লিয়া ডিস্কিন(Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ১২ এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক। ২০২০ চনত তেওঁ “বিগত চাৰিটা দশক ধৰি গান্ধীবাদী শান্তি আৰু অহিংসাৰ মূল্যবোধৰ প্ৰসাৰৰ কামত সক্ৰিয়ভাৱে জড়িত’’ থকাৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে।৩৪
প্ৰাথমিক জীৱন
১৯৫০ চনৰ ২৭ অক্টোবৰত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰা লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিনৰ দেউতাকৰ ফালৰ ককাক-আইতাক আছিল ৰাছিয়ান আৰু মাতৃ বুলগেৰিয়ান৫। ২১ বছৰ বয়সত তেওঁ ব্ৰাজিললৈ প্ৰব্ৰজন কৰে। আমেৰিকাত পঢ়া-শুনা কৰিবলৈ যোৱা স্বামী বাচিলিঅ'ৰ বাবে আৰ্জেণ্টিনাৰ একনায়কত্ববাদৰ সময়ত তেওঁ তেওঁলৈ অপেক্ষা কৰিছিল।
বঁটা আৰু সন্মান
- ২০১০: ভাৰতৰ বাহিৰত গান্ধীবাদী মূল্যবোধৰ প্ৰচাৰৰ বাবে জামনালাল বাজাজ বঁটা৬
- ২০২০: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী
তথ্যসূত্ৰ
- ↑ Lia Diskin - Museu da Pessoa. '''
- ↑ Kachani, Morris. (2019-06-04). O Poder da Meditação. Estadão
- ↑ (26 January 2020). Who are the two Brazilian women who have been awarded Padma Shri?. IANS. The Economic Times
- ↑ (26 January 2020). India honours 2 Brazilian women with Padma Shri. The News Indian Express
- ↑ (2010-04-01). Operária da paz. '''
- ↑ Lia Diskin - Jamnalal Bajaj International Award 2010 Recipient - Promoting Gandhian Values Outside India. Jamnalal Bajaj Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিয়া ডিস্কিন” প্ৰবন্ধৰ সংশোধন ৪৩৯৭৬৯ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।