অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বাহিদা পাৰবীন

শ্বাহিদা পাৰবীন (ইংৰাজী: Shahida Parveen; ১৯৫৩ – ১৪ মাৰ্চ ২০০৩) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু লোক-গায়িকা। তেওঁক দ্য কুইন অৱ কাফি নামেৰে জনা গৈছিল।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শ্বাহিদা পাৰবীন (ইংৰাজী: Shahida Parveen; ১৯৫৩ – ১৪ মাৰ্চ ২০০৩) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু লোক-গায়িকা।১ তেওঁক দ্য কুইন অৱ কাফি নামেৰে জনা গৈছিল।২

প্ৰাৰম্ভিক জীৱন

১৯৫৩ চনত পাকিস্তানৰ লাহোৰত শ্বাহিদাৰ জন্ম হৈছিল। শ্বাহিদাৰ মাতৃ জাহিদা পাৰবীন এগৰাকী শাস্ত্ৰীয় গায়িকা।[3] শ্বাহিদাই মাকৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয় আৰু পিছলৈ পাটিয়ালা ঘৰানাৰ প্ৰশিক্ষণ বিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰে।১

প্ৰশিক্ষণ বিদ্যালয়ত সংগীত অধ্যয়ন কৰি অমানত আলী খান আৰু হামিদ আলী খানৰ পিতৃ উস্তাদ আখতাৰ হুছেইনৰ গজল আৰু চুফী শৈলীৰ সংগীতৰ প্ৰশিক্ষণ লাভ কৰে। পিছলৈ পাকিস্তানৰ সুপৰিচিত শাস্ত্ৰীয় গায়ক ছোটে গোলাম আলী খানৰ পৰা গীত আৰু কাৱালীৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।৩১

কৰ্মজীৱন

শ্বাহিদাই লাহোৰস্থিত ৰেডিঅ' পাকিস্তানত শাস্ত্ৰীয় সংগীত আৰু চুফী কবিতাৰ গীত গাবলৈ আৰম্ভ কৰে।৪ পিছলৈ তেওঁ ৰেডিঅ’ত গজল গাবলৈ আৰম্ভ কৰে আৰু জনপ্ৰিয় হৈ পৰা জুহুৰ নাজাৰে ৰচনা কৰা গজল দীপক ৰাগ হেঁ চাহত আপনি পৰিবেশন কৰে। ১৯৭০ চনত হিজ মাষ্টাৰছ ভইচ (এইচএমভি) ৰেডিঅ' আৰু মঞ্চত কাফি গীত গোৱাৰ বাবে তেওঁক দ্য কুইন অৱ কাফি (কাফীৰ ৰাণী) নামেৰে অভিহিত কৰা হয়।২

১৯৮৬ চনত তেওঁ পাকিস্তানী টেলিভিছন (পিটিভি) অনুষ্ঠানত গীত গাবলৈ আৰম্ভ কৰে আৰু তেওঁৰ এটা অনুষ্ঠান পায়ল ঔৰ সৰগম বেছ জনপ্ৰিয় হয়।৫ তাৰ পিছত ব্যক্তিগত অনুষ্ঠান আৰু উৎসৱত তেওঁ কাৱালী গাবলৈ আৰম্ভ কৰে আৰু নব্বৈৰ দশকত দূৰদৰ্শনত গীত গাবলৈ আৰম্ভ কৰে।৬

ব্যক্তিগত জীৱন

শ্বাহিদাৰ বিবাহ সম্পন্ন হৈছিল আৰু তেওঁৰ দুগৰাকী কন্যা আছিল।১

অসুস্থতা আৰু মৃত্যু

বৃক্কৰ সমস্যা হোৱাত সৈইখ জায়েদ হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰথমতে তেওঁৰ অৱস্থা ভাল হৈছিল যদিও পিছত স্বাস্থ্যৰ অৱনতি ঘটিছিল।১

এসপ্তাহজোৰা অসুস্থতাৰ বাবে ২০০৩ চনৰ ১৪ মাৰ্চত ৫০ বছৰ বয়সত শ্বাহিদাৰ মৃত্যু হয় আৰু মিয়ানি চাহাব কবৰস্থানত মাতৃৰ কবৰৰ কাষতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।১৭৮

বঁটা

বৰ্ষবঁটাশাখাফলাফলশিৰোনামতথ্যসূত্ৰ
২০০৪প্ৰাইড অৱ পাৰ্ফমেন্স বঁটাপাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰাকলা৭

তথ্যসূত্ৰ

  1. ↑ (March 10, 2023). Noted singer Shahida Parveen passes away. Dawn News
  2. ↑ The Herald - Volume 22, Issues 7-12. Pakistan Herald Publications. পৃ. 152
  3. ↑ (13 March 2003). شاہدہ پروین کی وفات. Tareekh-e-Pakistan website
  4. ↑ Lahore: A Musical Companion. M. Saeed Malik. পৃ. 77
  5. ↑ South and Southeast Asia Video Archive Holdings Issue 5. University of Wisconsin--Madison. পৃ. 79
  6. ↑ Continuum Encyclopedia of Popular Music of the World: Asia and Oceania. The University of Michigan. পৃ. 123
  7. ↑ (13 March 2024). Death anniversary of Shahida Parveen observed. Radio Pakistan website
  8. ↑ Economic Review Volume 35. University of Michigan. পৃ. 15

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহিদা পাৰবীন” প্ৰবন্ধৰ সংশোধন ৫৪৪৩২৪ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।