অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেশৱ বলিৰাম হেডগেৱাৰ

ডা° কেশৱ বলিৰাম হেডগেৱাৰ (K.B.Hedgewar) আছিল এজন দেশভক্ত। কেশৱে বাল্য কালতে সীতা মঢ়ী দুৰ্গাৰ পৰা ইংৰাজৰ পতাকা নমাবৰ কাৰণে সুৰংগ খন্দাৰ দৰে দুঃসাহসিক কামৰ জৰিয়তে প্ৰখৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত উত্তেজিত ভাষণ দিয়া বাবে ইংৰাজ চৰকাৰে তেওঁক কাৰাবাস দিছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডা° কেশৱ বলিৰাম হেডগেৱাৰ (K.B.Hedgewar) আছিল এজন দেশভক্ত। কেশৱে বাল্য কালতে সীতা মঢ়ী দুৰ্গাৰ পৰা ইংৰাজৰ পতাকা নমাবৰ কাৰণে সুৰংগ খন্দাৰ দৰে দুঃসাহসিক কামৰ জৰিয়তে প্ৰখৰ দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত উত্তেজিত ভাষণ দিয়া বাবে ইংৰাজ চৰকাৰে তেওঁক কাৰাবাস দিছিল।১'''

জম্ম আৰু বংশ পৰিচয়

ডা° কেশৱ বলিৰাম হেডগেৱাৰ ৰ জন্ম হয় ১৮৮৯ চনৰ ১ এপ্ৰিল তাৰিখে নাগপুৰত। তেওঁৰ পিতৃৰ নাম পণ্ডিত বলিৰাম হেডগেৱাৰ আৰু মাতৃৰ নাম ৰেৱতী বাঈ।২

কৰ্ম

কেশৱ বলিৰাম হেডগেৱাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপনাৰে সম্পূৰ্ণ হিন্দু সমাজক সুসংগঠিত সংস্কাৰিত কৰি সম্পূৰ্ণ ৰাষ্ট্ৰীয় জাগৰণৰ দৰে অদ্বিতীয় কাম কৰিছিল। ১৯২৫ চনৰ বিজয় দশমীৰ দিনা নাগপুৰুষৰ মোহিতৰ বাড়া নামৰ স্থানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপন কৰে।৩

মৃত্যু

১৯৪০ চনৰ ২১ জুনৰ পুৱা ৯ বাজি ২৭ মিনিটত হেডগেৱাৰ দেৱে অমৰধামলৈ গতি কৰে।৪

তথ্যসূত্ৰ

  1. ↑ অখিল ভাৰতীয় সংস্কৃতি জ্ঞান পৰীক্ষা, পৃষ্ঠা নং ৪৮
  2. ↑ অখিল ভাৰতীয় সংস্কৃতি জ্ঞান পৰীক্ষা, পৃষ্ঠা নং ৪৮
  3. ↑ অখিল ভাৰতীয় সংস্কৃতি জ্ঞান পৰীক্ষা, পৃষ্ঠা নং ৪৮
  4. ↑ অখিল ভাৰতীয় সংস্কৃতি জ্ঞান পৰীক্ষা, পৃষ্ঠা নং ৪৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ বলিৰাম হেডগেৱাৰ” প্ৰবন্ধৰ সংশোধন ৫২৭২৮৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।