লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ৰাজৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত কটন বিশ্ববিদ্যালয়ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মীকান্ত বৰুৱা” প্ৰবন্ধৰ সংশোধন ২৫৬২৭২ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।