কেকী অধিকাৰী (केकी अधिकारी; জন্ম: ১৭ ডিচেম্বৰ, ১৯৮৯) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী।১ তেওঁ ইতিমধ্যে কেইবাটাও সংগীত ভিডিঅ’, দূৰদৰ্শন বিজ্ঞাপন, ছপা বিজ্ঞাপন আৰু নেপালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে সংগীত ভিডিঅ’ত অভিনয় কৰিছিল। তেওঁৰ অভিনীত প্ৰথমখন ছবি আছিল স্বৰ, য'ত তেওঁ অভিনেতা ৰাজ বল্লভ কৈৰালাৰ বিপৰীতে অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আই এম ছৰী, মাছান,২ মায়াকো বাৰীমা, মহছুছ, বিতেকা পল৩ আৰু মেৰো বেষ্ট ফ্ৰেণ্ডৰ দৰে ছবিসমূহত অভিনয় কৰি ভূয়সী প্ৰশংসা লাভ কৰে।৪ শেহতীয়াকৈ তেওঁ সাহিত্যিক তথা গৱেষক সত্যমোহন জোশীৰ দ্বাৰা ৰচিত ঐতিহাসিক নাট চাৰুমতীত অভিনয়েৰে থিয়েটাৰ জগততো আত্মপ্ৰকাশ কৰে।৫
ব্যক্তিগত জীৱন
২০২২ চনৰ ২১ এপ্ৰিল তাৰিখে, অধিকাৰীয়ে প্ৰেমিক ৰোহিত তিৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
শিক্ষা
২০১৬ চনত কেকি অধিকাৰীয়ে কাঠমাণ্ডু জিলাৰ বানেশ্বৰৰ থাপাগাঁৱত অৱস্থিত প্ৰেচিডেন্সিয়েল বিজনেছ স্কুলৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনাত এম বি এ ডিগ্ৰী লাভ কৰে।৬ তেওঁ ২০১৩ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায়ত স্নাতক ডিগ্ৰী আৰু প্ৰাইম কলেজৰ পৰা ইনফৰ্মেশ্যন মেনেজমেণ্ট (বি আই এম)ত স্নাতক ডিগ্ৰী লাভ কৰে।৭
চলচ্চিত্ৰপুঞ্জী
| এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে |
| Films | ||||
|---|---|---|---|---|
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | টোকা | তথ্যসূত্ৰ |
| ২০১০ | স্বৰ | ৰাজবল্লভ কৈৰালাৰ বিপৰীতে | ||
| ২০১১ | মাছান | হেলেন | গোপাল প্ৰসাদ ৰিমলৰ নাটকৰ ওপৰত আধাৰিত | |
| ২০১২ | আই এম ছৰী | শ্ৰুতি | আৰ্যন চিগডেলৰ বিপৰীতে | |
| ২০১৩ | মহছুছ | আৰ্যন চিগডেলৰ বিপৰীতে | ||
| ২০১৪ | বিতেকা পল | নীমা/নুমা | পৰিচালক সুৰজ চুব্বা নল্বো | |
| ২০১৪ | মেৰো বেষ্ট ফ্ৰেইণ্ড | বিশেষ উপস্থিতি | ||
| ২০১৪ | শ্ৰী পাচ আম্বাৰে | সৌগাত মাল্লাৰ বিপৰীতে | ||
| ২০১৪ | মুটু-দ্য হাৰ্ট বিলংচ্ টু ইউ | বিমলেশ অধিকাৰীৰ বিপৰীতে | ||
| ২০১৫ | ফাংকো | মিঠু | ||
| ২০১৫ | বাগমতী | |||
| ২০১৫ | পুনৰ্জন্ম | |||
| ২০১৬ | ভাগ চানী ভাগ | চানী | ||
| ২০১৬ | হাউ ফানী | পুষ্পা | ||
| ২০১৬ | সাবিত্ৰী | সাবিত্ৰী | ভৱানী ভিক্ষু ৰচিত টাইপিষ্টৰ আধাৰত নিৰ্মিত চুটি ছবি | |
| ২০১৭ | ঘামপানী | ৮ | ||
| ২০১৭ | লালটিন | |||
| ২০১৭ | ঐশৰ্য | |||
| ২০১৭ | লাভ সাশ্বা | সাশ্বা | কৰ্ম প্ৰেম কাহিনী ৰোমাঞ্চ ধাৰাৰ বিপৰীতে | |
| ২০১৮ | ৰাজ্জা ৰাণী | ৰাণী | নাজিৰ হুছেইনৰ বিপৰীতে | |
| ২০১৮ | গাওঁকী ছ'ৰী | |||
| ২০১৮ | নাই নভন্নু লা ৫ | ৯ | ||
| ২০১৮ | কোহলপুৰ এক্সপ্ৰেছ | লগতে এগৰাকী প্ৰযোজকো | ||
| ২০১৯ | ছ মায়া ছপক্বাই | জাল | দিপক ৰাজ গিৰিৰ বিপৰীতে | |
| ২০২২ | ঝিংগেদাউ | সীতা | ১০ | |
| ২০২৪ | ব'ক্সী কো ঘৰ | ১১১২ |
বঁটা
| + বঁটাসমূহৰ তালিকা | ||||
| বৰ্ষ | অনুষ্ঠান | শিতান | কৰ্ম | ফলাফল |
|---|---|---|---|---|
| ২০১৬ | ৮ম ডিচিনে বঁটা ২০১৬ | সমালোচকৰ বঁটা | বিজয়ী১৩ | |
| ২০১৬ | এনএফডিচি বঁটা ২০১৬ | শ্ৰেষ্ঠ অভিনেত্ৰী | ভাগ চানী ভাগ | ১৪ |
| ২০১৬ | এলজি চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | ভাগ চানী ভাগ | ১৫ |
তথ্যসূত্ৰ
- ↑ (11 June 2017). Keki Adhikari – Nepaliactress.com. Nepaliactress.com
- ↑ (4 November 2011). A new taste. The Himalayan Times
- ↑ Biteka Pal – Music Video
- ↑ Music Video – Mero Best Friend. Keki.info
- ↑ Anand Nepal. (27 February 2014). Keki Adhikari to be featured as Charumati in her debut play. Xnepali.net
- ↑ Anand Nepal. (31 July 2016). Keki Adhikari graduates with an MBA degree. xnepali.net
- ↑ keki-work-with-Nitin-Chand/. keki.info
- ↑ Mahat, Sunny. (2021-09-06). Movie Review · Ghampani: A not-to-miss social drama. The Annapurna Express
- ↑ Pyakurel, Diwakar. (2018-08-26). Nai Nabhannu La 5 movie review: A beautiful love story kills its own crux. Online Khabar
- ↑ (2023-06-11). नेपाल ग्रामीण चलचित्र महोत्सवमा 'झिंगेदाउ' उत्कृष्ट फिल्म, मुकुन र दीया उत्कृष्ट अभिनेता-अभिनेत्री. Setopati
- ↑ Ghimire, Anish. (2024-05-01). Uncomfortable truths. The Kathmandu Post
- ↑ मोक्तान, रीना. (2024-04-02). केकीकै लागि बनेको 'बोक्सीको घर'. Kantipur Publications
- ↑ (August 2016). आर्यन र नम्रता फेरि उत्कृष्ट, 'क्लासिक' बर्षकै उत्कृष्ट चलचित्र(फोटो फिचरसहित). onlinekhabar.com
- ↑ (August 2016). क्लासिक र प्रेमगीतको चर्को भिडन्त, 'पशुपति प्रसाद र कबड्डी कबड्डी' पनि कम छैनन्. onlinekhabar.com
- ↑ (August 2016). डीसीको अवार्डमा नम्रतादेखि साम्राज्ञीको प्रतिस्पर्धा, मनोनयमा ५ फिल्मको वर्चस्व. onlinekhabar.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেকী অধিকাৰী” প্ৰবন্ধৰ সংশোধন ৬০৫৬৯৭ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।