অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৌমিতা দত্ত

মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।

হালনাগাদ: ৮ মে’ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)। ২০১৪ চনৰ বিখ্যাত মংগল গ্ৰহৰ কক্ষপথ অভিযান মিছনৰ লগত তেখেত জড়িত আছিল। মংগলযান মিচনৰ পাঁচটা পেইলোডৰ এটা পেইলোডৰ(Payload) বিকাশৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল।১

সংক্ষিপ্ত জীৱনী

দত্ত কলিকতাত ডাঙৰ-দীঘল হৈছিল।২ ছাত্ৰী অৱস্থাতেই তেখেতে চন্দ্ৰযান-১ অভিযানৰ বিষয়ে পঢ়িবলৈ পাইছিল। আৰু ২০০৪ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল।১পদাৰ্থ বিজ্ঞানৰ প্ৰতি থকা বিশেষ আকৰ্ষণে দত্তক অভিযন্তা হ'বলৈ প্ৰেৰণা যোগাইছিল।৩ তেখেতে মংগল অভিযান প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিচাপে কাম কৰিছে।৪ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰাজাবাজৰ বিজ্ঞআন মহাবিদ্যালয়ৰ পৰা মৌমিতা দত্তই প্ৰায়োগিক পদাৰ্থ বিজ্ঞানত এম.টেক. ডিগ্ৰী অৰ্জন কৰে।৪ ২০০৬ চনত তেখেতে আহমেদাবাদস্থিত Space Applications Centreত যোগদান কৰে। তেতিয়াৰপৰাই তেখেত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ লগত জড়িত হৈ আছে। যেনে-oceansat, Resourcesat, HySAT, চন্দ্ৰযান-১ আৰু মংগল গ্ৰহৰ কক্ষপথ অভিযান। তেখেতেক "মিথেন সংবেদক"ৰ প্ৰকল্প সঞ্চালক হিচাপে নিৰ্বাচন কৰা হৈছিল আৰু সংবেদকটোৰ সম্পূৰ্ণ আলোকীয় প্ৰণালী, বিকাশৰ দায়িত্ব প্ৰদান কৰা হৈছিল।৩ "মেক ইন ইণ্ডিয়া"ৰ আধাৰত তেখেতে বৰ্তমান আলোকীয় সৰঞ্জামৰ দেশীয় বিকাশৰ ক্ষেত্ৰত কাম কৰি আছে। তেখেতৰ গৱেষণাৰ ক্ষেত্ৰ গেছ সংবেদকৰ ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণৰ লগত জড়িত য'ত আলোকক্ষেত্ৰৰ কিছুমান আধুনিকতম প্ৰযুক্তি ব্যৱহাৰ হয়।৫

বঁটা

  • ২০০৭ চনত যুৱ বিজ্ঞানী বঁটা।
  • ২০১৫ চনত মংগলযান অভিযানলৈ(The Mars Orbiter Mission) আগবঢ়োৱা অৰিহণাৰ বাবে ইছৰ' দলীয় বঁটা।৬

ৰাপ

মহাকাশ বিজ্ঞানী হোৱাৰ উপৰিও মৌমিতা দত্তৰ সাহিত্য, সৃজনীশীল ৰচনা, আবৃত্তি আৰু সংগীতত ৰাপ আছে।৭

তথ্যসূত্ৰ

  1. ↑ Kiser, Barbara. (29 November 2017). Rocket woman. A view From the Bridge. Nature.com
  2. ↑ Daswani, Divia Thani. (2016-03-01). The women of ISRO. VOGUE India
  3. ↑ Agarwal, Ipsita. (17 March 2017). These Scientists Sent a Rocket to Mars for Less Than It Cost to Make "The Martian". Wired
  4. ↑ Devnath, Vinay. (16 February 2017). 8 Hardworking ISRO Women Scientists Who Are Breaking The Space Ceilings With Their Work. Storypick
  5. ↑ (January 2017). Women-Power Moms of Mars Mission. Corporate Citizen
  6. ↑ WOMAN POWER: MOMS of Mars Mission
  7. ↑ theinterviewportal.com/2017/06/15/space-scientis

সম্পৰ্কিত শ্ৰেণী

মহিলা পদাৰ্থ বিজ্ঞানীভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত ব্যক্তিমহিলা বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌমিতা দত্ত” প্ৰবন্ধৰ সংশোধন ৬০৫৪৫৬ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।