কৃষ্ণ দাস (Krishna Das; জন্ম ১২ অক্টোবৰ ১৯৯০) এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম ক্ৰিকেট দলৰ হৈ খেলে।১ তেওঁ এজন সোঁহতীয়া ফাষ্ট-মেডিয়াম বলাৰ। তেওঁ ২০০৫-০৬ চনৰ ৰঞ্জি ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। ২০০৯ চনত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট দলত প্ৰতিনিধিত্ব কৰিছিল। আনহাতে, ২০১৫-১৬ চনৰ ঘৰুৱা চৈয়দ মুস্তাক আলী ট্ৰফীত তেওঁ প্ৰথম টুৱেণ্টী২০ খেলিছিল।২
তথ্যসূত্ৰ
- ↑ Krishna Das. ESPN Cricinfo
- ↑ Syed Mushtaq Ali Trophy, Group C: Assam v Baroda at Vadodara, Jan 2, 2016. ESPN Cricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ দাস” প্ৰবন্ধৰ সংশোধন ৫৭০১১৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।