত ভাৰতৰ উত্তৰ প্ৰদেশৰ ঝাঞ্চিত হৈছিল। তেওঁক তিনিটা সন্তানৰ একক অভিভাৱক মাতৃ বিনিতা সিঙে ডাঙৰ-দীঘল কৰিছিল। বিনীতা সিং পেছাত এগৰাকী সৰু উদ্যোগী।১২

সিঙে ১৪ বছৰ বয়সত অঞ্জু ববী জৰ্জ স্পৰ্টছ ফাউণ্ডেশ্যনত প্ৰশিক্ষণ ল'বলৈ বেংগালুৰুলৈ যায়।৪ সিঙে জৰ্জ দম্পতীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰে।৫২

কেৰিয়াৰ

শৈলী সিঙে ২০১৮ চনত ৰাঁচীত অনুষ্ঠিত জুনিয়ৰ নেচনেল এথলেটিকছ চেম্পিয়নশ্বিপত ১৬-অনুৰ্ধ শ্ৰেণীত লং জাম্পত সোণৰ পদক লাভ কৰিছিল, য'ত তেওঁ জুনিয়ৰ লং জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ৫.৯৪ মিটাৰেৰে নতুন অভিলেখ গঢ়িছিল। ২০১৯ চনত তেওঁ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত অনুষ্ঠিত জুনিয়ৰ নেচনেল এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰিবলৈ ৬.১৫ মিটাৰ জঁপিয়াই ১৮-অনুৰ্ধত নিজৰ অভিলেখ উন্নত কৰিছিল। ইয়াৰ ফলত তেওঁ ২০২০ চনত আইএএএফ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে।৬ ভাৰতৰ তদানীন্তন ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ সফলতাৰ বাবে তেওঁলৈ এক অভিনন্দন বাৰ্তা টুইট কৰিছিল।৭২ ২০২১ চনৰ জুন মাহত পাটিয়ালাত অনুষ্ঠিত ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ (ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক) প্ৰতিযোগিতাত শৈলীয়ে ৬.৪৮ মিটাৰ জঁপিয়াই এক নতুন ২০-অনুৰ্ধ অভিলেখ গঢ়ি লং জাম্প ইভেণ্টত বিজয়ী হৈছিল। তেওঁ ২০২১ চনৰ আগষ্টত বিশ্ব এথলেটিকছ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।৮

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা

২০২১বিশ্ব এথলেটিকছ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপনাইৰোবি, কেনিয়া২য়লং জাম্প

তথ্যসূত্ৰ

  1. ↑ (2019-11-05). Long Jumper Shaili Broke Two National Records. Is She The Next Big Thing In Indian Athletics?. IndiaTimes
  2. ↑ शैली सिंह: भारतीय एथलीटों की दुनिया का चमकता सितारा. BBC News हिंदी
  3. ↑ Coach tips Olympics future for teen prodigy Shaili Singh. The New Indian Express
  4. ↑ Jr National Athletics: Long Jumper Shaili Singh Breaks National Record - SheThePeople TV
  5. ↑ Rayan, Stan. (2019-01-25). Shaili Singh: Made for the long jump. The Hindu
  6. ↑ (2019-11-07). Long-jumping and breaking records: Shaili Singh, remember the name. The Indian Express
  7. ↑ ANI. (2019-11-05). Rijiju lauds Shaili Singh for scripting national record. Business Standard India
  8. ↑ (2021-08-27). World Athletics U20 silver medallist Shaili Singh celebrates return to India with impromptu dance-Sports News, Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈলী সিং” প্ৰবন্ধৰ সংশোধন ২৯২৭৮৪ (২৮ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।