লক্ষ্মী ছায়া ( Laxmi Chhaya; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল।
শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল। অভিনয় কৰা মহম্মদ ৰফিৰ "জান পেচান হো" ছবিখনত মুখা পিন্ধা নৃত্যশিল্পী হিচাপে অভিনয় কৰি নিজৰ পৰিচয় এটা তৈয়াৰ কৰে। তেওঁৰ সৰ্বোচ্চ সমালোচনাত্মক সফলতা লাভ কৰে তিচৰি মঞ্জিল (১৯৬৬), দুনিয়া (১৯৬৮), আয়া সৱন ঝুম কে (১৯৬৯), মেৰা গাওঁ মেৰা দেশ (১৯৭১)১, আৰু ৰাস্তে কা পত্থৰত (১৯৭২) তেওঁ সমালোচনাত্মক সফলতা পায়।২৩
১৯৫৮ চনৰ পৰা ১৯৮৬ চনলৈকে ছায়া সক্ৰিয় আছিল। এই সময়ছোৱাত তেওঁ ১০০ৰো অধিক ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নৃত্য শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। ২০০৪ চনত ৫৬ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।৪
তথ্যসূত্ৰ
- ↑ Scroll Staff. When Dharmendra saved a village from dacoits before 'Sholay'. Scroll.in
- ↑ Teesri Manzil · Indian Cinema. uiowa.edu
- ↑ Pandya, Sonal. 5 unforgettable songs filmed on Laxmi Chhaya. Cinestaan
- ↑ (29 April 2009). My ten favorite Laxmi Chhaya songs. MemsaabStory
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী ছায়া” প্ৰবন্ধৰ সংশোধন ৪৯০৮৩৭ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।