শিৱানন্দ কাকতি (Sibananda Kakoti) এগৰাকী অসমীয়া গল্পকাৰ১ তথা চৰকাৰী চাকৰিয়াল। সত্তৰৰ দশকত একাংকিকা আৰু অনাতাঁৰ নাট লিখি তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।২ নব্বৈৰ দশকত তেওঁ গল্পকাৰ ৰূপে আত্মপৰিচয় দিয়ে। ১৯৯০ চনত পষেক নামৰ আলোচনীত তেওঁৰ প্ৰথমটো গল্প আমৃত্যু অমৃত প্ৰকাশ পাইছিল। একে নামৰ গল্প সংকলনখনৰ বাবে ১৯৯৫ চনত তেওঁ মুনীন বৰকটকী বঁটা লাভ কৰিছিল। পুনৰ ২০০৪ চনত জলছবিত শেষ সাজ শীৰ্ষক গল্পটোৰ বাবে তেওঁ সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত হৈছিল।
১৯৫৮ চনত নগাঁও জিলাৰ শেতালিত শিৱানন্দ কাকতিৰ জন্ম হৈছিল। ২
সাহিত্য কৃতি
গল্প-সংকলন
- আমৃত্যু অমৃত (১৯৯৬)
- গাগিনী তোৰ পানী কিমান (২০০০)
- বৰদৈচিলা (২০০১)
- জলছবিত শেষ সাঁজ (২০০৭)
- বৰণীয়া আলিবাট
- আলিবাটত
- আয়ু যায় আলে-জালে
- আয়ু যায় আলে-জালে (২০২২)
নাটকৰ সংকলন
- কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক (১৯৯৮)
প্ৰৱন্ধ সংকলন
- স্বৰাজোত্তৰ নগাঁও: নিবন্ধমালা (১৯৯৮)
- সৰ্বগুণাকৰ (১৯৯৯)
তথ্যসূত্ৰ
- ↑ Sentinel Digital Desk. (1 September, 2022). Short film 'A journey from darkness to light' screened in Nagaon. Sentinel Assam
- ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. পৃ. ২৬২. ISBN 81-89148-14-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱানন্দ কাকতি” প্ৰবন্ধৰ সংশোধন ৪৩৬৩৫৮ (৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।