অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যদুমণিদেৱ

যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল। তেওঁ এগৰাকী ডফলা সম্প্ৰদায়ৰ আৰু এজন যৱন লোকক শৰণ দিয়ে। তেওঁৰ দ্বাৰা ৰচিত গীত আৰু ঘোষাসমূহ বৰগীতৰ দৰে মাধুৰ্যপূৰ্ণ।১

জন্ম

যদুমণি আতাৰ জন্ম হয় ১৪৮৬ চনত গোভীৰ গ্ৰামত।২

শিক্ষা

যদুমণিদেৱ বৈষ্ণৱ সঙ্গত ঘূৰি ফুৰে আৰু খৰঙা দেশলৈ গৈ নানা বাদ্য-যন্ত্ৰৰ শিক্ষা লয়।

সাহিত্যৰাজি

নাটক

  • ফাল্গু-যাত্ৰা

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, সম্পা:মহেশ্বৰ নেওগ,পৃষ্ঠা নং ১৬০
  2. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, সম্পা:মহেশ্বৰ নেওগ,পৃষ্ঠা নং ১৬০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিভাৰতৰ ধৰ্মীয় গুৰুনৱবৈষ্ণৱ ধৰ্মঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখকভক্তি আন্দোলনহিন্দু সন্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যদুমণিদেৱ” প্ৰবন্ধৰ সংশোধন ৪৬৪১০২ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।