জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কমল হাজৰিকা
কমল হাজৰিকা (Kamal Hazarika) বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আছিল। তেওঁৰ অন্যতম অমৰ সৃষ্টি হিচাপে পৰিগণিত হোৱা ‘চেনাই মই যাওঁ দেই’ গীতটোত কণ্ঠশিল্পী দীপালি বৰঠাকুৰে কণ্ঠদান কৰিছিল।
-
কমলা কোটনিছ
কমলা কোটনিছ ( Kamala Kotnis; ১৯২৮ – ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪০ দশকত তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত মুক্তি পোৱা হম এক হ্যায় ছবিখনত দেৱ আনন্দৰ প্ৰথম নায়িকা হিচাপেও তেওঁ উল্লেখযোগ্য।
-
কমলালয়া কাকতি
কমলালয়া কাকতি(Kamalalaya Kakoti) হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতি'ৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
কহোদা
কহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল। তেওঁ আছিল মিথিলা অঞ্চলৰ বেদৰ আচাৰ্য। ভাৰতীয় বিখ্যাত দাৰ্শনিক অষ্টবক্ৰৰ পিতৃ।
-
কাঞ্চনা (অভিনেত্ৰী)
কাঞ্চনা ( Kanchana; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা নামেৰে সুপৰিচিত আছিল। বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি.
-
কান্তা গুপ্তা
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬) আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।
-
কাবেৰী কছাৰী
কাবেৰী কছাৰী (ইংৰাজী: Kaberi Kachari) নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ মহিলা শাখাৰ মুৰব্বী আছিল। তেওঁ সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ পত্নী। তেওঁ কলেজীয়া দিনৰে পৰাই কাব্যিক উৎকৰ্ষতাৰ বাবে পৰিচিত আছিল।
-
কাৱেৰী ঝা
কাৱেৰী ঝা এগৰাকী ভাৰতীয় মডেল, চলচ্চিত্ৰ অভিনেত্ৰী আৰু বিমান পৰিচাৰিকা। তেওঁ হিন্দী আৰু তেলুগু ভাষাৰ ছবিত কাম কৰে।
-
কুলনাথ গগৈ
কুলনাথ গগৈ (Kulanath Gogoi) অসমৰ এগৰাকী অনুবাদক আৰু সাহিত্যিক। তেওঁ মূলতঃ বাংলা সাহিত্যৰ কালজয়ী সৃষ্টিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য জগতলৈ এক অনৱদ্য অৱদান আগবঢ়াইছে। ১৯৯৫ চনত তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে।
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
কুশ (পৌৰাণিক)
কুশ হিন্দু পৌৰাণিক কাহিনীৰ এজন চন্দ্ৰবংশী ৰজা। তেওঁৰ কুশনাভ(যি পিছলৈ ৰাজৰ্ষি কুশনাভ হৈছিল)ৰ পিতৃ।
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
কৃতিকা কামৰা
কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত। কৃতিকাই মধ্যপ্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় টেলিভিছনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প্ৰসাৰ ঘতাবলৈ সক্ষম হৈছিল কৃতিকাই।
-
কৃষ্ণ কুমাৰী কোহলী
কৃষ্ণ কুমাৰী কোহলী ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰ মাৰ্চ মাহৰপৰা পাকিস্তানৰ ছিনেটৰ সদস্য হিচাপে কাম কৰি আহিছে। এই পদত অধিষ্ঠিত তেওঁ দ্বিতীয়গৰাকী হিন্দু মহিলা।
-
কৃষ্ণ দাস
কৃষ্ণ দাস (Krishna Das; জন্ম ১২ অক্টোবৰ ১৯৯০) এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ এজন সোঁহতীয়া ফাষ্ট-মেডিয়াম বলাৰ। তেওঁ ২০০৫-০৬ চনৰ ৰঞ্জি ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়।
-
কেকী অধিকাৰী
কেকী অধিকাৰী (केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল।
-
কেশৱ কায়স্থ
কেশৱ কায়স্থ (Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।
-
কেশৱ বলিৰাম হেডগেৱাৰ
ডা° কেশৱ বলিৰাম হেডগেৱাৰ (K.B.Hedgewar) আছিল এজন দেশভক্ত। কেশৱে বাল্য কালতে সীতা মঢ়ী দুৰ্গাৰ পৰা ইংৰাজৰ পতাকা নমাবৰ কাৰণে সুৰংগ খন্দাৰ দৰে দুঃসাহসিক কামৰ জৰিয়তে প্ৰখৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত উত্তেজিত ভাষণ দিয়া বাবে ইংৰাজ চৰকাৰে তেওঁক কাৰাবাস দিছিল।
-
কৌশিক ৰায়
কৌশিক ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষ্মীপুৰ বিধানসভা সমষ্টি পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু নিৰ্বাচিত হয়।
-
ক্ষুদিৰাম বসু
ক্ষুদিৰাম বসু (বাংলা: ক্ষুদিব়াম বসু, ইংৰাজী: Khudiram Bose; ৩ ডিচেম্বৰ ১৮৮৯ – ১১ আগষ্ট ১৯০৮) ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয়-বাঙালী বিপ্লৱী। প্ৰফুল্ল চাকিৰ সৈতে ক্ষুদিৰামে গাড়ীত থকা বুলি ভাবি ব্ৰিটিছ ন্যায়াধীশ আৰু দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰিছিল।
-
কৱীন্দ্ৰ পাত্ৰ
কৱীন্দ্ৰ পাত্ৰ (? - ১৬২৮) অসমৰ পশ্চিম অঞ্চলৰ লোক। পিতৃদত্ত নাম আছিল বাণীনাথ। কোচ ৰজা বিশ্বসংহৰ দ্বাৰ পণ্ডিত আৰু মন্ত্ৰী আছিল। পিতামহ নৰহৰি আৰু বিশ্বসিংহৰ গুৰু সাৰ্বভৌম ভট্টাচাৰ্যৰ ওচৰত শিক্ষা লোৱাৰ পাছত কৱীন্দ্ৰ নাম পায়।
-
গজেন নৰহ
গজেন নৰহ (ইংৰাজী: Gajen Narah) মিচিং আৰু অৰুণাচলৰ আদি জনগোষ্ঠীৰ ভাষাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। গজেন নৰহে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰি গৈছে।
-
গাগিনী ডেকা মহন্ত
গাগিনী ডেকা মহন্ত (?-১৭৭০)-ৰ জন্ম হৈছিল মায়ামৰা সত্ৰত। তেওঁৰ দেউতাক আছিল সন্তভুজ। সন্তভুজ অষ্টভুজ নামেৰেও জনাজাত আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৰগাঁৱৰ পৰা ৰংপুৰলৈ যাওঁতে বাটতে ৰজাক সোধপোচ কৰাত দোষ কৰা বুলি ধৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এওঁক অপমান কৰিছিল আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল।
-
গায়ত্ৰীবালা পাণ্ডা
গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
গালেৰিয়া কোপিঅ'লা
গালেৰিয়া কোপিঅ'লা (৯৬ খ্ৰীঃ পূঃ – খ্ৰীঃ ৯ বা তাৰ পাছত) এগৰাকী প্ৰাচীন ৰোমৰ নৰ্তকী এম্বোলিআৰিয়া আৰু অভিনেত্ৰী আছিল, যাক প্লিনিয়ে তেওঁৰ ন্যাচুৰেল হিষ্ট্ৰী গ্ৰন্থত প্ৰসিদ্ধ নৱ্বৈ বছৰীয়া আৰু শতিকাব্যাপী জীৱিত ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।
-
গিয়াচুদ্দিন
গিয়াচুদ্দিন(১৬-১৭ শতিকা)ৰ তেওঁ ইছলাম ধৰ্মাৱলম্বীৰ লোক আছিল। পিতৃ আছিল আবুবকৰ। ১৬১৪ চনত ঢাকাৰ নবাবে হাজোৰ শাসনকৰ্তা পৰীক্ষিত নাৰায়ণক দমন কৰাৰ উদ্দেশ্যে সৈন্যদল পঠিয়াইছিল। সেই সৈন্যদলৰ অন্যতম সেনাপতি আছিল আবুবকৰ। গিয়াচুদ্দিনো আবুবকৰৰ লগতেই অসমলৈ আহিছিল।
-
গীতা হাতীকাকতি
গীতা হাতীকাকতি ( Gita Hatikakoti) এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল।
-
গুঞ্জন চাক্সেনা
গুঞ্জন চাক্সেনা (জন্ম ১৯৭৫) সমুখ সমৰত উৰাজাহাজ চলোৱা প্ৰথম মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ মূল ভূমিকা আছিল কাৰ্গিলৰ পৰা আহতসকলক উলিয়াই অনা, সামগ্ৰী পৰিবহণ কৰা, আৰু চোৰাংচোৱাগিৰিত সহায় কৰা।
-
গুণাকৰ দেৱ গোস্বামী
গুণাকৰ দেৱ গোস্বামী (Gunakar Dev Goswami, ১৯৬৯-) এগৰাকী অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। তেখেতে এইচ. কানাইলাল, এইচ. সাবিত্ৰী দেৱী, ললিত চন্দ্ৰ নাথ ওজা আদিৰ পৰা নাটকৰ শিক্ষা লাভ কৰিছে। সত্ৰীয়া নৃত্য, অঙ্কীয়া ভাওনা আৰু ওজাপালি-দেওধনী আদি বিষয়তো শিক্ষা লাভ কৰিছে।
-
গৌহেৰ চুলতানা
গৌহেৰ চুলতানা ( Gouher Sultana; জন্ম: ৩১ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। চুলতানাৰ জন্ম হায়দৰাবাদত। তেওঁ ভাৰতৰ ২১ বছৰ অনূৰ্ধ্ব মহিলা দল, আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মূলতঃ বাঁওহাতৰ গতানুগতিক স্পিন বলাৰ হিচাপে খেলিছে।