জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বলজিন্দৰ কৌৰ
বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।
-
বসুন্ধৰা তেৱাৰী ব্ৰুটা
বসুন্ধৰা তেৱাৰী ব্ৰুটা (জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী যিয়ে এগৰাকী নাৰীৰ ধাৰণা আৰু নাৰী শৰীৰৰ মানসিক-ৰাজনৈতিক অস্তিত্বৰ ওপৰত ভিত্তি পৰম্পৰাগত প্ৰাকৃতিক দৃশ্য, সুন্দৰ অৰ্থৰ সৈতে স্থিৰ জীৱন অংকণ কৰে। ১৯৮২-৮৪ চনৰ ভিতৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰা সাংস্কৃতিক বৃত্তিৰ কাম কৰিছিল।
-
বাণী ভজন
বাণী ভজন (Vani Bhojan) হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি)-ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল।
-
বাৰ্টলী পি. গ্ৰিফিথ
বাৰ্টলী পি গ্ৰিফিথ(Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক। তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট।
-
বি. বিজয়ালক্ষ্মী
বি. বিজয়ালাক্ষ্মী (১৯৫২ –১২ মে', ১৯৮৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সত্ত্বেও তেখেতৰ বৈজ্ঞানিক অনুসন্ধিৎসা আৰু জিজ্ঞাসু মানসিকতাৰ হীনদেঢ়ি ঘটা নাছিল।
-
বিক্ৰমাদিত্য মটৱানে
বিক্ৰমাদিত্য মটৱানে (Vikramaditya Motwane)(জন্ম ৬ ডিচেম্বৰ ১৯৭৬) হিন্দী চিনেমাৰ লগত জড়িত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। উৰান (২০১০), লুটেৰা (২০১৩), ট্ৰেপড (২০১৭) আৰু ভৱেশ যোশী ছুপাৰহিৰো (২০১৮) আদি ছবিৰ বাবে তেওঁ পৰিচিত।
-
বিজয় মালাকাৰ
বিজয় মালাকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ অসম বিধানসভাৰ নিৰ্বাচনৰ(২০১৯ চনৰ উপ-নিৰ্বাচনত) ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাতাবাৰী বিধান সভা সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
-
বিজু নিংগোম্বম
বিজু নিংগোম্বম এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মণিপুৰী ছবিত অভিনয় কৰে। ২০১৪ চনৰ ছবি মীৰাং মহুমত তেওঁৰ প্ৰথম ৰূপালী পৰ্দাত অভিনয় কৰিছিল, য'ত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ২০১৫ চনৰ ছবি Ashileibakki Hero ৰ পৰা আৰম্ভ কৰি তেওঁ বৈশিষ্ট্যপূৰ্ণ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
বিদ্যা পঞ্চানন
বিদ্যা পঞ্চানন (ইংৰাজী:Bidya Panchanan)এগৰাকী কবি আছিল। এওঁৰ প্ৰকৃত নাম জনা নাযায়।
-
বিন্দ্যাৰাণী দেৱী
বিন্দ্যাৰাণী দেৱী সোৰোখাইবাম (Bindyarani Devi Sorokhaibam; জন্ম:২৭ জানুৱাৰী ১৯৯৯) ভাৰতৰ এগৰাকী ভাৰোত্তোলক। তেওঁ ৫৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বীতা কৰে। তেওঁ ২০১৯ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত স্বৰ্ণপদক আৰু ২০২১ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বীপত ৰূপৰ পদক অৰ্জন কৰে।
-
বিমান চন্দ্ৰ চেতিয়া
বিমান চন্দ্ৰ চেতিয়া তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory
-
বিমী
বিমী Vimi; ১৯৪৩
-
বিশাখা দত্ত
বিশাখা দত্ত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সাংবাদিক। তেওঁ লিংগ, যৌনতা আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা মুম্বাইস্থিত পইণ্ট অৱ ভিউৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা।
-
বিশাল কৃষ্ণ
বিশাল কৃষ্ণ ৰেড্ডি (విశాల్ కృష్ణుడు రెడ్డి, விஷால்) (জন্ম আগষ্ট ২৯, ১৯৭৭) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷
-
বীৰবল চাহনী
বীৰবল চাহনী(Birbal Sahni) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী।
-
বীৰেন্দ্ৰ সেহৱাগ
বীৰেন্দ্ৰ সেহৱাগ ( वीरेन्द्र सहवाग), (জন্ম: ২০ অক্টোবৰ ১৯৭৮) ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ এজন প্ৰখ্যাত খেলুৱৈ। বীৰু, নাজাফগড়ৰ নবাব আৰু আধুনিক ক্ৰিকেটৰ জেন মাষ্টাৰ নামেৰেও তেওঁ পৰিচিত। ১৯৯৯ চনত এদিনীয়া আন্তৰ্জাতিক মেচত তেওঁৰ অভিষেক ঘটে আৰু ২০০১ চনত ভাৰতীয় টেষ্ট ক্ৰিকেট দলত স্থান লাভ কৰে।
-
ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম
ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম (Brajendra Kumar Brahma); এজন প্ৰসিদ্ধ লেখক। তেওঁ মূলতঃ বড়ো ভাষাত পুথি ৰচনা কৰে। তেওঁ ২০১৫ চনত বাইদি ডেনখো বায়দি গাব নামৰ এটা কবিতা সংকলন সম্পাদনা কৰে। তেওঁক বাইদি ডেনখো বায়দি গাব নামৰ কবিতা সংকলনটো ৰচনা কৰাৰ বাবে বড়ো সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।
-
ব্ৰজেন্দ্ৰনাথ শীল
ব্ৰজেন্দ্ৰনাথ শীল (ইংৰাজী: Brajendra Nath Seal) এগৰাকী ভাৰতীয় বঙালী দাৰ্শনিক আছিল।
-
ভগৱন্ত সিং মান
ভগৱন্ত সিং মান (জন্ম: ১৭ অক্টোবৰ ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ তথা পঞ্জাৱৰ ১৭তম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ পঞ্জাৱৰ কেবিনেট মন্ত্ৰালয়ৰ নেতৃত্ব বহন কৰি আছে। তেওঁ এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু ব্যংগকাৰ। তেওঁ পূৰ্বতে লোকসভালৈ দুবাৰকৈ মনোনীত হৈছে।
-
ভবানন্দ দত্ত
ভবানন্দ দত্ত (Bhabanonda Dutta) অসমৰ এগৰাকী বাস্তৱবাদী কবি আছিল। তেখেতৰ ছদ্মনাম নচিকেতা।
-
ভমিদিপতি সাই প্ৰনীত
ভামিদিপতি সাই প্ৰনীত (Bhamidipati Sai Praneeth; জন্ম: ১০ আগষ্ট ১৯৯২) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১৯৮৩ চনত প্ৰকাশ পাডুকনৰ পিছত ২০১৯ চনত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তেওঁ ৩৬ বছৰৰ ভিতৰত প্ৰথম ভাৰতীয় পুৰুষ শ্বাটলাৰ হয়। ২০১৯ চনত সাই প্ৰনীতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।
-
ভলুম্নিয়া চিথেৰিচ
ভলুম্নিয়া চিথেৰিচ (খ্ৰীঃ পূঃ ১শ শতিকা) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু মাইম নৃত্যশিল্পী আছিল। তেওঁ বিশেষকৈ কেইজনমান খ্যাতনামা ৰোমান ব্যক্তিৰ উপপত্নী হিচাপে জনাজাত। সম্ভৱত খ্ৰীঃ পূঃ ৭০ চনৰ আশে-পাশে জন্মগ্ৰহণ কৰা, চিথেৰিচ মূলতঃ পুব্লিয়ুছ ভলুম্নিউছ ইউট্ৰাপেলিয়ুছৰ দাসী আছিল,
-
ভাগৱত আচাৰ্য
ভাগৱত আচাৰ্য উত্তৰ-শংকৰী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক। তেওঁ নিজকে শ্ৰী শ্ৰী হৰিদেৱ ৰ শিষ্য বুলি পৰিচয় দি থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ত ভাগৱত আচাৰ্য সম্ভৱতঃ তেওঁৰ উপাধি বুলিহে উল্লেখ কৰিছে। ভাগৱত আচাৰ্যৰ পিতৃৰ নাম হৰিমিশ্ৰ।
-
ভাগৱত পেটেল
ভাগৱত পেটেল ( – ৮ ফেব্ৰুৱাৰী ২০১৯) মধ্যপ্ৰদেশৰ এজন ৰাজনীতিবিদ আছিল। তেঁও বেতুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
ভাডষ্টেনাৰ কেথেৰিন
ছুইডেনৰ কেথেৰিন, কাটাৰিনা এভ ভাডষ্টেনা, ভাডষ্টেনাৰ কেথেৰিন বা কাটাৰিনা উলফছডটাৰ (প্ৰায় ১৩৩২ – ২৪ মাৰ্চ ১৩৮১) ছুইডেনৰ এগৰাকী সম্ভ্ৰান্ত মহিলা আছিল। ৰোমান কেথলিক গীৰ্জাত তেওঁক এগৰাকী সন্ত হিচাপে পূজা কৰা হয়।
-
ভাণ্ডিন
ভাণ্ডিন মিথিলা ৰাজ্যৰ ৰজা জনকৰ দৰবাৰত ৰাজকীয় আচাৰ্য আছিল। কিছুমান নথি-পত্ৰত তেওঁৰ নাম ভাণ্ডী বা বাণ্ডি বুলি লিখা আছে। তেওঁ এজন জ্ঞানী পণ্ডিত আছিল, যিয়ে মিথিলাৰ ৰজা জনকৰ দৰবাৰত অনুষ্ঠিত হোৱা শাস্ত্ৰ বিতৰ্কত বহু বৈদিক পণ্ডিতক পৰাস্ত কৰিছিল।
-
ভাৰতী আচৰেকৰ
ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।
-
ভি. এছ. সম্পথ
বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ভিপি সীমান্দিনী
ভি.পি. সীমান্দিনী এজন ডেজিগনেটেড জ্যেষ্ঠ অধিবক্,তা যিয়ে ১৯৭৬ চনৰ পৰা কেৰালাৰ উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত মূলতঃ সাংবিধানিক বিষয়ত অনুশীলন কৰি আহিছে।
-
ভূপেন বৰা
ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।