অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীকান্ত কিদাম্বি

শ্ৰীকান্ত কিদাম্বি (Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্ৰীকান্ত কিদাম্বি (Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত১ আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে। ২০১৪ চনৰ চীন অপেন চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ ফাইনেলত লিন ডেনক ২১-১৯, ২১-১৭ পয়েণ্টত হৰুৱাই তেওঁ প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ খিতাব জয় কৰে।২ শ্ৰীকান্ত হায়দৰাবাদৰ গোপী চান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ তথা অনুশীলন কৰে আৰু বেংগালোৰৰ৩ গ' স্পোৰ্টচৰ দ্বাৰা স্পন্সৰড। তদুপৰি লি-নিং নামৰ সংস্থা এটায়ো তেওঁক স্পনচৰ কৰে।৪

প্ৰাৰম্ভিক জীৱন

শ্ৰীকান্ত কিদাম্বি ৭ ফেব্ৰুৱাৰী ১৯৯৩ চনত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত জন্মৰ্ৰহন কৰে। তেওঁৰ পিতৃ কে.ভি. কিদাম্বি এজন জমিদাৰ আৰু মাতৃ ৰাধা এগৰাকী গৃহবধূ। .৫ শ্ৰীকান্তৰ ককায়েক নন্দগোপালো এজন বেডমিণ্টন খেলুৱৈ।৬

তথ্যসূত্ৰ

  1. ↑ Badminton World Federation
  2. ↑ Saina Nehwal, Kidambi Srikanth Win China Open Titles
  3. ↑ GoSports Foundation
  4. ↑ When brain fever almost got Kidambi Srikanth. The Times of India
  5. ↑ Dev Sukumar. (21 December 2012). sportskeeda.com
  6. ↑ Brothers from Guntur create history. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বেডমিণ্টন খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীকান্ত কিদাম্বি” প্ৰবন্ধৰ সংশোধন ৫২৪৮১৪ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।